Monday , August 26 2019
শেহতীয়া খবৰ
Home / মহানগৰ / বিশ্ব অংগদান দিৱস উপলক্ষে “চাইক্লথন”

বিশ্ব অংগদান দিৱস উপলক্ষে “চাইক্লথন”

 

ষ্টাফৰিপৰ্টাৰ, ১৩ আগষ্ট : বিশ্ব অংগদান দিৱস উপলক্ষে মঙলবাৰে জূৱলী ফাউন্ডেচনৰ উদ্যোগত চাইক্লথনৰ আয়োজন কৰা হয়। সৰ্বসাধাৰণৰ মাজত অংগদান সম্পৰ্কে সজাগতা সৃষ্টি কৰা বাবে “চাইকেল টু ৰিচাইকেল” শীর্ষক বিষয় লৈ আয়োজন কৰা চাইক্লথনৰ আৰম্ভণি অসম ৰাজ্যিক চিৰিয়াখানাৰ উদ্ভিদ উদ্যানৰ কৰা হয়। এই চাইক্লথনৰ ফ্লেগ অফ কৰে আই পি এছ , কামৰূপ জিলা গ্ৰাম্য ৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তই। এই কাৰ্যসূচীত লৌহ মানৱ ৰাজনীশ গোস্বামী, আৰু চি আই চিৰ আৰক্ষী অধীক্ষক ইন্দ্ৰানী বৰুৱা উপস্থিত থাকে। এই কাৰ্যসূচীৰ জড়িয়তে জুৱলী ফাউন্ডেচনৰ অধ্যক্ষ, কণ্ঠশিল্পী জুৱলী বৰুৱাই কয় ” সকলোৰে মাজত অংগদান সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাইজ সজাগ হোৱা উচিত কিয়নো এজন ব্যক্তিৰ অংগদানে ৯ জন ব্যক্তিৰ জীৱন দান কৰিব পাৰে। যাৰ জৰিয়তে আমি এখন সুন্দৰ সমাজ গঢ়িব পাৰোঁ।”এই চাইক্লথন অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা আৰম্ভ হৈ চানমাৰী, জি এছ ৰোড হৈ প্ৰায় ১৩ কিলোমিটাৰ অতিক্ৰম কৰি পুনৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ উদ্ভিদ উদ্যানত সামৰণী পৰে। এই চাইক্লথনত জুৱলী ফাউন্ডেচনৰ অধ্যক্ষ, কণ্ঠশিল্পী জুৱলী বৰুৱা, ৩০ গৰাকী চাইক্লিষ্টৰ লগতে জুৱলী ফাউন্ডেচনৰ বিষয় ববীয়া, সদস্যই অংশগ্ৰহণ কৰে।

About Staff Reporter

চাব পাৰে

গুৱাহাটীত নৰ্থ ইষ্ট মেডিকেল এক্সপো আৰম্ভ

  ষ্টাফৰিপৰ্টাৰ,,২৩ আগষ্ট ।। উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে চিকিৎসা আৰু হাস্পতালৰ অন্যান্য …

Leave a Reply

Your email address will not be published. Required fields are marked *