Friday , May 24 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / বিশ্বনাথত পুনৰ চাঞ্চল্যকৰ কাণ্ড : টুপী নিপিন্ধিবলৈ ভাবুকি ইছলাম লোকক ( ভিডিঅসহ)

বিশ্বনাথত পুনৰ চাঞ্চল্যকৰ কাণ্ড : টুপী নিপিন্ধিবলৈ ভাবুকি ইছলাম লোকক ( ভিডিঅসহ)

বিশ্বনাথত বিজেপি নেতাৰ গুণ্ডামিঃ

FNR বিশ্বনাথৰ সহযোগত হালিমা বেগম  : নিৰীহ লোকক মাৰধৰ কৰাৰ লগতে সংখ্যালঘু এজন লোকৰ ধৰ্মীয় টুপি নিপিন্ধিবলৈ ভাবুকি প্ৰদান কৰি ৰঙা ঘৰৰ আলহী হল বিশ্বনাথৰ বিজেপি নেতা তপন হাজৰিকা।

বিশ্বনাথ কাণ্ডৰ উত্তেজনা মাৰ নৌযাওতে পুনৰ বিশ্বনাথত বিজেপি নেতাৰ গুণ্ডাৰ আক্ৰমনৰ বলি হল নিৰীহ খাটি খোৱা ধৰ্মীয় সংখালঘুৰ লোক।বিশ্বনাথৰ সপ্তাহীক বজাৰত চৌকত আলিক যি দৰে বিশেষ মাংস খোৱাইছিল,পুনৰ সেই বিশেষ মাংস ভক্ষন কৰাৰ ভাবুকি ধৰ্মীয় সংখালঘুক লগতে ধৰ্মীয় সংখ্যালঘু এজন লোকক ধৰ্মীয় টুপি নিপিন্ধিবলৈ ভাবুকি প্ৰদান কৰাৰ উপৰিও মাটি পেলোৱা কামত প্ৰতি গাড়ীত ৫০ টকা গুণ্ডা টেক্সৰৰ দাবী।অন্যথা কাম বন্ধ কৰি দিয়াৰ ভাবুকি বিজেপি নেতাৰ তপন হাজৰিকাৰ দ্বাৰা ।
বিশ্বনাথৰ দগাও ৱাটাৰ চাপ্লাইৰ কাষত বিহপুৰীয়াৰ ঠিকাদাৰ মনোজ বৰুৱাৰ নেতৃত্বত কেইজনমান ধৰ্মীয় সংখ্যালঘু শ্ৰমিকে তথা কৰ্মচাৰীয়ে জেচিবি আৰু ট্ৰেক্টৰৰে মাটি পেলুৱা কাম কৰি আছিল।কিন্তু সেই স্থানত বিশ্বনাথৰ তপন হাজৰিকা নামৰ এজন বিজেপি নেতাই সেই কামত নিয়োগ হৈ থকা ধৰ্মীয় সংখ্যালঘু কৰ্মচাৰীক বেয়াকৈ মাৰধৰ কৰি প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ লগতে সাম্প্ৰদায়িক মন্তব্য কৰে।যি সময়ত বিশ্বনাথ কাণ্ডই ভাৰতৰ লগতে সমগ্ৰ বিশ্বত সলকনি সৃষ্টি কৰাৰ উপৰিও দুষ্কৃতিকাৰীয়ে শংকৰ আজানৰ দেশত ভাতৃঘাটি সংঘৰ্ষৰ বীজ বিয়পাব বিচাৰিছিল।কিন্তু বিশ্বনাথৰ সমূহ জাতীয় দল সংগঠনকে ধৰি আৰক্ষী প্ৰশাসনে পৰিস্হিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।সেই ঘটনাৰ উত্তেজনা মাৰ নাজাওতেই পুনৰ বিশ্বনাথত তপন হাজৰিকা নামৰ বিজেপি নেতাজনে ধৰ্মীয় সংখ্যালঘু লোকক মাৰধৰ কৰাৰ লগতে বিভিন্ন সাম্প্ৰদায়িক মন্তব্য দিয়াৰ উপৰিও ট্ৰেক্টৰ চালক মল্লবী জনক কামৰ স্থানত আহিলে ধৰ্মীয় টুপি পৰ্যন্ত নিপিন্ধিবলৈও ভাবুকি প্ৰদান কৰা কথা সমগ্ৰ বিশ্বনাথতে চৰ্চাৰ বিষয় হৈ পৰিছে।

বিজেপি নেতা তপন হাজৰিকাই কৰ্মাচাৰী এজনক মাৰধৰ কৰা কাৰ্যক এজন শ্ৰমীকে বচাবলৈ আহোতে সেই শ্ৰমীক জনকো তপন হাজৰিকাই দাড়ি ধৰি ডিঙিত আক্ৰমন কৰাৰ লগতে বেয়াকৈ মাৰধৰ কৰাৰ বিৰুদ্ধে ভুক্তভোগী সকলে বিশ্বনাথ আৰক্ষী থানত এজাহাৰ দাখিল কৰাত আজি বিশ্বনাথ আৰক্ষীয়ে বিজেপি নেতা তপন হাজৰিকাক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰন কৰে।সম্প্ৰতি বিশ্বনাথৰ বিধায়কৰ সোহাতস্বৰুপ তপন
হাজৰিকা বিশ্বনাথ জিলা কাৰাগাৰত ন্যায়িক জিম্মাত আছে ।

About Staff Reporter

চাব পাৰে

পঞ্চম ৰাউণ্ডত গোলাঘাট সমষ্টিত গৌৰৱ গগৈৰ অগ্ৰগতি

পঞ্চম ৰাউণ্ডত গোলাঘাট সমষ্টিত গৌৰৱ গগৈৰ অগ্ৰগতি : গোলাঘাট, ২৩ মে’ : ইতিমধ্যে গোলাঘাট সমষ্টিত …

Leave a Reply

Your email address will not be published. Required fields are marked *