Thursday , November 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / বিজনী ৰাজ্যৰ মহীয়সী ৰাণী অভয়েশ্বৰীৰ ১০১ সংখ্যক মৃত্যু দিৱস উদযাপন

বিজনী ৰাজ্যৰ মহীয়সী ৰাণী অভয়েশ্বৰীৰ ১০১ সংখ্যক মৃত্যু দিৱস উদযাপন

বিজনী ৰাজ্যৰ মহীয়সী ৰাণী অভয়েশ্বৰীৰ ১০১ সংখ্যক মৃত্যু দিৱস উদযাপন

বঙাইগাঁওঃ ১৭ অক্টোৱৰঃ ঐতিহাসিক বিজনী ৰাজ্যৰ প্ৰজাবৎসল মহীয়সী ৰাণী অভয়েশ্বৰী দেৱীৰ ১০১ সংখ্যক মৃত্যু দিৱস আজি অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত উদযাপন কৰা হয় ৷ এই উপলক্ষে পুৱা ৰাণী অভয়েশ্বৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিদ্যালয়ৰ অধ্যক্ষা মীনাকুমাৰী মণ্ডলে৷ ভাষণ প্ৰসংগত তেওঁ মহীয়সী ৰাণী অভয়েশ্বৰী দেৱীৰ বিদ্যায়তনিক অৱদানৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে ৷ আনহাতে বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ৰমেশ নাথে সাধাৰণ গাঁৱলীয়া জীয়ৰী হৈ কেনেদৰে অসাধাৰণ প্ৰতিভাৰে ৰাজ্য শাসন কৰাৰ লগতে প্ৰজাহিতৈষী কাম কৰি প্ৰজাৰ মন জয় কৰিছিল সেই কথা বাখ্যা কৰে ৷ অনুষ্ঠানত বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক ৰাকেশ তিৱাৰী, সমীৰ ৰঞ্জন দাস, থানেশ্বৰ দাসৰ লগতে অন্যান্য শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে ৷ অনুষ্ঠানটো আঁত ধৰে বিদ্যালয়খনৰ শিক্ষক তথা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য কামাখ্যা প্ৰসাদ ৰায় আৰু শিক্ষয়িত্ৰী ছন্দাৰাণী মেধিয়ে ৷

About Staff Reporter

চাব পাৰে

সৰ্ব হিন্দুস্তানী মহিলা পৰিষদ গঠন

  ষ্টাফৰিপৰ্টাৰ ২০ নৱেম্বৰ : সৰ্ব হিন্দুস্তানী যুৱ পৰিষদ অসমৰ এখন সভা দেওবাৰে বৰপেটা ৰোডৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *