Sunday , April 5 2020
শেহতীয়া খবৰ
Home / মহানগৰ / বিশ্ব নাৰী হৃদয় মাহ উপলক্ষে জি এন আৰ চি ৰ সজাগতামূলক অনুষ্ঠান সম্পন্ন

বিশ্ব নাৰী হৃদয় মাহ উপলক্ষে জি এন আৰ চি ৰ সজাগতামূলক অনুষ্ঠান সম্পন্ন

 

ষ্টাফৰিপোৰ্টাৰ,১৩ ফেব্ৰুৱাৰী : হৃদৰোগত আক্ৰান্ত হৈ বিশ্বৰ সৰ্বাধিক লোক মৃত্যু মুখত পৰে। সকলো প্ৰকাৰৰ কৰ্কট ৰোগত যিমান মহিলাৰ প্ৰতিবছৰে মৃত্যুমুখত পৰে তাতকৈ কেবা গুণো বেছি মহিলা বিভিন্ন হৃদৰোগত আক্ৰান্ত হৈ মৃত্যমুখত পৰে–এইদৰে কয় জি এন আৰ চি ৰ জৰুৰীকালীন বিভাগৰ মুৰব্বী ডাঃ অনুপম বৰগোহাইয়ে। জি এন আৰ চি হাস্পতালৰ দিছ্পুৰ চৌহদত “নাৰী হৃদয় মাহ” শীৰ্ষক সজাগতা মূলক অনুষ্ঠানত ডাঃ অনুপম বৰগোহাইয়ে লগতে কয় ” এক সমীক্ষা অনুসৰি প্ৰতি তিনিগৰাকী মহিলাৰ ভিতৰত এগৰাকী হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে। গৰ্ভনিৰোধক বড়ি আৰু ধূমপানে কম বয়সীয়া নাৰীৰ ক্ষেত্ৰত হৃদৰোগৰ সম্ভাৱনা ২০ শতাংশ পৰ্যন্ত বঢ়াই তোলে। ইয়াৰ বাবে নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰিব লাগে। সচেতন তাৰ অভাৱত বহু মহিলাই প্ৰতিবছৰে মৃত্যুক আঁকোৱালি ল’ব লগীয়া হয়। হৃদৰোগৰ মূল কাৰণ হ’ল উচ্চ ৰক্তচাপ, ধূমপান, সুৰাপান, উচ্চ কলেষ্টৈৰ’ল, মেদবহুলতা আৰু শাৰীৰিক পৰিশ্ৰমৰ অভাৱ। সময়োপযোগী চিকিৎসাৰে হৃদপিণ্ডটোক সবল-সুঠাম কৰি ৰাখিব পৰা যায়। ” এই কাৰ্যসূচীত হাৰ্ট কেয়াৰ ছ’চাইটিৰ সম্পাদক তথা জ্যেষ্ঠ হাৰ্ট ছাৰ্জন ডাঃ বিকাশ ৰায় দাস উপস্থিত থাকি ব্যক্তব্য আগবঢ়ায়।
উল্লেখ মহিলাৰ ক্ষেত্ৰত হৃদৰোগৰ ভয়াবহতা সম্পর্কে সচেতনতা সৃষ্টি কৰাৰ উদ্দেশ্যে সমগ্ৰ বিশ্বতে ফেব্ৰুৱাৰী মাহটো “নাৰী হৃদয় মাহ” হিচাপে পালন কৰা হয়। হাৰ্ট কেয়াৰ ছ’চাঁইটি অৱ আছামৰ গুৱাহাটী শাখা, উষানগৰ জোনাকী সংঘ, ৰূপালীম মহিলা চ’ৰা, দিছপুৰ কলেজৰ ছোৱালী এন এছ শাখা আৰু সাতসৰী ৱমেন ছ’চিঅ ইক’নমিক গোটৰ সহযোগত এই উপলক্ষে জি এন আৰ চিত এক বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়।

About Staff Reporter

চাব পাৰে

অসহায় লোকৰ মাজত মহাৰাজা অগ্ৰসেন চেৰিটেবল ট্ৰাষ্টৰ খাদ্য সামগ্ৰী বিতৰণ

  ষ্টাফৰিপোৰ্টাৰ, ৩১ মাৰ্চ : কোৰোনা ভাইৰাছে বিশ্বব্যাপি সন্ত্ৰাসৰ সৃষ্টি কৰিছে। ইতিমধ্যে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে …

Leave a Reply

Your email address will not be published. Required fields are marked *