Tuesday , November 20 2018
Home / ৰাজনীতি / বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তাল কৰ্ণাটকৰ ৰাজনীতি

বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তাল কৰ্ণাটকৰ ৰাজনীতি

বেংগলুৰু কংগ্ৰেৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীয়ে  শুকুৰবাৰে কৰ্ণাটক বিধানসভা নিৰ্বাচন উপলক্ষে দলটোৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে। এই ইস্তাহাৰত দলটোৱে আগন্তুক পাঁচ বছৰত এক কোটি চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ লগতে দলটোৱে পুনৰ ক্ষমতাত অধিষ্ঠিত হব পাৰিলে ১৮ৰ পৰা ২৩ বছৰৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলক বিনামূলীয়াকৈ স্মাৰ্টফোন দিয়াৰো ঘোষণা কৰিছে।দলটোৰ সভাপতি ৰাহুল গান্ধীয়ে এই নিৰ্বাচনী ইস্তাহাৰ জাৰি কৰি ইয়াক ‘কৰ্ণাটক জনতাৰ কন্ঠ’ বুলি অভিহিত কৰে। ৰাহুলে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ কৰি কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে সাধাৰণতে সৰ্বসাধাৰণৰ ‘মনৰ কথা’ কয় যদিও এই ইস্তাহাৰত কৰ্ণাটকৰ জনসাধাৰণৰ ‘মনৰ কথা’ কোৱা হৈছে। ইফালে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ কৰ্ণাটকৰ জনতাৰ বাবে নহয় ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দৃষ্টিকোণ ভিত্তিক হব বুলিও দাবী কৰে। ৰাহুলে লগতে দাবী কৰে যে মুখ্যমন্ত্ৰী সিদ্ধাৰমৈয়া নেতৃত্বাধীন চৰকাৰখনে বিগত ২০১৩ চনৰ বিধানসভা নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতিসমূহৰ ৯৫ শতাংশই পূৰণ কৰিবলৈ সমৰ্থ হৈছে। কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত কৃষক, শ্ৰমিক-মজদূৰ তথা তেঁওলোকৰ পৰিয়ালৰ উপাৰ্জন নিশ্চিত কৰাৰ অৰ্থে বিধায়নী ক্ষমতাযুক্ত কৃষক আয় আয়োগ গঠনৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ উপৰি চৰকাৰী বিদ্যালয়ত দ্বাদশ শ্ৰেণী পৰ্যন্ত বিনামূলীয়া শিক্ষা, ১৪ বছৰ বয়সলৈ শিশুসকলক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা কৰা, ৰাজ্যৰ পৰা অলিম্পিকত পদক বিজয়ী খেলুৱৈক এক কোটি টকাৰ পুৰস্কাৰ আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি দিয়া হৈছে। উল্লেখ্য যে কৰ্ণাটক বিধানসভাৰ ২২৪ খন আসনৰ বাবে অহা ১২ মে’ত ভোটগ্ৰহণ কৰা হ’ব।

About First News Report

Leave a Reply

Your email address will not be published. Required fields are marked *