Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / বুৰঞ্জী প্ৰসিদ্ধ সুন্ধিয়াঝাৰৰ বৰগোপাল থানৰ দ্বিতীয় বাৰ্ষিক মাঘী উৎসৱ উদযাপন

বুৰঞ্জী প্ৰসিদ্ধ সুন্ধিয়াঝাৰৰ বৰগোপাল থানৰ দ্বিতীয় বাৰ্ষিক মাঘী উৎসৱ উদযাপন

*বুৰঞ্জী প্ৰসিদ্ধ সুন্ধিয়াঝাৰৰ বৰগোপাল থানৰ দ্বিতীয় বাৰ্ষিক মাঘী উৎসৱ উদযাপন*

*নাগৰা নাম উদ্বোধন কৰিব অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতাই*

প্ৰতিবেদক, ৰঙিয়া, ১৬ জানুৱাৰী:

আহোম শাসনকৰ্তাৰ অপশাসনৰ বিৰুদ্ধে ১৭৮৮ চনৰ পৰা ১৭৯৫ চনলৈ সূদীৰ্ঘ প্ৰায় ৭ বছৰে চলা দন্দুৱাদ্ৰোহৰ মুল বিদ্ৰোহী নেতা কামৰূপীয়া বীৰ হৰদত্ত বীৰদত্ত আৰু বীৰদত্ত চৌধুৰীয়ে যুদ্ধৰ শেষৰফালে সপৰিয়ালে আত্মগোপন কৰা বুৰঞ্জী প্ৰসিদ্ধ সুন্ধিয়াঝাৰৰ দাতিত প্ৰায় ২০০ বছৰ আগতে স্থাপন কৰা বৰগোপাল স্থানত অহা ১৮ জানুৱাৰী শনিবাৰে দিনযোৰা কাৰ্যসূচীে মাঘী উৎসৱ উদযাপনৰ ব্যৱস্থা কৰা হৈছে। দক্ষিণ পশ্চিম ৰঙিয়া অঞ্চলৰ সকলো ৰাইজৰ সহযোগত এই অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা ৭.৩০ বজাত গাঁওবাসীৰ দ্বাৰা স্বচ্ছ অভিযান মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি নগেন লহকৰৰ দ্বাৰা পতাকা উত্তোলন মাধৱ চহৰীয়াৰ দ্বাৰা ধৰ্মীয় পতাকা উত্তোলন আৰু ইয়াৰ পিছত শ্বহীদ তৰ্পন, বৃক্ষৰোপন, আয়তীৰ নাম, চিত্ৰাংকণ প্ৰতিযোগিতা আৰু নাগৰা নামৰ আয়োজন কৰা হৈছে। নাগৰা নাম উদ্বোধন কৰিব অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতাই। সন্ধিয়া গাওঁবাসীৰ প্ৰতিঘৰৰ পদূলিত বন্তি প্ৰজ্বলন কৰাৰ পিছতে টোপধ্বনি কাৰ্যসূচীৰ লগতে সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে । এই সকলো কাৰ্যসূচীত মাঘী উৎসৱ উদযাপন সমিতিৰ সভাপতি লোহিত শৰ্মা, কাৰ্যকৰী সভাপতি কৃষ্ণ বৈশ্য, সম্পাদক মুকেশ লহকৰ আৰু সহ সম্পাদক চণ্ডী বৈশ্য, মুকুট লহকৰৰ লগতে বৰগোপাল থান উন্নয়ন সমিতিৰ সভাপতি নগেন লহকৰ, উপ সভাপতি হৰেশ্বৰ দাস, সম্পাদক দুলাল বৈশ্য যুটীয়া সম্পাদক জ্যোতিষ বৈশ্যই সকলোৰে সহায় সহযোগিতা কামনা কৰিছে।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *