Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / বিবেকানন্দত চি চি পি এৰ লগতে আন কেইবাটাও কোম্পানীৰ সংবাদমেল গভীৰ সংকটত ভাৰতৰ চাহ উদ্যোগ

বিবেকানন্দত চি চি পি এৰ লগতে আন কেইবাটাও কোম্পানীৰ সংবাদমেল গভীৰ সংকটত ভাৰতৰ চাহ উদ্যোগ

 

ষ্টাফ ৰিপোৰ্টাৰ,,,২০ আগষ্ট।।।ভাৰতৰ চাহ উদ্যোগ ১৭০ বছৰৰো অধিক
পুৰণি আৰু ই ১.২ মিলিয়ন মানুহক পোনপটীয়াকৈ নিযুক্তি দিছে। ভাৰতৰ ভিতৰুৱা আৰু অনুন্নত ৰাজ্য সমূহৰ আৰ্থ সামাজিক উন্নয়নত ই এক উল্লেখযোগ্য প্ৰভাৱ পেলাইছে। তদুপৰি ভাৰত পৃথিৱীৰ ভিতৰত চতুৰ্থ সৰ্ববৃহৎ চাহ ৰপ্তানীকাৰী দেশ। কিন্তু সম্প্ৰতি ভাৰতীয় চাহ উদ্যোগটোৱে বহু বাধাৰ সন্মুখীন হৈছে আৰু তাৰ প্ৰভাৱ অসমতো পৰিছে। চিৰস্থায়ীভাবে বৰ্ধিত উৎপাদন ব্যয়, চাহিদা আৰু যোগানৰ মাজত অসামঞ্জস্যৰ
ফলস্বৰূপে অত্যাধিক যোগান উচ্চ লেন-দেন আদিৰ ক্ষেত্ৰত হোৱা প্ৰত্যাহ্বান সমূহ জলবায়ুৰ পৰিৱৰ্তন ফলত হোৱা প্ৰতিকূলতাসমুহ আদিৰ প্ৰেক্ষাপটত হোৱা মূল্যৰ স্থাবিৰতাৰ ফলত এই উদ্যোগতো ব্যয়ৰ চাপত পৰিছে। মঙলবাৰে এই সন্দৰ্ভত চি চি পি এ’ য়ে এখন সংবাদমেল আয়োজন কৰে। সংবাদমেলত উপস্থিত থাকি নৰ্থ ইষ্ট টি এছ’চিয়েছেনৰ উপদেষ্টা বিদ্যানন্দ বৰকটকী য়ে কয়”-চাহ উদ্যোগ বৰ্তমান গভীৰ সংকটত আছে।আমি কেইবাটাও দাবী উত্থাপন কৰি ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। চাহ কৰ্মী সকলে বহুতো সমস্যাৰ সন্মুখীন লবলগীয়া হৈছে।যেনে,পৰ্যাপ্ত এটি এম’ৰ অভাৱ, চিকিৎসা লয় আৰু বিদ্যালয় সমূহ অধিগ্ৰহণ হোৱা নাই। বাগানিয়া অঞ্চলত এম জি এন ৰেগা আচঁনিও কাৰ্য কাৰি হোৱা নাই। এইবাৰ দূর্গা পূজাৰ বোনাচ চাহ শ্ৰমিক সকলে ২০ শতাংশ ৰ ঠাইত ৮.৩৩ শতাংশ লাভ কৰিব। গতিকে আমি চৰকাৰক দাবী জনাইছো যাতে এইবোৰ সমস্যাৰ সমাধান কৰাৰ লগতে তিনিবছৰৰ বাবে চাহ শ্ৰমিকৰ পি এফ চৰকাৰক দিবলৈ আমি অনুৰোধ জনাইছোঁ।” সংবাদমেলত ইণ্ডিয়ান টি এছ”চিয়েছনৰ অধ্যক্ষ বিবেক গোয়েংকাৰ লগতে অন্যান্য সংস্থাৰ বিষয় ববীয়া উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৮ ছেপ্টেম্বৰঃ আগন্তুক ১৯, ২০ …

Leave a Reply

Your email address will not be published. Required fields are marked *