Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / বৰপেটা জিলাত হাই এলাৰ্ট জাৰি

বৰপেটা জিলাত হাই এলাৰ্ট জাৰি

বৰপেটা জিলাত হাই এলাৰ্ট জাৰি

সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ২৪ জুলাইঃ বৰপেটা জিলাৰ বহুকেইটা  নৈৰ বাঢ়নী পানীয়ে এতিয়া বিভীষিকাৰ সৃষ্টি কৰিছে জনজীৱনৰ মাজত। ভৱানীপুৰ সমষ্টিত কালি বাঢ়নী পানীত উটি যোৱা দুজন লোকৰ ইতিমধ্যে মৃতদেহো উদ্ধাৰ হয়। জানিব পৰা মতে, বৰপেটা জিলাৰ পাঁচখন ঠাইত হাই এলাৰ্ট জাৰি কৰিছে বৰপেটা জিলা প্ৰশাসনে। হাই এলাৰ্ট জাৰি কৰা ঠাইসমূহ ক্ৰমেঃ বজালী, সৰভোগ, কলগাছিয়া, বাঘবৰ আৰু সৰুপেটা। আজি মাজনিশাৰ ভাগত ভূটান চৰকাৰে কুৰিশ্বু বান্ধৰ অতিৰিক্ত পানী এৰি দিয়াৰ সম্ভাৱনা আছে বুলি গ’ম পাই নৈপৰীয়া ৰাইজক নিৰাপদ ঠাইত আশ্ৰয় লোৱাৰ বাবে আহ্বান জনাইছে বৰপেটা জিলা প্ৰশাসনে। প্ৰশাসনে বহু অঞ্চলত সেনাৰ সহায় বিচাৰিছে এতিয়া। সেনাবাহিনীৰ কৰ্ণেলে জনোৱা মতে, সকলোকে উদ্ধাৰ কৰিবৰ বাবে সম্পূৰ্ণ সাজু এতিয়া তেওঁলোকৰ সেনাই।

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *