Friday , February 28 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / বিজেপি জ্যেষ্ঠ নেতা অৰুণ জেটলীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ বিজেপি সংখ্যালঘু মৰ্চা, অসম প্ৰদেশৰ

বিজেপি জ্যেষ্ঠ নেতা অৰুণ জেটলীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ বিজেপি সংখ্যালঘু মৰ্চা, অসম প্ৰদেশৰ

বিজেপি জ্যেষ্ঠ নেতা অৰুণ জেটলীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ বিজেপি সংখ্যালঘু মৰ্চা, অসম প্ৰদেশৰ ।

পঙ্কজ নাথ, চাংসাৰি, ২৫ আগষ্ট :

বিজেপি দলৰ ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিৰ কেবাটাও গুৰুত্বপূৰ্ণ দায়িত্বত কাৰ্য্যনিৰ্বাহ কৰা জেষ্ঠ নেতা তথা প্ৰাক্তন বিত্ত, প্ৰতিৰক্ষা, আইন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীৰ দিল্লীৰ এইমছ্ত শ্বাস -প্ৰশ্বাসজনিত কাৰণত ৬৭ বছৰ বয়সত কালি দুপৰীয়া ১২.০৭ বজাত ইহলীলা সম্বৰণ হয়। প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু ২০১৪ চনৰ নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে নিষ্ঠা আৰু সততাৰে নিজৰ দায়িত্ব ও কৰ্তব্য নিস্বাৰ্থভাৱে পালন কৰিছিল প্ৰয়াত জেটলীয়ে। প্ৰয়াত অৰুণ জেটলীয়ে উচ্চতম ন্যায়ালয়ৰ এজন জ্যেষ্ঠ অধিবক্তা হিচাপে এক সুকীয়া পৰিচয় বহন কৰিছিল। তেখেতে ২০০৯ চনৰ পৰা ২০১৪ চনলৈ ৰাজ্যসভাৰ বিৰুধি দলৰ দলপতি হিচাপে বিজেপি দলৰ হৈ সদনত প্ৰতিনিধিত্ব কৰিছিল। কালি এইগৰাকী জেষ্ঠ নেতাৰ মৃত্যুৰ পিছতে উচ্চ শিক্ষা, ৰাজনৈতিক নেতা আৰু এজন দক্ষ প্ৰশাসকক হেৰুৱাই ভাৰতবৰ্ষৰ বাবে এক বৃহৎ ক্ষতি হল বুলি উল্লেখ কৰিছে বিজেপি, সংখ্যালঘু মৰ্চা, অসম প্ৰদেশে । ইয়াৰ লগতে বিজেপি সংখ্যালঘু মৰ্চা, অসম প্ৰদেশৰ তৰফৰ পৰা ৰাজ্যিক সাধাৰণ সম্পাদক তবিবৰ ৰহমানৰ সহিতে ইয়াৰ অন্য বিষয়ববীয়াসকলে বিজেপিৰ এই গৰাকী জেষ্ঠ নেতাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি একাজঁলি শ্ৰদ্বাঞ্জলি জ্ঞাপন কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

About Staff Reporter

চাব পাৰে

বামুণি গাঁৱত ৩৬ গৰাকী মহিলা উদ্যোগীক সম্বৰ্ধনা

  , ষ্টাফৰিপোৰ্টাৰ,২৬ ফেব্ৰুৱাৰী।।।ইণ্টাৰগ্লোব ফাউণ্ডেশ্যনৰ পুঁজিৰে ধৃতি-“দ্যা কাৰেজ উইডইনে ৰূপায়ন কৰা প্ৰগতি প্ৰকল্পৰ অধীনত ক্ষুদ্ৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *