Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / বিজেপিৰ ভুলৰ বাবেই এন আৰ চিৰ পৰা বাদ পৰিল বহুতৰে না – সাংসদ গৌৰৱ গগৈঃ

বিজেপিৰ ভুলৰ বাবেই এন আৰ চিৰ পৰা বাদ পৰিল বহুতৰে না – সাংসদ গৌৰৱ গগৈঃ

বিজেপি দলত এতিয়া অপৰাধীৰে ভৰপুৰঃ এন আৰ চি কংগ্ৰেছেহে আৰম্ভ কৰিছিলঃ বিজেপিৰ ভুলৰ বাবেই এন আৰ চিৰ পৰা বাদ পৰিল বহুতৰে নামঃ অগপ দল বিজেপিৰে চামিল হোৱাই ভাল – সাংসদ গৌৰৱ গগৈঃ

কাজিৰঙাৰ পৰা পলিমা চেতিয়া বসুমতাৰী ১০ ছেপ্টেম্বৰঃ বিজেপি দল এটা খিচিৰি দল ৷ বিজেপি দলত এতিয়া অপৰাধীয়ে ভৰি পৰিছে ৷ অগপ দলে বিজেপিৰ লগত মিত্ৰতা কৰি নিমাতী কন্যাৰ ভাও ধৰিছে ৷ এনেকৈ থকাতকৈ অগপই বেজেপি দলেৰে চামিল হৈ যোৱাই ভাল ৷
এক আধাৰশিলা অনুষ্ঠানত অংশ গ্ৰহণ কৰি বোকাখাতত এই মন্তব্য কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ ৷ বৰ্তমান সময়ত বিজেপি দলত অপৰাধীয়ে ভৰি পৰিছে ৷ যাৰ বাবে বিজেপি দল এতিয়া খিচিৰি দলত পৰিণত হৈছে ৷ বিজেপি দলে এসময়ত গালি পাৰি থকা বহু কংগ্ৰেছী প্ৰাক্তন মন্ত্ৰী-বিধায়ক, নেতা এতিয়া বিজেপি দলৰ লগত একেখন টেবুলতে বহিছে ৷ বিজেপিৰ একাংশ নিষ্ঠাৱান কৰ্মীয়ে নিজৰ দলটোৰেই কোন কোন নিজৰ নেতা এতিয়া চিনি নোপোৱা বুলি সাংসদগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ বিভিন্ন গোচৰ আৰু কেলেংকাৰীত অভিযুক্ত কংগ্ৰেছ দলৰ পৰা বৰ্তমান সময়ত বিজেপি দলত যোগদান কৰাৰ লগেলগে সেইসকল নেতাৰ সকলো গোচৰ আৰু কেলেংকাৰী তল পৰিল বুলিও মন্তব্য কৰে ৷ বোকাখাতত মঙ্গলবাৰে কেইবাটাও আধাৰ শিলা অনুষ্ঠানত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে কলিয়াবৰৰ সাংসদ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে ৷ এন আৰ চি সম্পৰ্কত কংগ্ৰেছে হে এন আৰ চিৰ কাম প্ৰথমে আৰম্ভ কৰিছিল বুলি সাংসদগৰাকীয়ে দাবী কৰে ৷ কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰখনে এন আৰ চিৰ কাম লেহেমীয়া কৰাৰ বাবেই অসমত বসবাস কৰি থকা বহু লোকৰ নাম এন আৰ চিৰ পৰা নাম বাদ পৰা বুলি অভিযোগ কৰে সাংসদগৰাকীয়ে ৷ এই ক্ষেত্ৰত এন আৰ চিৰ মুখ্য সমন্বয়ক প্ৰতিক হাজেলাই প্ৰক্ষপাত কৰাৰ দাবী কৰে ৷ যাৰ বাবে ৩১ আগষ্টত প্ৰকাশ পোৱা চূড়ান্ত তালিকাত কাৰোবাৰ পুতেকৰ নাম আহিল যদিও কাৰোবাৰ জীয়েকৰ নাম নাহিল, কাৰোবাৰ বাপেকৰেই নাম নাহিল বুলি মন্তব্য কৰে ৷ কেব সম্পৰ্কতো সাংসদগৰাকীয়ে তীৰ্যক মন্তব্য কৰে ৷ অগপ দলে কেবৰ বিৰোধিতা কৰি পঞ্চায়ত নিৰ্বাচন অকলে প্ৰতিদণ্ডিতা কৰি মুখ ঠেকেচা খাইছিল ৷ কিন্তু লোকসভা নিৰ্বাচনত দুয়োটা দলে মিত্ৰতাৰে খেলিছিল যদিও অগপই ভাল ফলাফল দেখুৱাব নোৱাৰিলে বুলি মন্তব্য কৰে ৷ অগপ দলে বিজেপিৰে মিত্ৰতা কৰি নিমাতী কন্যাৰ ভাও ধৰি থকাতকৈ বিজেপিৰে সৈতে চামিল হৈ যোৱাই ভাল বুলিও সাংসদগৰাকীয়ে মন্তব্য কৰে ৷ মঙ্গলবাৰে সাংসদ গৌৰৱ গগৈয়ে বোকাখাত সমষ্টিৰ বিভিন্ন এলেকাত সাংসদ পুঁজিৰ ধনেৰে ৬ টা স্থানত আধাৰশিলা স্থাপন কৰে ৷

About Staff Reporter

চাব পাৰে

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৮ ছেপ্টেম্বৰঃ আগন্তুক ১৯, ২০ …

Leave a Reply

Your email address will not be published. Required fields are marked *