Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / বৃহৎ খৱৰ : আই আই টি গুৱাহাটীৰ সঞ্চালক টি জি সীতাৰামৰ বিৰুদ্ধে গোচৰ

বৃহৎ খৱৰ : আই আই টি গুৱাহাটীৰ সঞ্চালক টি জি সীতাৰামৰ বিৰুদ্ধে গোচৰ

আই আই টি গুৱাহাটীৰ সঞ্চালক টি জি সীতাৰামৰ বিৰুদ্ধে গোচৰ।

পঙ্কজ নাথ, চাংসাৰি, ১১ অক্টোবৰ :

উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰনী শৈক্ষিক প্ৰতিষ্ঠান গুৱাহাটী আই আই টি। অসম আন্দোলনৰ ফলশ্ৰুতিত উত্তৰ গুৱাহাটীত স্হাপিত হোৱা শিক্ষা, গৱেষণাৰ ক্ষেত্ৰত দেশ তথা বিশ্বৰ অগ্ৰনী প্ৰতিষ্ঠানটো নাম শেহতীয়াকৈ বিতৰ্কত সাঙোৰ খাই পৰিছে । প্ৰতিষ্ঠান খনৰ সঞ্চালক টি জি সীতাৰামৰ বিৰুদ্ধে এগৰাকী গৱেষণাৰত ছাত্ৰই আজি এটি গোচৰ ৰুজু কৰাৰ পিছতে সাঙোৰ খাই পৰিছে এই বিতৰ্কত। দেশৰ আগশাৰীৰ বিজ্ঞান প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানখনত সংঘটিত নজিৰবিহীন ঘটনাই জোকাৰি গৈছে সচেতন মহলক। কেইবাটাও গম্ভীৰ অভিযোগ তুলি ৰুজু কৰিছে এই গোচৰ। উত্তৰ গুৱাহাটী থানা অন্তৰ্গত আমিনগাঁও আৰক্ষী চকীত ১৩৫/১৯ নম্বৰত ভাৰতীয় দণ্ড বিধি আইন ৪০৯/৩৪ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। আই আই টি গুৱাহাটীৰ ছাত্ৰ বি সিঙৰ গোচৰ ভিত্তিত ইতিমধ্যে আমিনগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। বৰ্তমান আই আই টি গুৱাহাটীৰ সঞ্চালক টি জি সীতাৰামে ৪ মাহ পূৰ্বে দায়িত্ব গ্ৰহণ কৰিছিল। ৪০৯ ধাৰাত লোকসেৱকৰ বিশ্বাস ভংগৰ অপৰাধ সাব্যস্ত হ’লে ১০ বছৰ পৰ্য্যন্ত কাৰাবাসৰ লগতে আৰ্থিক দণ্ডৰ ব্যৱস্থা আছে। কেইমাহমানৰ আগতে দুগৰাকী অধ্যাপকৰ মাজত মাৰপিটৰ গোচৰ আৰক্ষী থানাত পঞ্জীভুক্ত হোৱাৰ আন এক চাঞ্চল্যকৰ ঘটনাই এতিয়াও চিন্তীত কৰে সচেতন মহলক।অভিযোগকাৰীয়ে উপস্থাপন কৰা অভিযোগ নীতিগত হয় নে নহয় সেয়া আমিনগাঁও আৰক্ষীৰ তদন্ততহে প্ৰকৃত সত্য প্ৰকাশ পাব যদিও এনেদৰে উক্ত শৈক্ষিক প্ৰতিষ্ঠান খন কেইবাবাৰো বিতৰ্কত সোমাই পৰাত চিন্তিত হৈ পৰিছে সচেতন মহল আৰু শীঘ্ৰেই এই বিষয়সমূহৰ সমাধানৰ আশা কৰিছে ।

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *