Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / বিশ্ব মধুমেহ দিৱস উপলক্ষে হায়াত হাস্পতালৰ মাৰাথনৰ দৌৰৰ আয়োজ

বিশ্ব মধুমেহ দিৱস উপলক্ষে হায়াত হাস্পতালৰ মাৰাথনৰ দৌৰৰ আয়োজ

 

২০৩০ চনৰ ভিতৰত ভাৰতত মধুমেহ ৰোগীৰ সংখ্য ১০ কৌটি বৃদ্ধি পাব–ডাঃ পুণ্যব্ৰত মুখাৰ্জী

ষ্টাফৰিপৰ্টাৰ, ৮ নৱেম্বৰঃ মধুমেহ ৰোগৰ ক্ষেত্ৰত ভাৰতবৰ্ষ ৰাজধানী হৈ পৰিছে। মধুমেহ। ৰোগ এক নীৰৱ ঘটক। এক সমীক্ষা অনুসৰি ২০১৫ চনত মধুমেহ ৰোগীৰ সংখ্যা আছিল ৫ কৌটি । এতিয়া সেই সংখ্যা ৬ কৌটি লৈ বৃদ্ধি পাইছে। এই পৰিসংখ্যা ২০৩০ চনৰ ভিতৰত ১০ কৌটিলৈ বৃদ্ধি পাব–এইদৰে কয় হায়াত হাস্পতালৰ ফেচিলিটী ডাইৰেক্টৰ ডাঃ পুণ্যব্ৰত মুখাৰ্জীয়ে। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত হায়াত হাস্পতালৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেল যোগে ডাঃ পুণ্যব্ৰত মুখাৰ্জীয়ে লগতে কয় ” মধুমেহ ৰোগ সম্পৰ্কে সৰ্বসাধাৰণ ৰাইজৰ মাজত সজাগতাৰ প্ৰয়োজন আছে। সাম্প্ৰতিক সময়ৰ জীৱন শৈলী সলনি হৈছে। যাৰ ফলত মধুমেহ ৰোগ ভয়াবহ ভাৱে বৃদ্ধি পাইছে। সেয়ে আমি সময় থাকোতে জীৱন শৈলী পৰিৱৰ্তন কৰিব লাগে। প্ৰতিদিনে আধা ঘন্টা সময় নিজৰ শৰীৰটোক দিব লাগে। ব্যায়াম, যোগাসন কৰিব লাগে। জাংক ফুড পৰিহাৰ কৰিব লাগে। ঘৰত ৰন্ধা খাদ্য খাব লাগে। মধুমেহ ৰোগৰ ফলত হৃদযন্ত্ৰৰ ৰোগ, চকুৰ ৰোগ আদি নানা ৰোগ হ’ব পাৰে। লগতে অত্যাধিক চাপ, হতাশাইও নানা ৰোগ হোৱাত ইন্ধন যোগায়। সেয়ে চাপ আৰু হতাশাৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগে।”১৪ নৱেম্বৰ বিশ্ব মধুমেহ দিৱসৰ সৈতে সংগতি ৰাখি হায়াত হাস্পতালে বিগত বৰ্ষৰ দৰে এই বেলিও জন সজাগতাৰ উদ্দেশ্যে মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাৰ জৰিয়তে ৰাইজক সজাক কৰাৰ প্ৰয়াস কৰা হ’ব। এই মাৰাথন আৰম্ভ কৰা হ’ব ১৪ নৱেম্বৰৰ পুৱা ৫ বজাত। এই মাৰাথন ৫ কিলোমিটাৰ আৰু ১০ কিলোমিটাৰ দৈৰ্ঘৰ দুটা শাখাত প্ৰতিযোগিতা মুলক মাৰাথন দৌৰ অনুষ্ঠিত কৰা হ’ব। খানাপাৰৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা প্ৰতিযোগি সকলে জি এছ ৰোডেৰে দিছ্পুৰ ছুপাৰ মাৰ্কেট হৈ পুনৰ খানাপাৰৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰলৈ উভতি যাব।” সংবাদমেলত হায়াত হাস্পতালৰ মহাপ্ৰবন্ধক পৰাগজ্যোতি দত্তই কয় ” এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, বিশিষ্ট অতিথি হিচাপে স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযূষ হাজৰিকা, বিধায়ক আঙুৰ লতা, আৰক্ষী আয়ুক্ত দীপক কুমাৰ, ভাৰতীয় ষ্টেট বেংকৰ মহা প্ৰবন্ধক (নেটৱৰ্ক-১ এল এইচ অ’) সুধিৰ কুমাৰ শর্মা আৰু জেষ্ট সাংবাদিক প্ৰণয় বৰদলৈ উপস্থিত থাকিব’
সংবাদমেলত হায়াত হাস্পতালৰ মুখ্য মহা প্ৰবন্ধক অয়স্কান্ত চক্ৰৱৰ্তী, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

শ্ৰদ্ধাঞ্জলি

আজি ইং 18-11-19 তাৰিখ সোমবাৰে গড়পোট শ্ৰী শ্ৰী জগদ্ধাত্রী পূজা মণ্ডপত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন …

Leave a Reply

Your email address will not be published. Required fields are marked *