Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / বৰপেটাত ‘স্বচ্ছ সৰ্বেক্ষণ’-‘স্বচ্ছতাহি সেৱা’ কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ

বৰপেটাত ‘স্বচ্ছ সৰ্বেক্ষণ’-‘স্বচ্ছতাহি সেৱা’ কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ

*বৰপেটাত ‘স্বচ্ছ সৰ্বেক্ষণ’-‘স্বচ্ছতাহি সেৱা’ কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ*

*স্বচ্ছতাক জীৱন ধাৰালৈ ৰূপান্তৰিত কৰাৰ বাবে উপায়ুক্তৰ আহ্বান*

বৰপেটা, ১৬ ছেপ্টেম্বৰ: সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হোৱা ‘স্বচ্ছ সৰ্বেক্ষণ’ আৰু ‘স্বচ্ছতাহি সেৱা ২০১৯’ কাৰ্যসূচী আজি বৰপেটা জিলাত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা হয়। এই উপলক্ষে পুৱা মিলেনিয়াম পাৰ্কৰ পৰা উলিওৱা এটি শোভাযাত্ৰা জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই আনুষ্ঠানিক ভাৱে পতাকা জোঁকাৰি শুভাৰম্ভ কৰে। উদ্ধোধনী ভাষণত উপায়ুক্ত গৰাকীয়ে পৰিষ্কাৰ পৰিচন্নতাক এটা চৰকাৰী কাৰ্যসূচীৰ পৰিবৰ্তে জীৱন প্ৰণালীলৈ ৰূপান্তৰিত কৰাৰ বাবে ৰাইজক আহ্বান জনায়। তেওঁ নিজৰ ঘৰখন, গাঁও- চুবুৰী আদি পৰিষ্কাৰ পৰিচন্ন কৰি ৰখাৰ ওপৰত গুৰুত্ব দিবলৈ সকলোকে অনুৰোধ জনায়। চহৰৰ মাজেৰে স্বচ্ছতাগ্ৰাহী সকলে শোভাযাত্ৰা কৰি সোনকুছীত থকা জিলা গ্ৰামীণ বিকাশ প্ৰকল্প অভিকৰনলৈ যায় আৰু তাত এখন উদ্ধোধনী সভাত মিলিত হয়। সভাত যুটীয়া স্বাস্থ্য সঞ্চালক ডা: তীৰ্থনাথ শৰ্মা, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, জিলা কৃষি বিষয়া কৃষ্ণকান্ত পাঠক, জিলা প্ৰাথমিক শিক্ষা বিষয়া ৰাতুল দাস প্ৰমুখ্যে ব্যক্তিসকলে ভাষণ দিয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা বিৰাজ দত্তই কয় যে, স্বচ্ছ সৰ্বেক্ষণৰ দ্বাৰা স্বচ্ছ ভাৰত অভিযানৰ এতিয়ালৈকে লাভ কৰা সফলতা বিফলতাৰ ক্ষেত্ৰভিত্তিক পৰ্যালোচনা চলোৱা হ’ব।

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *