Friday , October 18 2019
শেহতীয়া খবৰ
Home / সাহিত্য / বিশিষ্ট সাহিত্যিক পূৰবী বৰমুদৈৰ বিয়োগ

বিশিষ্ট সাহিত্যিক পূৰবী বৰমুদৈৰ বিয়োগ

 

ষ্টাফৰিপৰ্টাৰ ১৫ জুলাই: অসমৰ বিশিষ্ট সাহিত্যিক পূৰবী বৰমুদৈৰ বিয়োগ। আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ঘটে প্রথিতযশা সাহিত্যিক গৰাকীৰ। প্ৰথিতযশা সাহিত্যিক ,সাহিত্য অকাদেমী বঁটাৰে সন্মানিত পূৰৱী বৰমুদৈ ৰ বিয়োগত বিত্ত, গড়কাপ্তানী, স্বাস্হ্য আদি বিভাগৰ মাননীয় মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁৰ মৃত্যু এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰি মন্ত্ৰী গৰাকীয়ে কয় “ভাষা-সাহিত্যৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা অৱদান চিৰস্মৰণীয় হৈ ৰ’ব।বিশিষ্ট সাহিত্যিক গৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰি শোকস্তব্ধ পৰিয়ালবৰ্গলৈ তেওঁ গভীৰ সমবেদনা জ্ঞাপন কৰে।
পূৰবী বৰমুদৈৰ বিয়োগত অসম সাহিত্য সভা, অৰুণাচল প্ৰদেশ লিটেৰেৰী ছচাইটিৰ শোক প্ৰকাশ কৰিছে।*মৃত্যুৰ পূৰ্বে দেহদান কৰি গৈছিল প্ৰখ্যাত লেখিকাগৰাকীয়ে*। তেওঁৰ আজি পুৱা ৬.০১ বজাত জিএমচিএইছত দেহাৱসান* হয়। প্ৰখ্যাত লেখিকা পূৰবী বৰমুদৈ আৰু নাই।সোমবাৰে পুৱা ৬.০১ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কথা শিল্পীগৰাকীয়ে। ২০০৭ত ‘শান্তনুকুলনন্দন’ উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰা পূৰবী বৰমুদৈয়ে ২০১১ত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। প্ৰবীণা শইকীয়া বঁটাকে ধৰি বহু বঁটা, সন্মানেৰে বিভূষিত হৈছিল বৰমুদৈ। ১৯৫০ৰ ৮ মে’ত তেজপুৰৰ দেউৰীগাঁৱত জন্মলাভ কৰা প্ৰথিতযশা সাহিত্যিকগৰাকীয়ে প্রথম অৱস্থাত শিক্ষকতা কৰিছিল যদিও সাহিত্য চৰ্চাত মনোনিৱেশ কৰাৰ বাবে তেওঁ চাকৰি ত্যাগ কৰে। ১৯৭৬ত বিশিষ্ট শিক্ষাবিদ, সমালোচক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড০আনন্দ বৰমুদৈৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কবিতা ৰচনাৰে সাহিত্যিক জীৱন আৰম্ভ কৰা পূৰবী বৰমুদৈয়ে পৰৱৰ্তী সময়ত চুটিগল্প আৰু উপন্যাস ৰচনাৰে প্ৰতিষ্ঠা লাভ কৰে। ১৯৯৯ত প্ৰকাশ পায় তেওঁৰ প্ৰথম উপন্যাস ‘গজৰাজ প্ৰেম আৰু বন্দিত্ব। বিশিষ্ট সাহিত্যিকগৰাকীয়ে মৃত্যুৰ পূৰ্বে তেওঁৰ চকু আৰু দেহ চিকিৎসা বিজ্ঞানৰ সহায়ক হোৱাকৈ দান কৰি গৈছে। অসম সাহিত্য সভাৰ বাসন্তি বৰদলৈ বঁটা প্ৰাপক প্ৰখ্যাত সাহিত্যিক পূৰবী বৰমুদৈৰ বিয়োগত অসম সাহিত্য সভাৰ গভীৰ শোক প্ৰকাশ। অসমীয়া ভাষা-সাহিত্যলৈ অসামান্য অৱদান আগবঢ়োৱা
প্ৰয়াত কথাশিল্পীগৰাকীৰ অনন্য সাহিত্যসৃষ্টি অসমীয়া সাহিত্যৰ ইতিহাসত চিৰকাল জিলিকি ৰ’ব বুলি অসম সাহিত্য সভাৰ সভাপতি ড০পৰমানন্দ ৰাজবংশীয়ে এক শোকবাৰ্তা যোগে মন্তব্য কৰিছে। পূৰবী বৰমুদৈৰ বিয়োগ অসমৰ বৌদ্ধিক জীৱনৰ এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰি শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে বিদেহ আত্মাৰ সদগতি কামনা কৰিছে অসম সাহিত্য সভাৰ সভাপতি ড০পৰমানন্দ ৰাজবংশী আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাই। শোক প্ৰকাশ কৰিছে অৰুণাচল প্ৰদেশ লিটেৰেৰী ছ’চাইটিকে ধৰি বিভিন্ন দল-সংগঠনে। পূৰবী বৰমুদৈৰ প্ৰকাশিত গ্ৰন্থঃ হৈছে “গজৰাজ প্ৰেম আৰু বন্দিত্ব'(১৯৯৯)
