Saturday , January 25 2020
শেহতীয়া খবৰ
Home / মহানগৰ / বিশিষ্ট সংগীত শিল্পী গোপী কান্ত সিন্ হা আৰু অপূৰ্ব বেজবৰুৱালৈ ২০২০ চনৰ শিল্পী বঁটা

বিশিষ্ট সংগীত শিল্পী গোপী কান্ত সিন্ হা আৰু অপূৰ্ব বেজবৰুৱালৈ ২০২০ চনৰ শিল্পী বঁটা

 

ষ্টাফৰিপোৰ্টাৰ, ১৩ জানুৱাৰী : বিশিষ্ট সংগীত শিল্পী গোপী কান্ত সিন্ হা আৰু অপূৰ্ব বেজবৰুৱালৈ ২০২০ চনৰ শিল্পী বঁটা আগবঢ়োৱা হৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে ১৭ জানুৱাৰীত দিনৰ ১ বজাত গুৱাহাটীৰ জ্যোতি চিত্ৰবনত কেন্দ্ৰীয় ভাৱে আয়োজন কৰা শিল্পী দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুয়োগৰাকী শিল্পীক এই বঁটাৰে সন্মানিত কৰিব। এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। ৰাজ্য চৰকাৰে ১৯৯৯ চনৰ পৰা প্ৰদান কৰি অহা এই বঁটাত আছে নগদ দুই লাখ টকাৰ লগতে এখন প্ৰশস্তি পত্ৰ আৰু এখন অংগ বস্ত্ৰ। উল্লেখযোগ্য ১৯৩২ চনৰ ২ জানুৱাৰীত জন্মগ্ৰহণ কৰা গোপী কান্ত সিন্ হাই লক্ষ্ণৌৰ ভাতখাণ্ডে সংগীত বিদ্যাপীঠৰ অধীনত ১৯৭৭ চনত শাস্ত্ৰীয় সংগীতৰ বিশাৰদ সন্মান লাভ কৰে ১৯৫৮ চনৰ পৰাই সংগীত শিল্পীগৰাকীয়ে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ লগতে বিষ্ণুপুৰীয়া মণিপুৰী লোকগীত, ৰবীন্দ্ৰ সংগীত, নজৰুল গীত, গজল, ভজন আৰু অসমীয়া আধুনিক গীত আদি গীতত কণ্ঠ নিগৰাই অসমীয়া সংগীত ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়াই আহিছে। অসমৰ লগতে মণিপুৰ, ত্ৰিপুৰা, পশ্চিমবঙ্গ আৰু লক্ষ্ণৌৰ বিভিন্ন স্থানত আয়োজিত অনুষ্ঠানত গীত পৰিবেশন কৰি তেওঁ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। শিলচৰ দূৰদৰ্শন কেন্দ্ৰ, আকাশবাণী শিলচৰ কেন্দ্ৰ আৰু ঈশান বাংলা বি টি এন যোগে সম্প্ৰচাৰিত শিল্পী গৰাকীৰ গীতে শ্ৰোতাৰ হৃদয়ত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হয়। আনহাতে ১৯৫১ চনৰ ১৫ অক্টোবৰত শিৱসাগৰ জিলাৰ নাজিৰাত জন্ম গ্ৰহণ কৰা অপূৰ্ব বেজবৰুৱাই এতিয়ালৈকে প্ৰায় দুশ মান অডিঅ’ কেছেট ত কণ্ঠ দিছে। ইয়াৰ ভিতৰত প্ৰহৰী, চম্পাৱতী, শিল্পী, মাদলী, মাইচানা, চাহফুল, মোৰে চেনাই ঐ, মন নাচে ব’হাগত, মন হীৰা দৈ, ৰূপহী, ৰূপে মোহনীয়া, ৰং ঢালী, মাকন ঐ, সন্ধান, মায়াবিনি মৰিচিকা আদি উল্লেখযোগ্য। দুহাজাৰৰো অধিক গীত ৰচনা কৰা গীতিকাৰ গৰাকীৰ কেইখনমান উল্লেখযোগ্য গীতৰ পুথি হৈছে চিলমিল টোপনিতে, মহুৱা ফুলৰ গোন্ধ, কপৌ ফুলা বতৰত, মন সাগৰৰ ঢৌ, গীতৰ সুৰভি আৰু অপূৰ্ব বেজবৰুৱাৰ জনপ্ৰিয় গীত। ৰঙা নদী, বুকুৰ মাজত জ্বলে, আই কিল্ড হিম ছাৰ, অভিশপ্ত প্ৰেম, সোণৰ খাৰু নেলাগে মোক আদি অসমীয়া চলচ্চিত্ৰ ৰ বাবে গীত ৰচনা কৰা অপূৰ্ব বেজবৰুৱাই ‘অভিশপ্ত প্ৰেম’, মায়া ( বেংগলী), সোণৰ খাৰু নেলাগে মোক আদি অসমীয়া চলচ্চিত্ৰৰ লগতে কেইবা খনো ধাৰাবাহিক, টেলিফিল্ম আৰু তথ্য চিত্ৰৰো সংগীত পৰিচালনা আৰু কণ্ঠদান কৰিছে।

About Staff Reporter

চাব পাৰে

নাগৰিকত্ব সংশোধনী আইন ( কা) বিৰোধী সমন্বয় সমিতি, অসমৰ সাংবাদমেল

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : “চৰকাৰে দমনমূলক নীতি চলাই আছে। সংবিধান খন অপষ্ট হৈ পৰিছে। …

Leave a Reply

Your email address will not be published. Required fields are marked *