বুৰঞ্জী প্ৰসিদ্ধ মাদুৰি গোহাঁই গাঁৱত নাজিৰা কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনীৰ স্বচ্ছতা অভিযান
ফাষ্টনিউজ ৰিপৰ্ট, নাজিৰা,৪ ডিচেম্বৰ :
নাজিৰা কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনী.
(CISF)কেৱল মাত্ৰ উদ্যোগসমুহতে সুৰক্ষা দিয়াত ব্যস্ত হৈ থকা নাই ৷যাৰ উদাহৰণ স্বৰুপে আজি নাজিৰা মহকুমাৰ ইতিহাস
প্ৰসিদ্ধ মাদুৰি গোহাঁই গাঁৱৰ একমাত্ৰ পুৰণি প্ৰাথমিক বিদ্যালয় খনৰ চৌপাশ কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনীৰ উচ্চ স্তৰীয় বিষয়া আৰু জোৱান সকলে স্বচ্ছ ভাৰত অভিযানৰ অংশ স্বৰুপে চাফাই অভিযানৰ শুভাৰাম্ভ কৰে ৷এই অনুষ্ঠানত
কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনীৰ DIG PN Thakur উপস্হিত থাকে ৷এই অনুষ্ঠানত ১৭০ নং মাদুৰি গোহাঁই প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰকাশ কুমাৰ নাথে উদ্যোগিক বাহিনীৰ Deputy Inspector General পদ্ম নাভ ঠাকুৰক বিদ্যালয় পৰিয়ালৰ হৈ ফুলাম গামোছাৰে অভিনন্দন জনায় ৷এই কাৰ্যসুচী মাদুৰি গোহাঁই গাঁৱৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠান ;প্ৰতিষ্ঠান ;ৰাজ মন্ত্ৰী লাইথেপেনা বৰ গোহাঁই ডাঙৰীয়াৰ মৈডাম আদিত স্বছ্ছতা অভিযান অব্যাহত ৰাখিব বুলি নাজিৰা কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনীৰ এক উচ্চ স্তৰীয় সুত্ৰই সংবাদ মাধ্যমক জানিবলৈ দিছে ৷
মুনীন্দ্ৰ নাথ শইকীয়া, নাজিৰা
