Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ব্যতিক্ৰমৰ উদ্যোগত অ’মেন অফ দ্য ইয়াৰৰ মুখ্য অতিথি বলিউদৰ বিশিষ্ট অভিনেত্ৰী হিমাণী শিৱপুৰী

ব্যতিক্ৰমৰ উদ্যোগত অ’মেন অফ দ্য ইয়াৰৰ মুখ্য অতিথি বলিউদৰ বিশিষ্ট অভিনেত্ৰী হিমাণী শিৱপুৰী

 

ষ্টাফৰিপৰ্টাৰ,,১৬ ছেপ্টেম্বৰ।।। বিগত কেইবা বছৰ ধৰি নাৰীশক্তিক সন্মান জনোৱাৰ উদ্দেশ্য আগত ৰাখি ব্যতিক্ৰম গ্ৰুপে বিভিন্ন সময়ত ৰেচপেক্ট ও’মেনহুড অনুষ্ঠানৰ জড়িয়তে বিভিন্ন ধৰণৰ কাৰ্য সম্পাদন কৰি আহিছে। সেয়ে এইবাৰো স্পেকট্ৰাম এডুভেঞ্চাৰ (Spectrum Eduventures) আৰু “ভাৰতীগ্যাসৰ – সহযোগত আৰু ব্যতিক্ৰমৰ উদ্যোগত পোন প্ৰথম বাৰৰ বাবে আয়োজন কৰা হৈছে “ব্যতিক্ৰম অ’মেন অফ দা ইয়াৰ ২০১৯। সোমবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেল আয়োজন কৰি এই বিষয়ে সদৰী কৰে ব্যতিক্ৰম মাছডোৰ সভাপতি ড০ সৌমেন ভাৰাতীয়াই ।তেওঁ কয়”-নাৰীজাতিক যথাযথ সন্মান দিয়াৰ বাবে আমি নাৰীসকলক বাবে বিশেষ কাৰ্যসুচী গ্ৰহণ কৰিছোঁ। সেই অনুসৰি ২০ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈকে লেণ্ডমাৰ্ক হোটেলত মহিলা সকলৰ বাবে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে।অনুষ্ঠানত মহিলা সকলৰ বাবে কাৰ ৰেলি, ৰন্ধন প্ৰতিযোগিতা, বেংগলী ফুড ফেষ্টিভেল আৰু সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে য’ত অগ্ৰণী মহিলা সকলক বিশেষ ভাৱে সন্মান জনোৱা হ’ব। এইবাৰ অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব বলিউদৰ প্ৰখ্যাত অভিনেত্ৰী হিমাণী শিৱপুৰী। তেওঁ লগতে কয়”-কাৰ্যসুচী অনুসৰি ২২ ছেপ্টেম্বৰ দেওবাৰে পুৱা ৬-৩০ বজাত নেহেৰু ষ্টেডিয়ামৰ পৰা আৰম্ভ হ’ব মহিলা কাৰৰেলী য’ত ৫০খনৰো অধিক গাড়ীৰ সৈতে মহিলা সকলে অংশগ্ৰহণ কৰিব।একেদিনাই বিয়লিলৈ অনুষ্ঠিত কৰা হ’ব ৰন্ধন প্ৰতিযোগিতা আৰু সেইদিনাই নিশা এক অনুষ্ঠানৰ জৰিয়তে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ সফল নাৰীসকলক অনুষ্ঠানিক ভাৱে সন্মান প্ৰদান কৰা হ’ব। উক্ত অনুষ্ঠানত কলকাতাৰ বাসিন্দা তথা অসমকন্যা সংগীত শিল্পী চন্দ্ৰিমা ভট্টাচাৰ্যই একক সংগীতানুষ্ঠান পৰিবেশন কৰিব”। আজিৰ সংবাদ মেলত উপস্থিত থাকে স্পেকট্ৰাম এডুভেঞ্চাৰৰ সঞ্চালক অভিষেক বৰুৱা, উদ্যোগী মহিলা দৰ্শনা সেন গুপ্ত, ব্যতিক্ৰম মাছডোৰ উপদেষ্টা বিভূতি দত্ত আদি উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *