Wednesday , December 11 2019
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / বিশিষ্ট চিকিৎসক ডাঃ অঞ্জু ঘাইৰ সু -স্বাস্থ্য ৰক্ষা সম্পৰ্কীয় পৰামৰ্শ। ভি এল চি চি’ৰ ৩০ বর্ষপূৰ্তি অনুষ্ঠান

বিশিষ্ট চিকিৎসক ডাঃ অঞ্জু ঘাইৰ সু -স্বাস্থ্য ৰক্ষা সম্পৰ্কীয় পৰামৰ্শ। ভি এল চি চি’ৰ ৩০ বর্ষপূৰ্তি অনুষ্ঠান

 

ষ্টাফৰিপৰ্টাৰ, ২১ ছেপ্টেম্বৰ : ভাৰত তথা সমগ্র বিশ্বতে সমাদৰ লাভ কৰা সম্পূৰ্ণ প্ৰাকৃতিক ব্ৰেণ্ড ভি এল চি চি’ য়ে ৩০ টা বছৰ সম্পূৰ্ণ কৰিলে। ১৯৮৯ চনত জন্ম লাভ কৰা এই ব্ৰাণ্ডটোৱে ইতিমধ্যে শৰীৰ চৰ্চা, সৌন্দৰ্য চৰ্চা আদিকে ধৰি সম্পূৰ্ণ প্ৰাকৃতিক চিকিৎসা প্ৰদানৰ ন-ন কৌশল আবিষ্কাৰ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান পূৰ্বতকৈও কিছু আধুনিক চিকিৎসা ব্রেণ্ডটোৱে সংযোজনৰ বিষয়ে সদৰী কৰিছে। শনিবাৰে গুৱাহাটীৰ জি এছ ৰোড স্থিত ব্রেণ্ডটোৰ কাৰ্যলয়ত এই সন্দৰ্ভত এখন সংবাদমেল যোগে ভি এল চি চি’ ৰ বিশিষ্ট চিকিৎসক তথা আৰ এণ্ড ডি (স্লিমিঙ বিভাগ) ভি এল চি চি হেলথ কেয়াৰৰ ডাঃ অঞ্জু ঘাই’ য়ে কয়”- “আমি এইবাৰ ৩০ বছৰত ভৰি দিলোঁ। আমাৰ ১৪ খন দেশত মুঠ ৩০০ খন ভি এল চি চি’ৰ কাৰ্যলয় আছে য’ত সম্পূৰ্ণ প্ৰাকৃতিক চিকিৎসা পদ্ধতিৰে চিকিৎসা প্ৰদান কৰা হ’য়। আজিকালি মানুহে নিজৰ যত্ন লবলৈ সময় নাপায়। সকলোৰে জীৱন বোৰ ব্যস্ত।গতিকে সকলোৱে যাতে এটা সুস্থ জীৱন যাপন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি নতুনকৈ কেতবোৰ চিকিৎসা পদ্ধতি আবিষ্কাৰ কৰিছোঁ। কুলস্কাল্প (cool sculpt) নামে আমি এটা মেচিন উলিয়াইছো যাৰ জৰিয়তে বাহিৰৰ পৰা অতিৰিক্ত মেদ সমূহ উলিয়াই এটা শিথিল দেহা লাভ কৰাৰ সক্ষম হয়। এই ফেট ফ্ৰিজিং টেকন’লজিৰ জৰিয়তে শৰীৰৰ অতিৰিক্ত মেদ বোৰ নোহোৱা হৈ যায়। ত তদুপৰি আমাৰ প্ৰডাক্ট বোৰ লেবৰটৰিত কেইবাবাৰো পৰীক্ষা কৰা হ’য় আৰু আমাৰ চিকিৎসা সম্পূৰ্ণ নিৰাপদ।” চিকিৎসাক গৰাকীয়ে সু স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন পৰামৰ্শ আগবঢ়ায়।

About Staff Reporter

চাব পাৰে

ভাৰতীয় গ্ৰাহকক পুৰস্কাৰ প্ৰাপ্ত তথ্যগত মনোৰঞ্জন প্ৰদানৰ বাবে কিশোৰ এয়াৰটেলৰ সহযোগিতা স্থাপন

  ষ্টাফৰিপৰ্টাৰ, ২২ নৱেম্বৰ : ভাৰতী এয়াৰটেলে ভাৰতীয় গ্ৰাহকক মনোৰঞ্জন প্ৰদানৰ বাবে বুধবাৰে পুৰস্কাৰ প্ৰাপ্ত …

Leave a Reply

Your email address will not be published. Required fields are marked *