Monday , February 17 2020
শেহতীয়া খবৰ
Home / মহানগৰ / বিশিষ্ট সংগীত শিল্পী গোপী কান্ত সিন্ হা আৰু অপূৰ্ব বেজবৰুৱাক ২০২০ চনৰ শিল্পী বঁটা প্ৰদান

বিশিষ্ট সংগীত শিল্পী গোপী কান্ত সিন্ হা আৰু অপূৰ্ব বেজবৰুৱাক ২০২০ চনৰ শিল্পী বঁটা প্ৰদান

 

ষ্টাফৰিপোৰ্টাৰ, ১৭ জানুৱাৰী : বিশিষ্ট সংগীত শিল্পী গোপী কান্ত সিন্ হা আৰু অপূৰ্ব বেজবৰুৱালক শুকুৰবাৰে শিল্পী দিৱসৰ দিনা ২০২০ চনৰ শিল্পী বঁটা প্ৰদান কৰা হয়। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত শুকুৰবাৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত কেন্দ্ৰীয় ভাৱে আয়োজন কৰা শিল্পী দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুয়োগৰাকী শিল্পীক এই বঁটাৰে সন্মানিত কৰে।
ৰাজ্য চৰকাৰে ১৯৯৯ চনৰ পৰা প্ৰদান কৰি অহা এই বঁটাত আছে নগদ দুই লাখ টকাৰ লগতে এখন প্ৰশস্তি পত্ৰ , শৰাই আৰু এখন অংগ বস্ত্ৰ। এই বঁটা দুয়ো গৰাকী শিল্পীকে প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় ”
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আছিল সুন্দৰৰ পূজাৰী। মন পৰিস্কাৰ, চৰিত্ৰ নিৰ্মাণ আৰু সমাজ সংস্কাৰ বাবে ৰূপকোঁৱৰৰ আদৰ্শৰে শিল্পী দিবসৰ আয়োজন কৰা হয়। শিল্পী সুলভ মনৰ গৰাকী হ’বলৈ জীৱনজোৰা সাধনাত ব্ৰতী হ’ব লাগিব। আমাৰ ভিতৰত থকা অশুভ চিন্তা নাইকীয়া কৰি মনৰ মলিনতা আঁতৰ কৰিব লাগিব। মন আৰু শৰীৰৰ সংস্কাৰ সাধন কৰিবলৈ ইতিবাচক দৃষ্টিভংগী গঢ় দিব লাগিব। আজি অসমৰ যুৱ শক্তিয়ে বিভিন্ন কৰ্ম পথাৰত উজলি উঠিছে। আমাৰ সমাজখনত প্ৰচুৰ সম্পদ আৰু সম্ভাৱনা আছে। এই সম্ভাৱনা আবিষ্কাৰ কৰি বিশ্বৰ বুকুত আমাৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব লাগিব। শুদ্ধ মনৰ গৰাকী হৈ সমাজখনত শান্তি- সম্প্ৰীতি, বন্ধুত্ব আৰু ভাতৃত্ববোধৰ বান্ধোন অধিক শক্তিশালী কৰিব লাগিব। ইয়াৰ বাবে সততাৰে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। উঠি অহা প্ৰজন্মক প্ৰকৃত মানৱ সম্পদ হিচাপে গঢ় দিব লাগিলে আমি দায়বদ্ধতাৰে তেওঁলোকক আগবঢ়াই নিব লাগিব। মহান মণীষী আৰু মহাপুৰুষ সকলে এৰি যোৱা মানবীয় বাণীৰে কৰ্ম পথাৰত
শ্ৰেষ্ঠত্বা আহৰণ কৰিব লাগিব। খোলো ইণ্ডিয়া য়ুথ গেমছৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিগৰাকী যুৱ প্ৰজন্মৰ খেলুৱৈয়ে নিজৰ শ্ৰেষ্ঠত্বা উজাৰি দিবলৈ কঠোৰ পৰিশ্ৰমত আত্ম নিয়োগ কৰিছে। উঠি অহা প্ৰজন্মক মানসিক ভাৱে উদ্বুদ্ধ কৰিব লাগিলে প্ৰবাদ পুৰুষ সকলক সন্মুখত ৰাখি তেওঁলোকৰ আদৰ্শৰ দ্বাৰা জীৱন- পৰিচালিত কৰাৰ বাবে পৰিবেশ নিৰ্মাণ কৰিব লাগিব। ৰূপকোঁৱৰৰ আদৰ্শৰে আমাৰ যুৱ প্ৰজন্মই বিশ্ব জয় কৰিব লাগিব।” মুখ্য মন্ত্রী গৰাকীয়ে বঁটা প্ৰাপক দুয়োগৰাকী শিল্পীক আন্তৰিক অভিনন্দন জনাই দুয়োগৰাকী শিল্পীয়ে অসমৰ সাংস্কৃতিক জীৱন ধাৰালৈ অঅন্য বৰঙণি আগবঢ়াইছে বুলি উল্লেখ কৰে। