Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / ব্যক্তি চেনিটাইজিংৰ পাছত এইবাৰ ৰাজহুৱা স্থান চেনিটাইজ কৰাৰ অভিযান শিৱসাগৰত

ব্যক্তি চেনিটাইজিংৰ পাছত এইবাৰ ৰাজহুৱা স্থান চেনিটাইজ কৰাৰ অভিযান শিৱসাগৰত

কৰ’নাভাইৰাছ ৰোধৰ চেষ্টাত ব্ৰতী হৈছে সমগ্ৰ দেশঃ ব্যক্তি চেনিটাইজিংৰ পাছত এইবাৰ ৰাজহুৱা স্থান চেনিটাইজ কৰাৰ অভিযান শিৱসাগৰত ।

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ : ২৫ মাৰ্চ : আজি শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত ৰাজহুৱা স্থান পৰিষ্কৰণৰ অভিযান আৰম্ভ কৰিছে।শিৱসাগৰ ৰাজহচক্ৰ এলেকাত এনে পৰিষ্কৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিবৰ বাবে জিলা উপায়ুক্তই বিভিন্ন টাস্কফৰ্চ গঠন কৰি দিছে।বিভিন্ন বিভাগৰ দ্বাৰ গঠিত এনে টাস্কফৰ্চ সমূহে পৰিষ্কৰণ কাৰ্যসূচী ৰূপায়ণৰ লগতে বিজানুনাশক ব্যৱস্থা গ্ৰহণ কৰিছে।

শিৱসাগৰ জিলা উপায়ুক্তৰ নেতৃত্বত ৰাজ্যিক অগ্নিনিৰ্বাপক বাহিনীয়ে অগ্নিনিৰ্বাপক বাহন লৈ বিভিন্ন ৰাসায়নিক পদাৰ্থ সংমিশ্ৰিত পানীৰে শিৱসাগৰ নগৰৰ বজাৰ-হাট পৰিষ্কাৰ কৰে।

নগৰৰ কেন্দ্ৰীয় বজাৰ বাহিনীৰ এক দলে বিজানুনাশক ৰাসায়নিক পদাৰ্থ মিহলি পানীৰে ধোৱাৰ লগতে পদপথ আদিও পৰিষ্কাৰ কৰে।

পৰৱৰ্তী পৰ্যায়ত অগ্নিনিৰ্বাপক বিহিনীয়ে আন আন ৰাজহুৱা স্থান সমূহ পৰিষ্কাৰ কৰি বিজানু নিৰ্মূলৰ অভিযান হাতত লব বুলিও জানিবলে দিছে বাহিনীৰ দলটোৱে ।
অপূৰ্ব্ব ভূঞা , ফাৰ্ষ্ট নিউজ ৰিপৰ্ট শিৱসাগৰ

About Staff Reporter

চাব পাৰে

ত্ৰিপুৰাত ধৰা পৰিল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী*

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : ত্ৰিপুৰাতো ওলাল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী। ইতিমধ্যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *