Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / বিশিষ্ট চলচ্চিত্ৰ অভিনেতা তথা জ্যেষ্ঠ ভ্ৰাম্যমাণ শিল্পী সুৰেন মহন্তৰ মৃত্যু

বিশিষ্ট চলচ্চিত্ৰ অভিনেতা তথা জ্যেষ্ঠ ভ্ৰাম্যমাণ শিল্পী সুৰেন মহন্তৰ মৃত্যু

 

ষ্টাফৰিপোৰ্টাৰ, ২৫ মাৰ্চ :: বিশিষ্ট চলচ্চিত্ৰ অভিনেতা তথা জ্যেষ্ঠ ভ্ৰাম্যমাণ শিল্পী সুৰেন মহন্তৰ বুধবাৰে মৃত্যু হয়।। কিছু দিনৰে পৰা তেওঁ গুৰুতৰভাবে অসুস্থ হৈ তেজপুৰ টাইমছ্‌ হস্পিটালত চিকিৎসাধীন হৈ আছিল আৰু আজি নিশা প্ৰায় ৯ বাজি ৩০ মিনিটত তেওঁৰ পৰলোক প্ৰাপ্তি ঘটে।তেওঁৰ মৃত্যুত সমগ্ৰ ৰাজ্যতে গভীৰ শোকৰ ছাঁ পৰিছে। অসমৰ চলচ্চিত্ৰ আৰু ভ্ৰাম্যমাণ নাট্যজগতৰ বলিষ্ঠ অভিনেতা সুৰেণ মহন্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাসে। সভাপতি দাসে প্ৰয়াত মহন্তৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। এটি শোকবাৰ্তাত ৰঞ্জিৎ কুমাৰ দাসে কয় “কেইবাটাও দশক ধৰি ভ্ৰাম্যমান নাট্যজগতৰ সৈতে জড়িত থাকি বিভিন্ন গুৰুত্বপূৰ্ণ চৰিত্ৰত বলিষ্ঠ অভিনয়েৰে সুৰেণ মহন্তই হেজাৰ হেজাৰ দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল। ভ্ৰাম্যমাণৰ মঞ্চত তেওঁ ৰূপায়ণ কৰা প্ৰতিটো চৰিত্ৰই জীৱন্ত হৈ উঠিছিল। দূৰণিৰ ৰং¸ সোণমইনা আদি জনপ্ৰিয় অসমীয় চলচ্চিত্ৰত তেওঁ কৰা অভিনয়ে দৰ্শকৰ মনত গভীৰ সাঁচ বহুৱাবলৈ সক্ষম হৈছিল। অভিনেতাগৰাকীৰ মৃত্যুৱে অসমৰ অভিনয় জগতখনত গভীৰ শূন্যতাৰ সৃষ্টি কৰিলে। বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে সুৰেণ মহন্তৰ মৃত্যু অসমৰ ভ্ৰাম্যমাণ নাট্যজগতখনৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে।”

About Staff Reporter

চাব পাৰে

ত্ৰিপুৰাত ধৰা পৰিল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী*

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : ত্ৰিপুৰাতো ওলাল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী। ইতিমধ্যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *