Wednesday , January 23 2019
শেহতীয়া খবৰ
Home / Business / বহিঃ ৰাজ্যৰ পৰা গামোচা আমদানি বন্ধ কৰাৰ বাবে আলোচনা

বহিঃ ৰাজ্যৰ পৰা গামোচা আমদানি বন্ধ কৰাৰ বাবে আলোচনা

গুৱাহাটীৰ প্ৰতিবেদক_ অসমৰ শিপিনী সকলৰ বৃহৎ স্বাৰ্থৰ কথা আগত ৰাখি অসমীয়া জাতিৰ স্বভিমানৰ প্ৰতীক “গামোচা ” বহিঃ ৰাজ্যৰ পৰা আমদানি বন্ধ কৰাৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাবে এই বস্ত্ৰ ব্যৱসায়ৰ সৈতে জড়িত ব্যক্তি আৰু সংস্থা সমূহৰ সৈতে Implementation of The Handloom (Reservation of Articles for production) Act 1985 সম্পৰ্কীয় আলোচনা হয় ৷ এই আলোচনা কালত বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গৰ লগতে অসম চেম্বাৰচ্ অব কমাৰ্চ , অসম টেক্সটাইল মাৰ্চেন্ট এছচিয়েচনৰ কৰ্মকৰ্তা আৰু ব্যৱসায়ী উপস্থিত থাকে ৷ ৰাজ্যত প্ৰয়োজনীয় ক্ৰমবৰ্ধিত গামোচাৰ চাহিদা পূৰণৰ নিমিত্তে আৰ্টফেড , বিভিন্ন আত্মসহায়ক গোট সমূহৰ লগতে হস্ততাঁত ব্স্ত্ৰ বিভাগৰ বোৱাকটা কেন্দ্ৰ সমূহক পৰ্যাপ্ত পৰিমানে উৎপাদন বৃদ্ধি কৰিবলৈ সুবিধা প্ৰদানৰ ওপৰত সিদ্ধান্ত লোৱা হয় ৷

About Staff Reporter

চাব পাৰে

কল্পৰ উদ্যোগত “কল্পবৃক্ষ”

  ষ্টাফ ৰিপোৰ্টাৰ।।। ২১ জানুৱাৰী।।। সাহিত্য, কলা- সংস্কৃতি আৰু সামাজিক সংহতিৰ প্ৰসাৰৰ অনুষ্ঠান কল্পই গুৱাহাটীত …

Leave a Reply

Your email address will not be published. Required fields are marked *