ষ্টাফ ৰিপোৰ্টাৰ,,,১৯ মে, বাজাজ অটোই দেওবাৰে আদাবাৰীস্থিত বাজাজৰ শ্ব’ৰূমত নতুন মটৰ চাইকেল ডমিনাৰ ৪০০ মুকলি কৰে। এই উপলক্ষে অনুষ্ঠিত এখন সংবাদমেলত উপস্থিত থাকি থাকি মেটেল বাইকছ বাজাজৰ পৰিচালন সঞ্চালক ৰাজেন্দ্ৰ সিং ৰাজপালে নতুন মটৰ চাইকেলখন মুকলি কৰি কয়- “এইখন মটৰ চাইকেল অৰ্থাৎ ডমিনাৰ ২০১৯ এতিয়া আমাৰ ডিলাৰ শ্বপত উপলব্ধ হ’ব। এৰোৰা গ্ৰীণ আৰু ভাইন ব্লেক ৰঙত পোৱা এই মটৰচাইকেল খনৰ ইঞ্জিন শক্তিশালী উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে। এই মটৰ চাইকেলখন যুৱ প্ৰজন্মক বাৰুকৈয়ে আকৰ্ষণ কৰিব পাৰিব।” সংবাদমেলত বাজাজৰ অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।