Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্হানৰ সংবদ্ধ শিশু শিক্ষা সমিতি,অসমৰ প্ৰধানাচাৰ্য প্ৰশিক্ষণ বৰ্গ সম্পন্ন

বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্হানৰ সংবদ্ধ শিশু শিক্ষা সমিতি,অসমৰ প্ৰধানাচাৰ্য প্ৰশিক্ষণ বৰ্গ সম্পন্ন

বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্হানৰ সংবদ্ধ শিশু শিক্ষা সমিতি,অসমৰ প্ৰধানাচাৰ্য প্ৰশিক্ষণ বৰ্গ সম্পন্ন।

পঙ্কজ নাথ, চাংসাৰি, ৭ নবেম্বৰ :

শিশু শিক্ষা সমিতি অসমৰ প্ৰধানাচাৰ্য প্ৰশিক্ষণ বৰ্গ যোৱা ১২ অক্টোবৰৰ পৰা কালি ৬ নবেম্বৰলৈ বিদ্যাভাৰতী বহুমুখী শৈক্ষিক প্ৰকল্প, হাজোংবৰী, চন্দ্ৰপুৰ , গুবাহাটীত অনুষ্ঠিত হৈ যায় ৷ কালি সামৰণি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ড: অম্লান দ্বীপ দাসে৷ প্ৰশিক্ষণ প্ৰমূখ মহানন্দ দাসে আঁত ধৰা সভা খনিত প্ৰশিক্ষাৰ্থী সকলে বৰ্গগীত পৰিবেশন কৰি সভাৰ সৌস্তৱ বৃদ্ধি কৰে৷ প্ৰশিক্ষণ ভাগত মুঠ ৫৮ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে ৷ বৰ্গত অংশ গ্ৰহণ কৰা আচাৰ্য আচাৰ্যা সকল পাঁচ টা কক্ষত আবাসিক হিচাপে পাঁচ খন হাতেলিখা আলোচনী প্ৰকাশ কৰে৷
নিৰ্দিষ্ট বক্তা আসন অলংকৃত কৰে ভোলানাথ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ ড: জগদীন্দ্ৰ ৰায় চৌধুৰীৰে ৷ তেখেতে বক্তব্য প্ৰসংগত শিক্ষক ছাত্ৰ ছাত্ৰী মাজৰ শৈক্ষিক সম্পৰ্কই সঠিক মানৱ সম্পদ নিৰ্ম্মাণত সহায়ক হব বুলি মত আগবঢ়ায়৷ ইয়াৰ লগতে তেখেতে অসমীয়া ভাষাৰ উন্নতিৰ বাবে শংকৰদেৱ শিশু নিকেতন সমূহে নীৰৱ সাধনা কৰি আছে বুলি স্পষ্ট মন্তব্য আগবঢ়াই ৷ সভাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড: সুদেঞ্চা ভট্ৰাচাৰ্যই৷ কাৰ্যক্ৰম ভাগত অতিথি আসনত বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সহ:সংগঠন মন্ত্ৰী ড: পৱন টিৱাৰী আৰু শিশু শিক্ষা সমিতি অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ ভাগৱতীয়ে ৷ সভাত উপস্হিত থাকে শিশু শিক্ষা সমিতি অসমৰ সংগঠন মন্ত্ৰী হেমন্ত ধিং মজুমদাৰৰ লগতে শিশু শিক্ষা সমিতি অসমৰ ভালে সংখ্যক পূৰ্ণকালীন কাৰ্যকৰ্তা৷ কালিৰ সভাত শলাগৰ শৰাই প্ৰান্তীয় প্ৰশিক্ষণ প্ৰমূখ প্ৰকাশ চক্ৰৱতীয়ে আগবঢ়াই বুলি জানিব পৰা গৈছে।

About Staff Reporter

চাব পাৰে

শ্ৰদ্ধাঞ্জলি

আজি ইং 18-11-19 তাৰিখ সোমবাৰে গড়পোট শ্ৰী শ্ৰী জগদ্ধাত্রী পূজা মণ্ডপত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন …

Leave a Reply

Your email address will not be published. Required fields are marked *