Wednesday , January 29 2020
Home / Uncategorized / বহি:ৰাজ্যলৈ কৰ্মসংস্হাপনৰ প্ৰলোভনেৰে কিশোৰী নিয়াৰ অপপ্ৰচেষ্টা ,আটক -২

বহি:ৰাজ্যলৈ কৰ্মসংস্হাপনৰ প্ৰলোভনেৰে কিশোৰী নিয়াৰ অপপ্ৰচেষ্টা ,আটক -২

বহি:ৰাজ্যলৈ কৰ্মসংস্হাপনৰ প্ৰলোভনেৰে কিশোৰী নিয়াৰ অপপ্ৰচেষ্টা ,আটক -২।

উৰিয়ামঘাট : ধনশিৰি মহকুমাৰ উৰিয়ামঘাট গেলাজান গাৱৰ চাৰিজনীয়া এটা কিশোৰীৰ দল বহি:ৰাজ্যলৈ কৰ্মসংস্হাপন দিয়াৰ প্ৰলোভনেৰে নিয়াৰ অপচেষ্টা কৰোঁতে কিশোৰী কেইগৰাকীৰ অভিভাৱকৰ সচেতনাৰ বাবে সৰুপথাৰ ৰেল ষ্টেচনত উদ্ধাৰ হয় ।ঘটনাৰ বিৱৰণীৰ মতে নগালেণ্ডৰ উখা জিলাৰ বীনা মাৰ্জি (৩০) আৰু মেৰাপানীৰ ৰীনা প্ৰৰ্জ্জা(৪০)নামৰ দুগৰাকী যুৱতীয়ে দিল্লীত কাম কৰা বুলি জনাই উক্ত কিশোৰী কেইগৰাকীৰ লগত চিনাকী হয় । মাহে সাত হাজাৰকৈ দিল্লীত কাম দিব বুলি কৈ লৈ যোৱাৰ বন্দোবস্ত কৰে । সেইমতে গেলাজানৰ কিশোৰী ক্ৰমে মেৰি হাছদা (১৪) অনিতা দাণ্ভা(১৪) মল্লিকা বৰা(১৭) অনিচা বৰা(১৫) নামৰ ছোৱালী কেইগৰাকীয়ে অভিভাৱকৰ অজ্ঞাতে সৰুপথাৰ ষ্টেচনলৈ গৈ, নগালেণ্ডৰ উখাৰ যুৱতী দুগৰাকীৰ বাবে অপেক্ষা কৰি থাকে । সেইসময়তে কিশোৰী কেইগৰাকীৰ গাৱৰ এজন ব্যক্তিয়ে দেখা পাই কলৈ যাৱ বুলি সোধাত ব্যক্তি গৰাকীৰ ফোনৰ পৰা যুৱতী গৰাকীলৈ যোগাযোগ কৰে । যুৱকজনে সন্দেহ উপজাত কিশোৰী এগৰাকীৰ অভিভাৱকৰ লগত যোগাযোগ কৰি ঘৰলৈ লৈ আহে । ফোন কৰা যুৱতী দুগৰাকীক আটক কৰাৰ উদ্দেশ্যে পুনৰ কিশোৰী কেইগৰাকীক লৈ অভিভাৱক কেইজনমানে সৰুপথাৰ ষ্টেচনলৈ যায় আৰু তাতে যুৱতী দুগৰাকীক আটক কৰি আৰক্ষীক চমজাই দিয়ে ।ইতিমধ্যে উৰিয়ামঘাট থানাত যুৱতী দুগৰাকীৰ বিৰুদ্ধে 87/19 u/s 370/34 নম্বৰত এটা গোচৰ পঞ্জীয়ণ কৰিছে বুলি জানিব পৰা গৈছে ।

About Staff Reporter

চাব পাৰে

তৃতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ ষ্টাফৰিপৰ্টাৰ, ৩১ অক্টোবৰ : গুৱাহাটীৰ পাঞ্জাৱাৰিস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্রত বৃহস্পতি বাৰৰ পৰা আৰম্ভ হৈছে তৃতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। এই মহোৎসৱ বন্তি প্ৰজ্জলনেৰে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। অসম চৰকাৰে জ্যোতি চিত্ৰবনৰ উদ্যোগত ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টেলিভিচনৰ সহযোগত আয়োজন কৰা তৃতীয় গুৱাহাটী আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ আজি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মহোৎসৱৰ সফলতা কামনা কৰে। এই মহোৎসৱত দেশ বিদেশৰ বহু খ্যাতনামা চলচ্চিত্ৰ নিৰ্মাতা,শিল্পী,কলা-কুশলী তথা চলচ্চিত্ৰ সমালোচকে অংশগ্ৰহণ কৰিছে।বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৬৫ খন দেশৰ প্ৰায় ১০০ৰো অধিক চলচ্চিত্ৰ এই মহোৎসৱত প্ৰদৰ্শন কৰা হ’ব।তৃতীয় গুৱাহাটী আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ সৰ্বতোপ্ৰকাৰৰ সাফল্যৰ বাবে সকলো চলচ্চিত্ৰপ্ৰেমী ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তা সকলে।

ষ্টাফৰিপৰ্টাৰ, ৩১ অক্টোবৰ : গুৱাহাটীৰ পাঞ্জাৱাৰিস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্রত বৃহস্পতি বাৰৰ পৰা আৰম্ভ হৈছে তৃতীয় …

Leave a Reply

Your email address will not be published. Required fields are marked *