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেই কয়” ৰূপান্তৰৰ কলাকাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আছিল সৃজনীশলী প্ৰতিভাৰ পৰম বিষ্ময়। তেওঁ স্বাধীনতা সংগ্ৰামত দেশপ্ৰেম মুকল গীতেৰে জনসাধাৰণৰ মনত দেশপ্ৰেম মুকল ভাৱনা শক্তিশালী কৰিছিল। তেওঁৰ সাম্য মৈত্রীৰ গানে আমাৰ ঐক্য -সংহতিৰ বান্ধোন আদিক শক্তিশালী কৰি তুলিছিল।” অনুষ্ঠানত
গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই কয়” জ্যোতিপ্ৰসাদ আগৰৱালাৰ আভাৰে অসম খন জীয়াই ৰাখক। তেওঁ আজিও আমাৰ মাজত জীয়াই আছে।” অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে কয় ” ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা আছিল আজন্ম শিল্পী। তেওঁৰ অস্থি আৰু মজ্জাত সংস্কৃতিৰ বাণী নিহিত হৈ আছিল। শিল্পী হোৱা সহজ নহয়। কেৱল গীত গালে, নাটক কৰিলে শিল্পী নহয়। শব্দ ব্ৰহ্ম। মঞ্চত শব্দ ব্যৱহাৰ কৰোঁতে সাৱধান হ’ব লাগে। অশ্লীল শব্দ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে।শিল্পী হ’বলৈ বিপ্লৱ আৰু সাহসৰ প্ৰয়োজন। জ্যোতিপ্ৰসাদ আগৰৱালা আছিল ৰূপান্তৰৰ শিল্পী। নতুন চিন্তা – ভাবনাৰে অসমীয়া জাতিক তেওঁ কৃষ্ণ সংস্কৃতিৰ মাজেৰে সঞ্জীৱনী সুধা দিছিল। মন আৰু চকুত জ্যোতি নাথাকিলে জ্যোতিপ্ৰসাদ আগৰৱালাক বুজা সহজ নহয়। ” অনুষ্ঠানত জ্যোতি প্ৰসাদ আগৰৱালাৰ পুত্ৰ বধু অঞ্জলী আগৰৱালাই কয় ” জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত মাত, আদর্শই সৰুৰে পৰা অনুপ্ৰেৰিত কৰিছিল। তেওঁ লগতে কবিতা পাঠ কৰে।
আনহাতে বঁটা গ্ৰহণ কৰি বিশিষ্ট শিল্পী অপূৰ্ব বেজবৰুৱাই কয় ” আজি মোৰ বাবে এটা স্মৰণীয় দিন। জীৱিত কালত মই ইমান আশীৰ্বাদ পালোঁ। জ্যোতি চিত্ৰবনত প্রথম আধুনিক কেছেট মই কৰিছিলোঁ। মই লিখা গান ডঃ ভূপেন হাজৰিকা, জুবিন গাগেও গাইছে। স্বীকৃতি য়ে সাহস আৰু প্ৰেৰণা দিয়ে। চৰকাৰী – বেচৰকাৰী ভাবে এই মোৰ প্ৰথম বঁটা।” তেওঁ লগতে নিজৰ গীতৰ পৰিবেশন কৰে।
এই অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী,সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটাৰ
লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। জ্যোতি সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত
