Wednesday , December 11 2019
শেহতীয়া খবৰ
Home / সাহিত্য / বাংলা আলোচনী নয়া ঠহৰৰ পূজা সংখ্যা উন্মোচন

বাংলা আলোচনী নয়া ঠহৰৰ পূজা সংখ্যা উন্মোচন

ষ্টাফ ৰিপোৰ্টাৰ,,,২১ ছেপ্টেম্বৰ।। দিছপুৰ প্ৰেছ ক্লাৱত শুকুৰবাৰে জ্যেষ্ঠ সাংবাদিক অমল গুপ্তৰ সম্পাদিত বঙালী ভাষাৰ আলোচনী ‘নয়া ঠহৰ’ৰ পূজা সংখ্যা উন্মোচন কৰা হয়। আলোচনীৰ খন উন্মোচন কৰে ক্ৰমে লেখিকা, পদ্মশ্ৰী ড০ জয়শ্ৰী গোস্বামী মহন্ত, বিশিষ্ট চিকিৎসক, পদ্মশ্ৰী ইলিয়াছ আলী আৰু সাংবাদিক বিপুল শর্মাই। উন্মোচনী ভাষণত ড০ জয়শ্ৰী গোস্বামী মহন্তই কয়”- অমল গুপ্তৰ লগত মোৰ বহু দিনীয়া চিনাকি। অমল গুপ্তই অতি নিষ্ঠা সহকাৰে নয়া ঠহৰৰ কাম কৰি আছে। এই আলোচনী খন তেওঁৰ আত্মাৰ সৈতে জড়িত হৈ আছে।” আনহাতে, আন এগৰাকী উন্মোচক ডাঃ ইলিয়াছ আলীয়ে কয়-“এই আলোচনী খনৰ লগত মই বিগত আঠ বছৰে জড়িত হৈ আছোঁ। অমল গুপ্তৰ লগত মোৰ এটা খুব ঘৰুৱা সম্পৰ্ক আছে। তেওঁ গণতন্ত্ৰত বিশ্বাস কৰে আৰু মানুহৰ মাজত লৈ যাব চেষ্টা কৰে। মই তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ দীর্ঘায়ু কামনা কৰিলোঁ।” দিছপুৰ প্ৰেছ ক্লাৱৰ সম্পাদক কুঞ্জ মোহন ৰায় আৰু নয়া ঠহৰৰ সহকাৰী সম্পাদক ৰিংকী মজুমদাৰে আঁত ধৰা সভাখনত কবি নয়া ঠহৰৰ কেইবাগৰাকীও কৰ্মকর্তা উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

উত্তৰ-পূৱ গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থ উন্মোচন

  ষ্টাফৰিপৰ্টাৰ, ৩ নৱেম্বৰ : উত্তৰ-পূৱ গ্ৰন্থমেলাৰ বাকৰিত পাঞ্চজন্য প্ৰিণ্টিং আৰু পাব্লিকেশ্বনৰ বিপনীত দেওবাৰে উন্মোচন …

Leave a Reply

Your email address will not be published. Required fields are marked *