Sunday , February 23 2020
Home / আঞ্চলিক / বোকাখাতৰ সামুহিক উন্নয়ন আৰু জনকল্যান সম্পৰ্কত সাংবাদিকৰে নুমলীগড় শোধনাগাৰৰ আলোচনাঃ

বোকাখাতৰ সামুহিক উন্নয়ন আৰু জনকল্যান সম্পৰ্কত সাংবাদিকৰে নুমলীগড় শোধনাগাৰৰ আলোচনাঃ

বোকাখাতৰ সামুহিক উন্নয়ন আৰু জনকল্যান সম্পৰ্কত সাংবাদিকৰে নুমলীগড় শোধনাগাৰৰ আলোচনাঃ

কাজিৰঙাৰ পৰা পলিমা চেতিয়া বসুমতাৰী, ১০ চেপ্টেম্বৰঃ বোকাখাত মহকুমাৰ সামগ্ৰিক উন্নয়ন আৰু এই ক্ষেত্ৰত নুমলীগড় শোধনাগাৰৰ কৰণীয় সম্পৰ্কত যোৱা নিশা বোকাখাতৰ সমুহ সাংবাদিকেৰে এক বিশেষ আলোচনাত মিলিত হয় নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষ ৷ বোকাখাতৰ টেচক’ নামৰ ৰিজৰ্ট খনৰ সভাগৃহত আয়োজিত এই গুৰুত্বপূৰ্ণ আলোচনাত বোকাখাত মহকুমা সাংবাদিক সন্থা তথা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা , বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা , জেষ্ঠ সাংবাদিক বুবুল দত্তৰ লগতে বোকাখাত মহকুমা সাংবাদিক সন্থা , বোকাখাতৰ ইলেক্ট্ৰনিকচ মেডিয়া জাৰ্নেলিষ্ট এচোচিয়েচন আৰু বোকাখাত প্ৰেছ ক্লাবৰ সমুহ সাংবাদিক উপস্থিত থাকে ৷ অনুষ্ঠানত নুমলীগড় শোধনাগাৰৰ হৈ চিফ জেনেৰেল মেনেজাৰ দেৱাশীৰ্ষ চৌধুৰী,
মুখ্য প্ৰৱন্ধক কাজল শইকীয়া, ডেপুটি জেনেৰেল মেনেজাৰ মিন্টু সন্দিকৈ, মুখ্য পৰিচালক বিশ্বজিত বৰা আৰু মনোজ দাস উপস্থিত থাকে ৷ অনুষ্ঠানত বোকাখাতৰ সামগ্ৰিক উন্নয়ন আৰু বিভিন্ন সমস্যা আৰু এই বোৰৰ সমাধানৰ ক্ষেত্ৰত নুমলীগড় শোধনাগাৰে ল’ব পৰা ব্যৱস্থাৱলীৰ ওপৰত আলোচনা হয় ৷ জেষ্ঠা সাংবাদিক জিতু শৰ্মা ৰাজখোৱাই বোকাখাতৰ নিৱনুৱা সমস্যা সমাধান, বাট পথ আৰু শিক্ষাৰ ক্ষেত্ৰত নুমলীগড় শোধনাগাৰে বিভিন্ন সময়ত কৰি অহা কাৰ্যৰ শলাগ লোৱাৰ উপৰিও এই ক্ষেত্ৰত আৰু অধিক আঁচনি গ্ৰহনৰ বাবে শোধনাগাৰ কৰ্তৃপক্ষক আহ্বান জনায় ৷ জেষ্ঠ সাংবাদিক বুবুল দত্ত আৰু ভৱানন্দ কলিতাই মহকুমাৰ শৈক্ষিক উত্তৰণৰ লগতে নুমলীগড় শোধনাগাৰৰ বিবেকানন্দ চিকিৎসালয়ত সাংবাদিক আৰু সাংবাদিকৰ পৰিয়ালক বিশেষ সুবিধা প্ৰদান কৰিবৰ বাবে শোধনাগাৰ কৰ্তৃপক্ষক অনুৰোধ জনায় ৷ অনুষ্ঠানত কাজিৰঙাৰ ইক’ চেনচিটিফ জ’ন আৰু ইয়াৰ পৰা হ’ব পৰা সাম্ভাব্য অসুবিধাৰ ওপৰতো আলোচনা কৰা হয় ৷ আলোচনাত নুমলীগড় শোধনাগাৰৰ হৈ দেবাশীৰ্ষ চৌধুৰী, কাজল শইকীয়া আৰু মিন্টু সন্দিকৈয়ে নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ, কাৰ্যপন্থা লগতে জনহিতকৰ কাৰ্যৰ বৰ্ণনা কৰি উপস্থিত সমুহ সাংবাদিকৰ সহযোগিতা কামনা কৰে ৷ জেষ্ঠ সাংবাদিক তথা মহকুমা সাংবাদিক সন্থাৰ সম্পাদক নীলু আচাৰ্যই মহকুমাটোত শৈক্ষিক উত্তৰণ, মেধাৱী ছাত্ৰ-ছাত্ৰীক সাহাৰ্য আৰু বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়াই বোকাখাত নগৰক এখন পৰ্যটন নগৰী হিচাবে গঢ়ি তোলাত নুমলীগড় শোধনাগাৰৰ সহযোগিতা আহ্বান কৰে ৷ আলোচনাৰ শেষত শোধনাগাৰ কৰ্তৃপক্ষৰ হৈ বিশ্বজিত বৰাই জনকল্যানৰ স্বাৰ্থতেই বোকাখাতৰ সাংবাদিকৰ সৈতে নিয়মিত ভাৱে আলোচনাত বঢ়াৰ বাবে প্ৰতিশ্ৰুতিও প্ৰদান কৰে ৷ আলোচনাত ইমজাৰ সম্পাদক প্ৰদ্যুত মহন্ত, মহকুমা সাংবাদিক সন্থাৰ সম্পাদক নীলু আচাৰ্য আৰু বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়া দিব্যজ্যোতি হাজৰিকাকে ধৰি বৈদ্যুতিন আৰু ছপা মাধ্যমৰ সকলো সাংবাদিক উপস্থিত থাকে ৷

About Staff Reporter

চাব পাৰে

চৰকাৰে বন্ধ কৰিবই সংস্কৃত টোল

  ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষা প্ৰদান বন্ধ কৰাৰ উদ্দেশ্যে ৰাজ্যত মাদ্ৰাছা আৰু …

Leave a Reply

Your email address will not be published. Required fields are marked *