Friday , May 24 2019
শেহতীয়া খবৰ
Home / Politics / বিজেপিৰ হিন্দুত্ববাদৰ এজেণ্ডাক ভাৰতৰ মানুহে সমগ্ৰ শক্তিৰে প্ৰতিহত কৰিবই লাগিবঃ মনোজ শৰ্মা

বিজেপিৰ হিন্দুত্ববাদৰ এজেণ্ডাক ভাৰতৰ মানুহে সমগ্ৰ শক্তিৰে প্ৰতিহত কৰিবই লাগিবঃ মনোজ শৰ্মা

বিজেপিৰ হিন্দুত্ববাদৰ এজেণ্ডাক ভাৰতৰ মানুহে সমগ্ৰ শক্তিৰে প্ৰতিহত কৰিবই লাগিবঃ মনোজ শৰ্মা

গুৱাহাটীৰ প্ৰতিবেদক,১৬জুনঃ”ভাৰতবৰ্ষৰ সমাজখনক ধৰ্ম নিৰপেক্ষ কৰি তুলিবৰ কাৰণে সকলো নাগৰিকে সৰ্বান্তকৰণে চেষ্টা কৰা উচিত। ধৰ্ম নিৰপেক্ষতাৰ বিষয়টো হিন্দু-মুছলমানৰ বিষয় নহয়,ভাৰতৰ সংবিধানে ধৰ্ম নিৰপেক্ষতাক সামাজিক ন্যায়ৰ বিষয় হিচাপেহে প্ৰতিষ্ঠা কৰিছে। বিজেপিৰ হিন্দুত্ববাদৰ এজেণ্ডাক ভাৰতৰ মানুহে সমগ্ৰ শক্তিৰে প্ৰতিহত কৰিবই লাগিব।”আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক স্মাৰক বক্তৃতানুষ্ঠানত অংশ গ্ৰহণ কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় বিশিষ্ট লেখক,সমালোচক মনোজ শৰ্মাই। উল্লেখ্য যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি,প্ৰয়াত অঞ্জন দত্তৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে আজি ৰাজীৱ ভৱনত এক স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছিল। দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বক্তৃতাৰ বিষয় নিৰ্ধাৰণ কৰা হৈছিল-“ধৰ্মনিৰপেক্ষতা আৰু ভাৰতবৰ্ষৰ সংবিধান”। বৰ্তমান সময়ত প্ৰাসংগিক উল্লিখিত বিষয়টোক লৈ বক্তৃতা প্ৰদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল বিশিষ্ট লেখক,সমালোচক মনোজ শৰ্মাক। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই সভাপতিত্ব কৰা উক্ত বক্তৃতানুষ্ঠান তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বক্তা হিচাপে অংশ গ্ৰহণ কৰি বিশিষ্ট লেখক,সমালোচক মনোজ শৰ্মাই বিজেপি আৰু আৰ এছ এছে কিদৰে পৰিকল্পিতভাৱে ধৰ্মনিৰপেক্ষতাৰ ব্যাপক অৰ্থ সলনি কৰি উদ্দেশ্য প্ৰণোদিতভাৱে সমাজখন হিন্দু-মুছলমান কৰি পেলাইছে তাৰ বহল ব্যাখ্যা আগবঢ়ায়।সভাৰ আৰম্ভণীতে প্ৰাক্তন সভাপতি অঞ্জন দত্তকে ধৰি প্ৰদেশ কংগ্ৰেছৰ প্ৰয়াত সভাপতিসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই প্ৰয়াত সভাপতিসকলৰ স্মৃতিচাৰণ কৰাৰ উপৰি ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ বৰ্তমান কিদৰে বিপদাপন্ন হৈছে এই সন্দৰ্ভত সাৰগৰ্ভ বক্তব্য আগবঢ়ায়।সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন,কংগ্ৰেছ বিধায়িনী দলৰ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীয়েও অঞ্জন দত্তকে ধৰি প্ৰদেশ কংগ্ৰেছৰ প্ৰয়াত প্ৰাক্তন সভাপতিসকলৰ স্মৃতিচাৰণ কৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক(প্ৰশাসন) শৈলেন বৰাই।

About Staff Reporter

চাব পাৰে

পঞ্চম ৰাউণ্ডত গোলাঘাট সমষ্টিত গৌৰৱ গগৈৰ অগ্ৰগতি

পঞ্চম ৰাউণ্ডত গোলাঘাট সমষ্টিত গৌৰৱ গগৈৰ অগ্ৰগতি : গোলাঘাট, ২৩ মে’ : ইতিমধ্যে গোলাঘাট সমষ্টিত …

Leave a Reply

Your email address will not be published. Required fields are marked *