সাংস্কৃতিক সঞ্চালকায়ৰ সঞ্চালক বিষ্ণু কমল বৰাই আদৰণি ভাষণ দিয়া গম্ভীৰ্য পূৰ্ণ অনুষ্ঠানৰ আঁত ধৰে ইপ্শিতা হাজৰিকাই। মুখ্যমন্ত্ৰী গৰাকীয়ে অনুষ্ঠানৰ আৰম্ভণি তে জ্যোতি চিত্ৰৱনত থকা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰি শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনায়।উল্লেখযোগ্য ১৯৩২ চনৰ ২ জানুৱাৰীত জন্মগ্ৰহণ কৰা গোপী কান্ত সিন্ হাই লক্ষ্ণৌৰ ভাতখাণ্ডে সংগীত বিদ্যাপীঠৰ অধীনত ১৯৭৭ চনত শাস্ত্ৰীয় সংগীতৰ বিশাৰদ সন্মান লাভ কৰে ১৯৫৮ চনৰ পৰাই সংগীত শিল্পীগৰাকীয়ে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ লগতে বিষ্ণুপ্ৰিয়া মণিপুৰী লোকগীত, ৰবীন্দ্ৰ সংগীত, নজৰুল গীত, গজল, ভজন আৰু অসমীয়া আধুনিক গীত আদি গীতত কণ্ঠ নিগৰাই অসমীয়া সংগীত ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়াই আহিছে। অসমৰ লগতে মণিপুৰ, ত্ৰিপুৰা, পশ্চিমবঙ্গ আৰু লক্ষ্ণৌৰ বিভিন্ন স্থানত আয়োজিত অনুষ্ঠানত গীত পৰিবেশন কৰি তেওঁ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। শিলচৰ দূৰদৰ্শন কেন্দ্ৰ, আকাশবাণী শিলচৰ কেন্দ্ৰ আৰু ঈশান বাংলা বি টি এন যোগে সম্প্ৰচাৰিত শিল্পী গৰাকীৰ গীতে শ্ৰোতাৰ হৃদয়ত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হয়। আনহাতে ১৯৫১ চনৰ ১৫ অক্টোবৰত শিৱসাগৰ জিলাৰ নাজিৰাত জন্ম গ্ৰহণ কৰা অপূৰ্ব বেজবৰুৱাই এতিয়ালৈকে প্ৰায় দুশ মান অডিঅ’ কেছেট ত কণ্ঠ দিছে। ইয়াৰ ভিতৰত প্ৰহৰী, চম্পাৱতী, শিল্পী, মাদলী, মাইচানা, চাহফুল, মোৰে চেনাই ঐ, মন নাচে ব’হাগত, মন হীৰা দৈ, ৰূপহী, ৰূপে মোহনীয়া, ৰং ঢালী, মাকন ঐ, সন্ধান, মায়াবিনি মৰিচিকা আদি উল্লেখযোগ্য। দুহাজাৰৰো অধিক গীত ৰচনা কৰা গীতিকাৰ গৰাকীৰ কেইখনমান উল্লেখযোগ্য গীতৰ পুথি হৈছে চিলমিল টোপনিতে, মহুৱা ফুলৰ গোন্ধ, কপৌ ফুলা বতৰত, মন সাগৰৰ ঢৌ, গীতৰ সুৰভি আৰু অপূৰ্ব বেজবৰুৱাৰ জনপ্ৰিয় গীত। ৰঙা নদী, বুকুৰ মাজত জ্বলে, আই কিল্ড হিম ছাৰ, অভিশপ্ত প্ৰেম, সোণৰ খাৰু নেলাগে মোক আদি অসমীয়া চলচ্চিত্ৰ ৰ বাবে গীত ৰচনা কৰা অপূৰ্ব বেজবৰুৱাই ‘অভিশপ্ত প্ৰেম’, মায়া ( বেংগলী), সোণৰ খাৰু নেলাগে মোক আদি অসমীয়া চলচ্চিত্ৰৰ লগতে কেইবা খনো ধাৰাবাহিক, টেলিফিল্ম আৰু তথ্য চিত্ৰৰো সংগীত পৰিচালনা আৰু কণ্ঠদান কৰিছে। এই অনুষ্ঠানত জ্যোতি চিত্রবন আৰু ডঃ ভূপেন হাজৰিকা অঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত চিত্ৰাংকণ প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কৃত কৰা হয়।অসম সংগীতেৰে অনুষ্ঠানৰ সামৰণী পৰে।

About Staff Reporter

চাব পাৰে

সদৌ অসম লেখিকা সমাৰোহ সমিতি, গুৱাহাটী শাখাৰ দ্বি- বাৰ্ষিক সভা

  ষ্টাফৰিপোৰ্টাৰ, ১৫ ফেব্ৰুৱাৰী : সদৌ অসম লেখিকা সমাৰোহ সমিতি, গুৱাহাটী শাখাৰ দ্বি- বাৰ্ষিক সভাখন …

Leave a Reply

Your email address will not be published. Required fields are marked *