Thursday , November 21 2019
শেহতীয়া খবৰ
Home / ৰাজনীতি / বিজেপি চৰকাৰৰ দিনত নিজ ৰাজ্যতে গুৰুত্বহীন থলুৱা অসমীয়া নিবনুৱা- প্ৰদেশ কংগ্ৰেছ

বিজেপি চৰকাৰৰ দিনত নিজ ৰাজ্যতে গুৰুত্বহীন থলুৱা অসমীয়া নিবনুৱা- প্ৰদেশ কংগ্ৰেছ

 

ষ্টাফৰিপৰ্টাৰ, ১৬ অক্টোবৰ : জাতি মাটি ভেটি ৰক্ষা আৰু বছৰি ২৫ লক্ষ নিবনুৱাক সংস্থাপনৰ প্ৰতিশ্ৰুতি দি ক্ষমতা দখল কৰা সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত ৰাজ্যখনৰ থলুৱা নিবনুৱাসকলে সংস্হাপন পোৱাৰ দূৰৈৰ কথা, তাৰ পৰিৱর্তে ওলোটাই নিজ প্ৰাপ্যৰপৰা বঞ্চিত হ’বলগীয়াহে হৈছে -“এক বিবৃতি যোগে ,প্ৰদেশ কংগ্ৰেছ মুখপাত্র ঋতুপর্ণ কোঁৱৰে এইদৰে কয়। তেওঁ লগতে কয়
“শেহতীয়া উদাহৰণ হ’ল উত্তৰ-পূব ৰেলত বহিৰাগত প্ৰাথীৰ নিযুক্তি। ভাৰতীয় ৰেল বিভাগত দেশৰ যিকোনো ঠাইৰ নিবনুৱাই নিযুক্তি পাব পাৰে, তাত অস্বাভাৱিকতা নাই। কিন্তু থলুৱা নিবনুৱাক উত্তৰ-পূব ৰেল বিভাগৰ বিভিন্ন শ্ৰেণীৰ পদত নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই দিয়া মুখ্যমন্ত্রী সোণোৱাল আৰু প্ৰাক্তন ৰেল ৰাজ্য মন্ত্রী ৰাজেন গোঁহাই এতিয়া ক’ত?নে মাথো মুখেৰে প্ৰতিশ্ৰুতি দিয়েই তেওঁলোকে বাহবাহ ল’লে? প্ৰয়োজনীয় পদক্ষেপ গ্রহণৰ নামত একোৱেই নকৰিলে! যদি প্ৰকৃতাৰ্থত বিজেপি দলৰ চৰকাৰে উত্তৰ পূব ৰেলত বিভিন্ন শ্ৰেণীৰ পদত অসমৰ থলুৱা নিবনুৱাক সংস্থাপনৰ কথা ভাবিছে তেন্তে হাতে-কামে কেন্দ্রীয় চৰকাৰক প্ৰস্তাৱ দিয়ক। মাথোঁ ভাষণৰ ফুলজাৰি মৰাৰ পৰিৱর্তে ইতিবাচক নীতি, প্ৰস্তাৱ আৰু আঁচনি গ্রহণ কৰি জাতি মাটি ৰক্ষা আৰু নিবনুৱা সংস্হাপনৰ বাস্তৱসন্মত ব্যৱস্থা গ্রহণ কৰক বিজেপি চৰকাৰে।’

About Staff Reporter

চাব পাৰে

গগৈ-ৰকিৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলিছে কংগ্ৰেছত : পদত্যাগী নেতা

নলবাৰীৰ 15 জনীয়া যুৱ কংগ্ৰেছ দল এটাই আজি বিজেপিত যোগদান কৰে। 2007 চনৰ পৰা কংগ্ৰেছ …

Leave a Reply

Your email address will not be published. Required fields are marked *