ভিউফাইণ্ডাৰ ৰ বেনাৰত নিৰ্মিত বড়ো ভাষাৰ নতুন চলচ্চিত্ৰ “ছল’ : এৰিয়লগেম” পোষ্টাৰ অলপতে মুকলি কৰা হয়। মনোৰঞ্জনধৰ্মী চলচ্চিত্ৰখনৰ মূলকাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা ধীৰাজ বড়োৰ। চলচ্চিত্ৰ খনত মনালিছা মুছাহাৰী, জিত বৰুৱা আদি ন পুৰণি শিল্পীৰ সমাহাৰ ঘটিব। চলচ্চিত্ৰ খনৰ মূল চৰিত্ৰ দুটি ত অভিনয় কৰিছে মৃগৰাজ কুমাৰ ব্ৰহ্ম আৰু প্ৰিয়া বড়ো য়ে। মহেন টেৰণ আৰু নয়ন মনি বড়ো য়ে চ’নীৰ এ ছেভেন এছ ২ আৰু পেনাচনিকৰ জি এইছ ফাইভ এছ কেমেৰাৰে চলচ্চিত্ৰ খনৰ দৃশ্যগ্ৰগণ কৰিছে। বাংগালোৰত অমিত মৈৰাং টামে সংগীত পৰিচালনা কৰা এটি গীতত সুৰ আৰু কণ্ঠ দান কৰিছে কৈলাশ পৰশে। বিনোদ দাসে নৃত্যা ংশৰ পৰিচালনা কৰা গীতটোৰ ইতিমধ্যে শ্বিলঙ, মৌচীনৰাম আদি মনোমোহা লোকেচনত দৃশ্য গ্ৰহণ সমাপ্ত হৈছে। চলচ্চিত্ৰখনৰ দৃশ্য সজ্জা বীৰ খাংছৈনাৰীৰ, সাজসজ্জা বৰ্ণালী ৰাভাৰ, ফোটোগ্ৰাফী পংকজ বড়োৰ আৰু পোষ্টাৰ ডিজানিঙ অৰ্জুন টুমুঙৰ। ভৱানী বড়ো প্ৰযোজিত চলচ্চিত্ৰ খনৰ এক্সন কৰিঅ’গ্ৰাফীৰ দায়িত্বত আছে দীপক চেত্ৰী। অসমীয়া ৰ ভাষাৰ পৰা বড়ো ভাষালৈ সংলাপ সমূহ অনুবাদ কৰিছে স্বৰং বাসুমতাৰীয়ে। মনোৰঞ্জনধর্মী চলচিত্ৰ খন প্ৰথমে বি টি এ ডি ৰ দৰ্শকে অতি শীঘ্ৰে উপভোগ কৰিব পাৰিব বুলি পৰিচালক ধীৰাজ বড়োৱে জনাইছে। চলচ্চিত্ৰ খনৰ পোষ্টাৰ মুকলি কৰে সংস্কৃতিক কৰ্মী, শিল্পী হুমায়ুন চৌধুৰীয়ে। অনুষ্ঠান ছল’ : এৰিয়লগেমৰ শিল্পী কলা কুশ লী সকল উপস্থিত থাকে।