Monday , August 26 2019
শেহতীয়া খবৰ

বিজেপি চৰকাৰক ধৰ্ম, বৰ্ণ জাতি বিৰোধী আখ্যা সাংসদ গৌৰৱ গগৈ

গোলাঘাট : বিজেপি দলৰ চৰকাৰখনক প্ৰত্যেক ধৰ্ম, বৰ্ণ আৰু জাতি বিৰোধী চৰকাৰ আখ্যা দি তীব্ৰ সমালোচনা কৰে কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে। খুমটাইত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদগৰাকীয়ে বিজেপি দল তথা চৰকাৰক এনেদৰে তীব্ৰ সমালোচনা কৰে।

শুকুৰবাৰে খুমটাইৰ জ্ঞানদ্বীপ মধ্য ইংৰাজী বিদ্যালয়ত সাংসদ পুঁজিৰে নিৰ্মাণ হোৱা ৰান্ধনি ঘৰ উন্নয়নৰ কাৰ্য্যসূচীত উপস্থিত হৈ এইদৰে মন্তব্য কৰে তেওঁ। ইফালে সাংসদ গগৈয়ে বিদ্যালয়খনৰ নৱ নিৰ্মিত ৰান্ধনি গৃহহটো উদ্বোধন কৰি ছাত্ৰ ছাত্ৰীসকলৰ লগতো বাৰ্তালাপত মিলিত হয়। সাংসদগৰাকীয়ে কয় যে সাধাৰণ মানুহৰ কথা চিন্তা কৰকিবলৈ বিজেপিৰ সময় নাই কেৱল ব্যক্তিগত লাভৰ কথাহে চিন্তা কৰে দলটোৱে।সোণোৱাল চৰকাৰৰ মন্ত্ৰীসভাৰ শেহতীয়া সম্প্ৰসাৰণত অসন্তুষ্টি প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয় যে বিজেপি এটা সমাজ বিৰোধী দল। উল্লেখ্য যে খুমটাইৰ ৫ খন বিদ্যালয়ত এইদৰে সাংসদ পুঁজিৰে ৰান্ধনিঘৰ উদ্বোধন কৰে সাংসদগৰাকীয়ে।

About First News Report

Leave a Reply

Your email address will not be published. Required fields are marked *