Thursday , February 27 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / বিহালী স্নাতক মহাবিদ্যালয়ৰ এন.এচ.এচ গোট বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ত পুৰস্কৃত

বিহালী স্নাতক মহাবিদ্যালয়ৰ এন.এচ.এচ গোট বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ত পুৰস্কৃত

বিহালী স্নাতক মহাবিদ্যালয়ৰ এন.এচ.এচ গোট বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ত পুৰস্কৃত

বিহালী : বিশুদ্ধ খোৱা পানী আৰু অনাময়ৰ জিলা সমিতিয়ে বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত কালি বিহালী স্নাতক মহাবিদ্যালয়ৰ এন.এচ.এচ গোটৰ স্বেচ্ছাসেৱক সকলৰ লগতে কাৰ্যক্ৰম বিষয়াদ্বয়ক পুৰস্কৃত কৰে জিলা প্ৰশাসনে । যোৱা বৰ্ষৰ জুন-জুলাই মাহত ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ উদ্যোগত আৰু স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ) আৰু ভাৰত চৰকাৰৰ বিশুদ্ধ খোৱা পানী ও অনাময় মন্ত্ৰালয় আৰু ভাৰত চৰকাৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া বিভাগৰ সহযোগত অনুষ্ঠিত গ্ৰীষ্মকালীন স্বচ্ছ ভাৰত মিছনৰ (১০০ ঘন্টীয়া) ত অংশগ্ৰহণ কৰা বিশ্বনাথ জিলাৰ বিহালী স্নাতক মহাবিদ্যালয় এন.এচ.এচৰ ৪০ জন স্বেচ্ছাসেৱকক বিশ্বনাথ জিলাৰ ভিতৰতে শ্ৰেষ্ঠ দল হিচাপে বাছনি কৰি পুৰষ্কৃত কৰা হয় । বিশ্বনাথ জিলাৰ সভাকক্ষত অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে বিশ্বনাথ জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যকৰী অভিযন্তা তথা নডেল বিষয়া গগণ চন্দ্ৰ তালুকদাৰ আৰু আই.ই.চি. কনচালটেন্ট স্বাতী হাজৰিকাই । সভাৰ আৰম্ভণিতে বিশ্বনাথ জিলাৰ উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডে বিহালী স্নাতক মহাবিদ্যালয়ৰ এন.এচ.এচ গোটৰ স্বেচ্ছাসেৱক সকলক “স্বচ্ছ ভাৰত মিছনৰ” কেম্পত নিষ্ঠাসহকাৰে অংশগ্ৰহণ কৰাৰ বাবে শলাগ লয় । ইয়াৰ পাছতে মহাবিদ্যালয় খনৰ এন.এচ.এচৰ কাৰ্যক্ৰম বিষয়া বিনোদ চুবেদীয়ে স্বেচ্ছাসেৱক সকলে স্বচ্ছ ভাৰতৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি সম্পাদনা কৰাৰ দৃশ্য সমুহ পাৱাৰ পইন্টৰ দ্বাৰা প্ৰদৰ্শন কৰে, সমান্তৰালকৈ জিলা উপায়ুক্তই বিভিন্ন কাৰ্যসূচী সমুহ মনোযোগেৰে পৰ্যবেক্ষণ কৰি বিভিন্ন প্ৰশ্ন শুধি এক স্পষ্ট ধাৰণা ল’বলৈ চেষ্টা কৰে । ইয়াৰ পাছতে, বিহালী স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জীৱন চন্দ্ৰ নাথে নিজৰ ভাষণ প্ৰসংগত মহাবিদ্যালয়ৰ এন.এচ.এচ স্বেচ্ছাসেৱক সকলে কি দৰে বিশ্বনাথ জিলা প্ৰশাসন, ৰাইজ, বিভিন্ন দল সংগঠনৰ লগতে বিহালী বিধানসভা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই আগবঢ়োৱা সহযোগিতাৰ বাবে স্বচ্ছ ভাৰতৰ কাৰ্যসূচীসমুহ গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল বুলি বিস্তৃত ভাৱে বৰ্ণনা কৰে । স্বচ্ছ ভাৰত মিছনৰ গ্ৰীষ্মকালীন শিবিৰত অংশগ্ৰহণ কৰা ২০ গৰাকী স্বেচ্ছাসেৱকক অসম চৰকাৰে আগবঢ়োৱা এক ভাৰত শ্ৰেষ্ঠ ভাৰত আঁচনিৰ অধীনত ৰাজস্থানলৈ শিক্ষামূলক ভ্ৰমণৰ বাবে নিয়াৰ কথাও সভাত দোহাৰে । ইয়াৰ পাছতে উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডে স্বেচ্ছাসেৱক সকলৰ সৈতে অন্তৰংগতাৰে মত বিনিময় কৰে, ইফালে স্বেচ্ছাসেৱক সকলৰ হৈ ৰীতা গোৱালা, বিকি শইকীয়া, ভিতালী দাস আৰু বিবেকা দাসে নিজৰ অভিজ্ঞতা সন্দৰ্ভত বৰ্ণনা কৰে । সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা অশোক দেৱ চৌধুৰী আৰু সহকাৰী অভিযন্তা গগণ তালুকদাৰে বক্তব্য ৰাখে । সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ স্বাতী হাজৰিকা, চেকছন বিষয়া টি.এন কলিতা আৰু ছয়দুৱাৰ মহাবিদ্যালয়ৰ এন.এছ.এছৰ কাৰ্যক্ৰম বিষয়া ডঃ নীলমণি শইকীয়াই ও অংশগ্ৰহণ কৰে । বিহালী স্নাতক মহাবিদ্যালয়ৰ এন.এচ.এচৰ কাৰ্যক্ৰম বিষয়া বিনোদ চুবেদী, সহকাৰী বিষয়া বিজয় মিশ্ৰৰ লগতে ৪০ গৰাকী স্বেচ্ছাসেৱকক মানপত্ৰ প্ৰদান কৰা হয় । জিলা উপায়ুক্তই স্বচ্ছ ভাৰত মিছনৰ গ্ৰীষ্মকালীন শিবিৰত অংশগ্ৰহণ কৰা জিলাৰ একমাত্ৰ মহাবিদ্যালয় হিচাপে মহাবিদ্যালয়ৰ এন.এচ.এচ গোটক নগদ ১৫ হাজাৰ টকাৰ চেক প্ৰদান কৰে অধ্যক্ষ ডঃ জীৱন চন্দ্ৰ নাথৰ জৰিয়তে । অন্যহাতে, অনাগত দিনবোৰত বিহালী স্নাতক মহাবিদ্যালয়ৰ এন.এচ.এচ গোটক আদৰ্শ হিচাপে লৈ অন্যান্য মহাবিদ্যালয় সমুহকো আগুৱাই লৈ যোৱাৰ পোষকতা কৰে, লগতে মহাবিদ্যালয় খনৰ বিষয়ে বিশ্বনাথ জিলা তথ্য আৰু জনসংযোগ বিষয়া প্ৰশান্ত বৰুৱাক মহাবিদ্যালয়ৰ এন.এচ.এচ গোটৰ কাৰ্যাৱলীৰ বিষয়ে প্ৰচাৰ কৰিবলৈ সভাত আহ্বান জনায় ।

*News Desk Report, First News*

About Staff Reporter

চাব পাৰে

নলবাৰীৰ নাট্য মন্দিৰত চলচ্চিত্ৰ উৎসৱ- ২০২০

নলবাৰীৰ নাট্য মন্দিৰত চলচ্চিত্ৰ উৎসৱ- ২০২০ *ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ২৬ ফেব্ৰুৱাৰী* অসম …

Leave a Reply

Your email address will not be published. Required fields are marked *