Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / বামুণি গাঁৱত ৩৬ গৰাকী মহিলা উদ্যোগীক সম্বৰ্ধনা

বামুণি গাঁৱত ৩৬ গৰাকী মহিলা উদ্যোগীক সম্বৰ্ধনা

 

,
ষ্টাফৰিপোৰ্টাৰ,২৬ ফেব্ৰুৱাৰী।।।ইণ্টাৰগ্লোব ফাউণ্ডেশ্যনৰ পুঁজিৰে ধৃতি-“দ্যা কাৰেজ উইডইনে ৰূপায়ন কৰা প্ৰগতি প্ৰকল্পৰ অধীনত ক্ষুদ্ৰ উদ্যোগৰ আৰ্হিৰে মহিলাসকলক এশ শতাংশ প্ৰাকৃতিকভাৱে পচন হোৱা তামোলৰ পাতৰ প্লেট সাজি উলিয়াবলৈ মহিলা সকলক অন্তৰ্ভুক্তকৰণ কৰা হৈছে। ইয়াত ইণ্টাৰগ্লোব ফাউনণ্ডেচনে পুঁজি যোগান ধৰাৰ বিপৰীতে অসম ভিত্তিক তামোল প্লেট মাৰ্কেটিং প্ৰাইভেট লিমিটেডে কৰিকৰী সুবিধা আগবঢ়াইছে। সেয়ে বুধবাৰে অসমৰ কামৰূপ জিলাত অৱস্থিত বামুনিগাঁৱত এক অনুষ্ঠানত প্ৰগতি প্ৰকল্পৰ অংশ স্বৰূপে ৩৮ গৰাকী অসমৰ মহিলা উদ্যোগীক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানতে এইসকল মহিলাই স্থাপন কৰা দুটা আত্মসহায়ক গোটলৈ যন্ত্ৰাংশ প্ৰদান কৰা হয়। মহিলা সকলে তেওঁলোকৰ ব্যৱসায় সুস্থিৰ কৰিবলৈ সক্ষম হোৱাৰ সময়ত এই উক্ত অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠাতে ‘ফেচ অৱ দা ইণ্ডিয়ান”ৰো আয়োজন কৰা হয়। ইন্টাৰগ্লোব ফাউণ্ডেচনৰ তৰফৰ পৰা এই অনুষ্ঠানত উপস্থিত থাকে প্ৰিয়ংকা সিং আৰু দীপা দিক্ষিত। অনুষ্ঠান সম্পর্কে উল্লেখ কৰি ধৃতিৰ সঞ্চালক নিধি আৰোৰাই কয়”-বৰপেটাৰ পৰা আমি আমাৰ কাম আৰম্ভ কৰিছিলো তামোলৰ ঢকুৱাৰ পৰা প্লেট বনোৱা আমাৰ প্ৰথম প্ৰজেক্ট আছিল। ইয়াৰ উপৰিও আমি মহিলা সকলক মেচিন চলোৱাৰ ট্ৰেইনিং, নিজৰ ব্যবসায় কেনেকৈ চলাব লাগে, কেনেকৈ ধন ঘটি ধন ৰাহি কৰিব লাগে এই সকলো ধৰণৰ আমি প্ৰশিক্ষন মহিলা সকলক দিওঁ। আমাৰ উদ্দেশ্য মহিলা সকলে যাতে উদ্যোগিক ক্ষেত্ৰ খনত আগবাঢ়ি যাব পাৰে আৰু মহিলা উদ্যোগিতাক মানুহে ভালদৰে বুজি পায়”। সভাত বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

ত্ৰিপুৰাত ধৰা পৰিল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী*

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : ত্ৰিপুৰাতো ওলাল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী। ইতিমধ্যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *