Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / বেতবাৰী সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন , ২৫০ জনৰো অধিক জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা

বেতবাৰী সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন , ২৫০ জনৰো অধিক জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা

বেতবাৰী সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন , ২৫০ জনৰো অধিক জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা

ফাৰ্ষ্ট নিউজ , শিৱসাগৰ , ১০ ছেপ্টেম্বৰ : শিৱসাগৰ নগৰৰ সমীপৰ বেতবাৰী সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা আজি বেতবাৰী প্ৰগতি শিল্পী সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। বৃহত্তৰ বেতবাৰী মৌজাৰ সহস্ৰাধিক ব্যক্তি উপস্থিত থকা সভাখন পৰিচালনা কৰে বেতবাৰী সমবায় সমিতিৰ সভাপতি দেৱজিত গগৈয়ে। সভাত
হিচাপ পৰীক্ষক লেখন চাংমাইয়ে
২০১৮-১৯ বৰ্ষৰ আভ্যন্তৰীণ হিচাপ পৰীক্ষকৰ হিচাপ দাখিল কৰাৰ লগতে ২০১৯ – ২০ বৰ্ষৰ বাজেট গ্ৰহণ কৰে। সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে বেতবাৰী সমবায় সমিতিৰ সম্পাদক বিপিন চন্দ্ৰ চেতিয়াই। ধৰ্মেন্দ্ৰ দত্তই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত ২৫০ জনৰো অধিক জ্যেষ্ঠ নাগৰিকক একোখনকৈ সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনায়। শিৱসাগৰ সমবায় সহকাৰী পঞ্জীয়কৰ সঞ্জীৱ হাজৰিকা আৰু গকুল শৰ্মা পৰ্যবেক্ষক হিচাপে উপস্থিত থকা সভাখনত শিৱসাগৰ জিলা পৰিষদৰ সদস্যা ৰূপজ্যোতি মাউট, শিৱসাগৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি কিৰণ গগৈ, বেতবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী পূৰ্ণিমা গগৈ, লাচিত গাওঁ পঞ্চায়তৰ সভানেত্ৰী সুৰভী চেতিয়া গগৈ, খেলুৱা গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্যা মিতালী দুৱৰী , দিচাংপাৰ গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্যা পল্লবী চুতীয়া গগৈ, বেতবাৰী জিলা পৰিষদৰ প্ৰাক্তন সদস্য গজেন ৰাজকোঁৱৰ , আঞ্চলিক শ্ৰীশ্ৰী শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ সভাপতি পূৰ্ণানন্দ বৰুৱা, বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গগৈ,সাংবাদিক মুস্তাফিজ আহমেদ, সাংবাদিক ৰঞ্জন কোঁৱৰ আদি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি মঞ্চত উপৱিষ্ট থকাৰ লগতে তেওঁলোকক ফুলাম গামোছা আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। আৰম্ভণিতে বেতবাৰী শিশু বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰী সকলে কোৰাচ পৰিবেশন কৰে।

About Staff Reporter

চাব পাৰে

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৮ ছেপ্টেম্বৰঃ আগন্তুক ১৯, ২০ …

Leave a Reply

Your email address will not be published. Required fields are marked *