‘ৰূপোৱালী নৈ সোণোৱালী ঘাট’
‘শান্তনুকুলনন্দন’
‘বাঘশাল, বাঘজাল আৰু মানুহ ;
‘পৰম পূজনীয় আৰু দুখন উপন্যাস’, ‘এটা আলিবাটৰ ইতিকথা, ‘সপোনৰ ঘৰ ঘৰৰ সপোন’, ‘পূৰৱী বৰমুদৈৰ নিৰ্বাচিত গল্প’, পূৰৱী বৰমুদৈৰ উপন্যাস সংকলন’ আদি।বিশিষ্ট সাহিত্যিক পূৰবী বৰমুদৈৰ বিয়োগত ইলোৰা বিজ্ঞান মঞ্চৰ শোক আৰু শ্ৰদ্ধাঞ্জলি। স্বনামধন্য কবি-সাহিত্যিক-ঔপন্যাসিকা, সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত লেখিকা পূৰবী বৰমুদৈৰ বিয়োগত ইলোৰা বিজ্ঞান মঞ্চই গভীৰ শোক প্ৰকাশ কৰিছে আৰু বিজ্ঞানমনস্ক-মানৱতাবাদী লেখিকা গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। বিজ্ঞান মঞ্চই তেখেতৰ স্বামী তথা বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক-সমালোচক ডঃ আনন্দ বৰমুদৈ, পুত্ৰ অৰ্ণব বৰমুদৈ আৰু শোকবিহ্বল পৰিয়ালৰ সদস্য সকলৰ লগতে অগণন গুণমুগ্ধৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে। ইলোৰা বিজ্ঞান মঞ্চই প্ৰকাশ কৰা এটি শোকবাৰ্তাত কোৱা হয়, পূৰবী বৰমুদৈৰ সৃষ্টিশীল সাহিত্য কৰ্মৰ মাজত নিহিত হৈ আছে প্ৰচুৰ জীৱনীশক্তি, বিশ্বজনীন আৱেদন আৰু গভীৰ মানৱতাবাদ। তেখেতৰ শিল্পীকৰ্মত প্ৰতিফলিত হৈছে অসমৰ সমাজ জীৱনৰ এক বলিষ্ঠ, বস্তুনিষ্ঠ আৰু নিভাঁজ প্ৰতিচ্ছবি। ধৰ্মনিৰপেক্ষ প্ৰমূল্যসমূহক চকুৰ মণিৰ দৰে ৰক্ষা কৰা লেখিকা গৰাকীৰ হৃদয়ৰ অন্ত:স্থলত প্রোথিত হৈ আছিল সাম্প্ৰদায়িক সম্প্ৰীতিৰ বীজ। তেখেতৰ ধমনীত প্ৰবাহিত হৈছিল যুক্তিবাদ, বিজ্ঞানমনস্কতা আৰু মানৱসেৱাৰ অন্তহীন স্পৃহা।দৃষ্টিহীনক দৃষ্টিদান আৰু মানৱ-কল্যাণ তথা চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ বাবে মৰণোত্তৰ নেত্ৰদান আৰু দেহদান কৰি মৃত্যুৰ পাছতো পূৰবী বৰমুদৈয়ে মানৱসেৱাৰ উৎকৃষ্ট নিদৰ্শন এৰি গ’ল আৰু গাই গ’ল জীৱনৰ জয়গান। আজি লেখিকা গৰাকীৰ মৃত্যু সংবাদ পোৱাৰ লগে লগে ইলোৰা বিজ্ঞান মঞ্চৰ সাধাৰণ সম্পাদক কমলেশ গুপ্ত, মঞ্চৰ অন্যতম প্ৰতিষ্ঠাতা ইচফাকুৰ ৰহমান আৰু বহুকেইজন কৰ্মকৰ্তা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ গৈ মহীয়সী নাৰীগৰাকীৰ মৰদেহত পুষ্পমাল্য অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে আৰু গাম্ভীৰ্যপূৰ্ণ দেহদান অনুষ্ঠানটোত উপস্থিত থাকে। বিজ্ঞান মঞ্চই প্ৰকাশ কৰা বিবৃতিটোত কোৱা হয় যে পূৰবী বৰমুদৈৰ মৃত্যুত অসমৰ সৃষ্টিশীল সাহিত্য জগতৰ এক আপুৰণীয় ক্ষতি হ’ল। তেখেতৰ জীৱন দৰ্শন আৰু সাহিত্য কীৰ্তিৰ অক্ষয় ভাণ্ডাৰ চিৰভাস্বৰ হৈ জিলিকি থাকিব বুলি বিবৃতিটোত উল্লেখ কৰা হয়। .

About Staff Reporter

চাব পাৰে

হও আচৰিত (কবিতা)

হও আচৰিত (কবিতা) বিতু বৰুৱা

Leave a Reply

Your email address will not be published. Required fields are marked *