Wednesday , July 17 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / বৰপেটাতো টেট শিক্ষকৰ প্ৰতিবা

বৰপেটাতো টেট শিক্ষকৰ প্ৰতিবা

বৰপেটাতো টেট শিক্ষকৰ প্ৰতিবাদঃ
চাকৰি নিয়মীয়াকৰণৰ দাবী, দহদিনৰ সময়সীমা টেট শিক্ষকৰ::
বৰপেটা, ১৮ জুনঃ ঠিকাভিত্তিত নিয়োজিত টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰন কৰা,  বয়স উকলি যোৱা টেট উত্তীৰ্ণ শিক্ষকসকলৰ চাকৰিৰ নিশ্চিতিকৰনৰ দাবীত আজি প্ৰতিবাদী আন্দোলনত নামিল ৰাজ্যৰ টেট উত্তীৰ্ণ শিক্ষকসকল ৷ বিশেষকৈ টেট উত্তীৰ্ণ শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰনৰ প্ৰসংগত টেট শিক্ষকসকলক ড্ৰাইভাৰৰ সৈতে তুলনা কৰাৰ প্ৰতিবাদত আজি ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে ধৰ্ণাত নামিল ৰাজ্যৰ টেট উত্তীৰ্ণ শিক্ষক ৷ সমগ্ৰ ৰাজ্যৰ লগতে আজি বৰপেটাতো জিলাখনৰ টেট উত্তীৰ্ণ শিক্ষকসকলে শিক্ষামন্ত্ৰীৰ এনে মন্তব্যৰ প্ৰতিবাদ জনায় ৷ আনহাতে টেট উত্তীৰ্ণ শিক্ষকসকলৰ ম্যাদ উকলি যোৱা প্ৰসংগক লৈ প্ৰতিবাদত চামিল হোৱা  টেট শিক্ষকসকলে শীঘ্ৰে চাকৰি নিয়মীয়াকৰনৰ দাবী জনোৱাৰ লগতে বয়স উকলি যোৱা শিক্ষকসকলৰ চাকৰি নিশ্চিতকৰনৰো দাবী জনায় প্ৰতিবাদী টেট উত্তীৰ্ণ শিক্ষকসকলে ৷ ইপিনে যি সময়ত শিক্ষকসকল ছাত্ৰছাত্ৰীৰ সৈতে বিদ্যালয়ত থাকিব লাগে, তেনেসময়তে শিক্ষকসকলক ৰাজপথত নামিবলৈ বাধ্য কৰা হৈছে বুলিও শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰে শিক্ষকসকলে ৷   শিক্ষামন্ত্ৰীলৈ প্ৰশ্ন – কিয় শিক্ষকসকলক নিজৰ কৰ্তব্য পালনৰ ক্ষেত্ৰত বাৰে বাৰে  বাধা দিয়া হৈছে ৷  ইপিনে চৰকাৰৰ ভুলৰ বাবেই সকলো টেট শিক্ষকে ডিএলএড সম্পূৰ্ণ কৰিব নোৱাৰিলে বুলি অভিহিত কৰি একেলগে টেট উত্তীৰ্ণ হৈ একাংশৰ চাকৰি নিয়মীয়াকৰনৰ বিপৰীতেআন একাংশক পুনৰ টেট পৰীক্ষাত বহাৰ বাবে বাধ্য কৰাতো উচিত নহব বুলি প্ৰকাশ কৰে ৷ টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰনৰ ক্ষেত্ৰত দহ দিনৰ সময়সীমা বান্ধি দিয়ে ৰাজ্য চৰকাৰক ৷ অন্যথা অহা ২৯ জুনত দিছপুৰঘেৰাও কাৰ্যসূচী গ্ৰন কৰিব বুলি ৰাজ্য চৰকাৰক চৰম সকিয়নি প্ৰদান কৰি জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰন কৰে টেট শিক্ষকসকলে ৷

About Staff Reporter

চাব পাৰে

মিঞা কবিতাৰে অসমীয়া জাতি, বাঘ হাজৰিকাক অপমান কৰাৰ লগতে ভাতৃঘাটি সংঘাত লগোৱাৰ চেষ্টা

বঙাইগাঁৱত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সংবাদ মেল মিঞা কবিতাৰে অসমীয়া জাতি, বাঘ হাজৰিকাক অপমান …

Leave a Reply

Your email address will not be published. Required fields are marked *