Tuesday , September 17 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ব্য়ৱসায়ীয়ে সংস্থাৰ প্ৰতিনিধিৰে খাদ্য, অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ সভা
????????????????????????????????????

ব্য়ৱসায়ীয়ে সংস্থাৰ প্ৰতিনিধিৰে খাদ্য, অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ সভা

 

 

গুৱাহাটী, ১৪ জুনঃ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে আজি গুৱাহাটী আৱৰ্ত ভৱনৰ সভাকক্ষত অনুষ্ঠিত এক সভাত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু যোগান বিভাগৰ শীৰ্ষ বিষয়া, কামৰূপ চেম্বাৰ্চ অব কমাৰ্চ আৰু গ্ৰাহক সুৰক্ষা সংস্থাৰ প্ৰতিনিধিৰ লগতে অত্যাৱশ্য়কীয় সামগ্ৰীৰ পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকলৰ সৈতে মিলিত হৈ আলু-পিয়াজকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিষয়টো বিস্তৃত ভাবে আলোচনা কৰে।

সভাত মন্ত্ৰী চৌধুৰীয়ে কয় যে কোনো অসাধু ব্য়ৱসায়ীয়ে আলু-পিয়াজকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য যাতে যধে-মধে বৃদ্ধি কৰিব নোৱাৰে তাৰ বাবে প্ৰশাসনে চোকা নজৰ ৰাখিব। জিলা প্ৰশাসন আৰু যোগান বিভাগৰ বিষয়াসকলে গুৱাহাটী মহানগৰীৰ বজাৰ সমূহ সঘনাই পৰিদৰ্শণ কৰি থাকিব আৰু কোনো ব্যৱসায়ীয়ে সংশ্লিষ্ট বিভাগে বান্ধি দিয়া নীতি-নিয়ম উলংঘা কৰি বে আইনী ভাবে সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিলে তেনে ব্যৱসায়ীৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। মন্ত্ৰী গৰাকীয়ে আজি গুৱাহাটী মহানগৰীৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ পাইকাৰী আৰু খুচুৰা ব্যৱসায়ী সংস্থাসমূহৰ প্ৰতিনিধি সকলৰ সৈতে আলু-পিয়াজকে ধৰি অন্যান্য সামগ্ৰীসমূহৰ পাইকাৰী আৰু খুচুৰা দৰৰ বিষয়ে আলোচনা কৰে। আলু-পিয়াজৰ ক্ষেত্ৰত পাইকাৰী আৰু খুচুৰা মূল্যৰ মাজত যাতে অধিক ব্যৱধান নহয় সেই ক্ষেত্ৰতো যোগান বিভাগৰ বিষয়াসকলে চোকা নজৰ দিব লাগিব বুলি তেওঁ কয়। কামৰূপ মহানগৰ জিলাৰ আলু-পিয়াজৰ খুচুৰা ব্যৱসায়ী সকলে পাইকাৰী মূল্যত ক্ৰয় কৰা মূল্যৰ ওপৰত পৰিবহণ আৰু আনুসংগিক খৰচ ধৰি আলুৰ ক্ষেত্ৰত প্ৰতিকেজিত সৰ্বাধিক চাৰি টকা আৰু পিয়াজৰ ক্ষেত্ৰত প্ৰতিকেজিত সৰ্বাধিক ছয় টকা লৈ গ্ৰাহকক বিক্ৰী কৰিব পাৰিব। পাইকাৰী ব্যৱসায়ী সকলে সামগ্ৰী বিক্ৰী কৰিলে খুচুৰা ব্যৱসায়ী সকলক কেচ্‌মেম’ প্ৰদান কৰাটো বাধ্য়তামূলক বুলি মন্ত্ৰীগৰাকীয়ে কয়। গুৱাহাটী মহানগৰীকে ধৰি কামৰূপ মহানগৰ জিলাৰ প্ৰতিখন বজাৰতে আলু-পিয়াজকে ধৰি অন্যান্য অত্যাৱশ্য়কীয় সামগ্ৰীৰ পাইকাৰী আৰু খুচুৰা বিক্ৰী দৰ সংশ্লিষ্ট বজাৰ সমিতি সমূহে বজাৰ সমূহত ৰাইজে দেখাকৈ আঁৰি থব লাগিব। মন্ত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত বজাৰ সমিতি সমূহৰ লগতে কামৰূপ চেম্বাৰ্চ অৱ কমাৰ্চ আৰু গ্ৰাহক সুৰক্ষা সংস্থাৰ সহযোগিতা কামনা কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কামৰূপ মহানগৰ জিলা প্ৰশাসনে প্ৰতি মাহে অত্যাৱ্শ্যকীয় সা-সামগ্ৰীৰ বজাৰ দৰ পৰ্যালোচনা কৰিব আৰু এই সভাত কামৰূপ চেম্বাৰ্চ অৱ কমাৰ্চ, গ্ৰাহক সুৰক্ষা সংস্থাৰ প্ৰতিনিধিৰ লগতে পাইকাৰী আৰু খুচুৰ ব্যৱসায়ী সংস্থা সমূহৰ প্ৰতিনিধি উপস্থিত থাকিব।

সভাত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা  বিভাগৰ সচিব এছ জেদ হাজৰিকা আৰু সঞ্চালক দীপক কুমাৰ চৌধুৰী, কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাস আৰু যোগান বিভাগৰ উপ-সঞ্চালক প্ৰমোদ শ্য়াম, জিলা গ্ৰাহক ফৰামৰ সদস্য জামাতুল ইছলাম, গ্ৰাহক সুৰক্ষা সংস্থা গুৱাহাটীৰ সম্পাদক বাবুল চৌধুৰী, কামৰূপ চেম্বাৰ্চ অৱ কমাৰ্চৰ সভাপতি মহাবীৰ জৈনকে ধৰি কেইবাগৰাকীও ব্যক্তিয়ে বক্তব্য আগবঢ়ায়।

 

About Staff Reporter

চাব পাৰে

পুনৰ শিৰোণামাত চুপাৰি ট্ৰাক , এইবাৰ আৰক্ষীক খুন্দিয়াই নিহত কৰিলে

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চুপাৰী ভৰ্তি ট্ৰাকে মহতিয়ালে আৰক্ষী কনিষ্টবলক থিতাতে নিহত …

Leave a Reply

Your email address will not be published. Required fields are marked *