Saturday , January 18 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / বিদ্যা ভাৰতীৰ আচাৰ্য প্ৰশিক্ষণ বৰ্গৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ বাবে দৌল গোবিন্দ দৰ্শন

বিদ্যা ভাৰতীৰ আচাৰ্য প্ৰশিক্ষণ বৰ্গৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ বাবে দৌল গোবিন্দ দৰ্শন

বিদ্যা ভাৰতীৰ আচাৰ্য প্ৰশিক্ষণ বৰ্গৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ বাবে দৌল গোবিন্দ দৰ্শন।

পঙ্কজ নাথ, চাংসাৰি, ১৭ জুলাই :

শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা আয়োজিত গুৱাহাটীৰ নাৰেংগীত চলি থকা আচাৰ্য প্ৰশিক্ষণ বৰ্গত ভাগ লোৱা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ১৬৩ গৰাকী আচাৰ্য- আচাৰ্যাই আজি ক্ষেত্ৰ ভিত্তিক অধ্যয়নৰ বাবে উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰ দৰ্শন কৰে। প্ৰভুৰ আশীষ প্ৰাপ্তিৰ বাবে মন্দিৰত প্ৰাৰ্থনা জনায় আৰু ভোগ গ্ৰহণ কৰে। বিদ্যা ভাৰতীৰ প্ৰশিক্ষণত ভাগ লোৱা নাৰেংগীৰ শিক্ষাৰ্থী আচাৰ্য আচাৰ্যাসকলে ইয়াৰ পাছতে আই আই টি দৰ্শন কৰে। শেষত দদৰা নিকেতনত উপস্থিত হৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। দলটোক নেতৃত্ব দিয়ে নগাঁও বিভাগৰ বিভাগ নিৰীক্ষক পৰাণ বৰা আৰু গুৱাহাটী বিভাগৰ নিৰিক্ষক আশুতোষ বৰ্মনে। বিদ্যা ভাৰতীৰ উক্ত দলটোক উত্তৰ গুৱাহাটীত স্বাগতম জনাই উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে।

About Staff Reporter

চাব পাৰে

ডিব্ৰুগড়ৰ চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ নাগৰিক সংশোধনী বিধেয়ক- ইছলামী সাহিত্য সভা-জে এন ইউ কাণ্ডৰ বিৰোধিতা

ডিব্ৰুগড়ৰ চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ নাগৰিক সংশোধনী বিধেয়কৰ লগতে ইছলামী সাহিত্য সভা আৰু জে এন …

Leave a Reply

Your email address will not be published. Required fields are marked *