Sunday , January 26 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / বেংককত উজলিল উত্তৰ পূব ভাৰত”

বেংককত উজলিল উত্তৰ পূব ভাৰত”

 

ষ্টাফ ৰিপোৰ্টাৰ,,,,,২২ ফেব্ৰুৱাৰী,, উত্তৰ পূৱ ভাৰতৰ লগত দক্ষিণ পূব এছিয়াৰ যুগসূত্ৰ স্থাপনৰ উদ্দেশ্যে অসম চৰকাৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগত ৮-১০ ফেব্ৰুৱাৰীত বেংককত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উত্তৰ পূব ভাৰত মহোৎসৱৰ সফল পৰিসমাপ্তি ঘটে।উত্তৰ পূৰ্বাঞ্চলৰ কৃষ্টি-সংস্কৃতিক থাইলেণ্ডত উপস্থাপন কৰি পৰ্যটন, তথা ব্যৱসায়ী বাণিজ্যৰ পথ সুচল কৰা উদ্দেশ্যে বেংকৰৰ চেণ্ট্ৰেল ৱৰ্ল্ডত উক্ত মহোৎসৱটি অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ প্ৰথম দিনা থাইলেণ্ডৰ বাণিজ্য মন্ত্ৰী,থাইলেণ্ডৰ শীৰ্ষ ঔদ্যোগিসকলৰ উপস্থিতিত উত্তৰ পূব আৰু থাইলেণ্ডৰ উদ্যোগী দলৰ বিনিয়োগ সম্পৰ্কীয় সভাৱনৰ এক আলোচনা চক্ৰৰ আয়োজন কৰা হয়,য’ত ভাৰতৰ ৰাষ্ট্ৰদূত সুচিত্ৰা দুৰায়ে উত্তৰ পূৱৰ মাজত বিমান সেৱা আৰম্ভ হোৱাৰ কথা জানিব দিয়ে। আনহাতে, দ্বিতীয় দিনা এক ব্যৱসায়ী সভাৰ আয়োজন কৰা হয় আৰু এই সভাত থাইলেণ্ডৰ উদ্যোগী সকলৰ সৈতে অসমৰ উদ্যোগীসকলে মত বিনিময় কৰে। আনহাতে আয়োজক শ্যামকানু মহন্তৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগত থাইলেণ্ডৰত ভাৰতীয় দূতবাস, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ মৃদুল হাজৰিকা, টাই আহোমৰ নেতাসকল, অধ্যক্ষ ননী গোপাল মহন্তই আদিয়ে ভাব সিদ্ধান্তৰ বিনিময় কৰে। উক্ত উৎসৱৰ বেণ্ড এম্বাচাদৰ জুবিন গাৰ্গৰ সংগীতানুষ্ঠান, অসমৰ বিহু নৃত্য, উত্তৰ পূৱ বিশেষকৈ নাগালেণ্ড, মণিপুৰ, অৰুণাচল আদি ৰাজ্যৰ গীত, নৃত্য, বিভিন্ন ব্ৰেণ্ডৰ সংগীতানুষ্ঠান, এৰি মুগাৰ ফেশ্বন শ্ব’ খাদ্য, আদিয়ে থাইলেণ্ডত উত্তৰ পূৱক সফলভাবে তুলি ধৰিবলৈ সক্ষম হৈছে। এই উপলক্ষে শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদমেল যোগে অনুষ্ঠানৰ আয়োজক শ্যামকানু মহন্তই এই কথা সদৰী কৰে। তেওঁ অনুষ্ঠানৰ সফলতাৰ বিষয়ে বক্তব্য দাঙি ধৰে। সংবাদমেলত উপস্থিত থাকে উদ্যোগী অভিজিত বৰুৱা, ইতিহাসবিদ ডo সংগীতা গগৈকেৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি।

About Staff Reporter

চাব পাৰে

বোকাখাতত অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী ‘: বোকাখাতত আজি অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ। …

Leave a Reply

Your email address will not be published. Required fields are marked *