Thursday , September 19 2019
শেহতীয়া খবৰ
Home / মহানগৰ / বি আৰ লাইফে গুৱাহাটীত মুকলি কৰিলে টেলিমেডিচিন সেৱা

বি আৰ লাইফে গুৱাহাটীত মুকলি কৰিলে টেলিমেডিচিন সেৱা

 

ষ্টাফ ৰিপোৰ্টাৰ,,২০ আগষ্ট।।।।।

আবুধাবিস্থিত বি আৰ এফ ভেঞ্চাৰৰ স্বাস্থ্য সেৱাৰ পদক্ষেপ হিচাপে বি আৰ লাইফে ইয়াৰ টেলিমেডিচিন সেৱা গুৱাহাটীত অনুষ্ঠানিকভাৱে মুকলি কৰে। এই সেৱাৰ জৰিয়তে বি আৰ লাইফে উত্তৰ পূৰ্বাঞ্চলৰ আৰু বিশেষকৈ দুৰ্গম অঞ্চলৰ লোকসকলক সেৱা আগবঢ়াব। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেলযোগে এই বিষয়ে সদৰী কৰি মাৰ্কেটিং ব্ৰেণ্ডিং আৰু কৰ্পৰেট কমিউনিকেচনৰ গ্রুপ মুৰব্বী ডাঃ সীমান্ত শৰ্মাই কয়”ভাৰতবৰ্ষত চিকিৎসা সেৱাৰ এক আমূল পৰিবৰ্তন ঘটিছে, কিন্তু এতিয়াও গাঁও অঞ্চলত চিকিৎসা সেৱা আৰু আন্তঃগাঁঠনিৰ যথেষ্ট উন্নীতকৰণ কৰিবলগীয়া আছে। টেলিমেডিচিন সেৱাৰ জড়িয়তে যি সকল ৰোগী’য়ে পিছপৰা অঞ্চলৰ পৰা উন্নতমানৰ চিকিৎসা আৰু বিশেষজ্ঞৰ লগত পৰামৰ্শৰ বাবে মহানগৰত আহিব বিচাৰে তেওঁলোকৰ বাবে ই এটা বৃহৎ সহায়ৰ ব্যৱস্থা হিচাপে উপলব্ধ হ’ব”। উল্লেখযোগ্য যে,বি আৰ লাইফে প্ৰদান কৰা এই সুবিধাৰ জৰিয়তে ৰোগীসকলৰ ভাৰ্চুৱেলি পৰীক্ষা কৰিবলৈ সক্ষম হ’ব। বি আৰ লাইফ বেংগালুৰু, ভুৱনেশ্বৰ, ত্ৰিবাদ্রুম উডুপি আৰু ৰায়পুৰত বিভিন্ন হাস্পতালৰ পৰা কাৰ্যসম্পাদন কৰি আছে। উল্লেখ ২২ আগষ্ট’ৰ পৰা গুৱাহাটীৰ বি বৰুৱা কলেজ ৰোড’ৰ সমীপৰ পৰা সেৱা আগবঢ়াব।

About Staff Reporter

চাব পাৰে

মহানগৰীৰ ইন্‌ টাছ্‌ৰ ষ্টৰত আই ফোন-১১ৰ আগতীয়া বুকিং আৰম্ভণি

বুকিঙৰ জৰিয়তে পুৰস্কাৰ লাভ কৰাৰ সুবিধা পাব গ্ৰাহকসকলে ষ্টাফৰিপৰ্টাৰ, ১৪ চেপ্তেম্বৰঃ মহানগৰীৰ গ্ৰাহক সকলৰ বাবে …

Leave a Reply

Your email address will not be published. Required fields are marked *