Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / বিজনীত ড্ৰাগছসহ দুই সৰবৰাহকাৰী আটক

বিজনীত ড্ৰাগছসহ দুই সৰবৰাহকাৰী আটক

বিজনীত ড্ৰাগছসহ দুই সৰবৰাহকাৰী আটক

বঙাইগাঁওঃ ৭ নবেম্বৰঃ চিৰাং জিলাৰ বিজনীত বৃহস্পতিবাৰে সন্ধিয়া ৬ মান বজাত আৰক্ষীয়ে চলোৱা অভিযানত ড্ৰাগছসহ দুই সৰবৰাহকাৰী আটক হয়। বিজনী চহৰৰ পৰা শিয়ালমাৰী পথৰ দিশে গৈ থকা অবস্থাত ৩ নং ওৱাৰ্ডত আৰক্ষীয়ে এ এছ-১৯ জি ৪৮১৮ নম্বৰৰ এখন ইয়ন গাড়ীৰ পৰা ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক কৰে ৷ আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে জুবাই আহমেদ (২৫) আৰু মুছাৰফ খান (২০) । ইয়াৰে জুবাই আহমেদৰ ঘৰ বিজনীৰ কাৱাটিকাত আৰু মুছাৰফ খানৰ ঘৰ মাণিকপুৰ থানাৰ অন্তৰ্গত ২ নং ধুপুৰীত । আৰক্ষীয়ে সৰবৰাহকাৰী দুটাৰ পৰা ৮ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰে । জব্দকৃত ড্ৰাগছখিনিৰ পৰিমাণ ৮০০ মিলিগ্ৰাম । কোনো অজ্ঞাত লোকক ড্ৰাগছখিনি বিক্ৰীৰ উদ্দেশ্যে গাড়ীখনেৰে গৈ আছিল সৰবৰাহকাৰী দুটা । উল্লেখ্য যে জুবাই আহমেদ নামৰ যুৱকজনক ইয়াৰ পূৰ্বে বিজনী টোলগেটত ড্ৰাগছ বিক্ৰী কৰাৰ অভিযোগত বিজনী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিলে বুলি জানিব পৰা গৈছে ।

About Staff Reporter

চাব পাৰে

শ্ৰদ্ধাঞ্জলি

আজি ইং 18-11-19 তাৰিখ সোমবাৰে গড়পোট শ্ৰী শ্ৰী জগদ্ধাত্রী পূজা মণ্ডপত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন …

Leave a Reply

Your email address will not be published. Required fields are marked *