Tuesday , October 15 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / বানপানীৰ বাবে কাজিৰঙাত প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি

বানপানীৰ বাবে কাজিৰঙাত প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি

ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানঃ ৮০ শতাংশ প্লাৱিতঃ সম্পূৰ্ণ সাজু উদ্যান কতৃপক্ষঃ চালকক গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণ, স্থানীয় জনসাধাৰণক সজাগ আৰু সচেতন হ’বলৈ আহ্বানঃ

বোকাখাত, ১১ জুলাইঃ বছৰৰ প্ৰথমটো বানৰ কৱলত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৮০ শতাংশ ভূমি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ তলত ৷ ক্ৰমাৎ বাঢ়ি অহা ব্ৰহ্মপুত্ৰৰ বানপানীৰে মোকাবিলা কৰিবৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষ ৷ বানপানীৰ সময়ছোৱাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে উদ্যান কতৃপক্ষই ঘাইপথৰ ওপৰত ইতিমধ্যে বেৰিকেট স্থাপন কৰিছে ৷ বানপানীৰ সময়ছোৱাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বন্যপ্ৰাণী পাৰ হোৱালৈ লক্ষ্য ৰাখি ঘাইপথটোৰে অহা-যোৱা কৰা সৰু-বৰ গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে আহ্বান জনাইছে উদ্যানখনৰ সঞ্চালক পেৰিয়া স্বামী শিৱকুমাৰে ৷ উদ্যানৰ ভিতৰত সোমোৱা বাঢ়নী পানীয়ে উদ্যানৰ ভিতৰত থকা বন শিবিৰ সমূহৰ তলত সোমাইছে যদিও চিন্তাৰ কোনো কাৰণ নাই বুলি ‘আমি অসমৰ জনগণ’ক জানিবলৈ দিয়ে কাজিৰঙাৰ সঞ্চালকগৰাকীয়ে ৷ বানপানী ক্ৰমাৎ বাঢ়ি থাকিলে দুই-এদিনৰ ভিতৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা-যোৱা কৰা সৰু-বৰ গাড়ীসমূহক টাইম কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিব উদ্যান কতৃপক্ষই ৷ টাইম কাৰ্ড প্ৰৱৰ্তনৰ সময়ছোৱাত গাড়ীৰ গতিবেগ প্ৰতি ঘন্টাত ৪০ কিলোমিটাৰ কৰিব লাগিব বুলি সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়াৰ লগতে এনে নিয়ম ভঙ্গ কৰিলে ৫ হাজাৰ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব বুলিও সাংবাদিকৰ আগত সদৰি কৰে ৷ বানপানীৰ সময়ছোৱাত স্থানীয় জনসাধাৰণক বন্য জীৱজন্তুক সুৰক্ষা দিয়াৰ লগতে সজাগতা আৰু সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে ৷
বানপানীৰ সময়ছোৱাত বনকৰ্মীসকলে সকলোফালে চোকা দৃষ্টি ৰাখিবৰ বাবে উদ্যান কতৃপক্ষই ৮ খন স্প্ৰীট ব’থ, তিনিখন মেচিন নাও, ৩ শৰো অধিক হাত নাও সাজু কৰি ৰাখিছে ৷

দিব্যজ্যোতি হাজৰিকা, বোকাখাত ৷

About Staff Reporter

চাব পাৰে

ছবিগৃহ বিহিন জামুগুৰিহাটত আজি জুবিনৰ কাঞ্চনজংঘা

#ছবিগৃহ বিহিন জামুগুৰিহাটত আজি জুবিনৰ কাঞ্চনজংঘা৷ ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১৪ অক্টোবৰ: মুক্তিৰ পূৰ্ৱেই অসমৰ শদিয়াৰপৰা ধুবুৰীলৈ খলকনিৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *