Thursday , November 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / বৰপেটা সত্ৰৰ ইতিহাস প্ৰণেতা,লোকসংগীত শিৰোমণি গোকুল পাঠকৰ আজি ওপজা দিন

বৰপেটা সত্ৰৰ ইতিহাস প্ৰণেতা,লোকসংগীত শিৰোমণি গোকুল পাঠকৰ আজি ওপজা দিন

●বৰপেটা সত্ৰৰ ইতিহাস প্ৰণেতা,লোকসংগীত শিৰোমণি গোকুল পাঠকৰ আজি ওপজা দিন●
●সাহিত্য সভা ভৱনত বৰ্ণাঢ্য আয়োজন■উন্মোচন হ’ব “সাতচল্লিছৰ পোন্ধৰ আগষ্টত ক’লা পতাকা উৰুৱাই মই গকুল পাঠকে কৈছোঁ”●
●গীতিকাৰ-সুৰকাৰ সুধীৰ দাসলৈ ‘লোকসংগীত শিৰোমণি গোকুল পাঠক বঁটা●

কাঞ্জল দাস,বৰপেটা : সত্ৰ নগৰী বৰপেটাৰ গৌৰৱ তথা বৰপেটা সত্ৰৰ ইতিহাস প্ৰণেতা, লোকসংগীত শিৰোমণি গোকুল পাঠকৰ আজি ৯৪ সংখ্যক ওপজা দিন । বহু প্ৰতিভাৰে প্ৰতিভাত তথা অসমৰ বৌদ্ধিক জগতৰ নক্ষত্ৰস্বৰূপ এইজনা গোকুল পাঠকৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ আছে যথেষ্ট অৱদান ।নিজৰ দক্ষতা আৰু সততাৰে নিজ দায়িত্ব পালন কৰি বৰপেটা জিলাৰ অন্যতম এক সত্তা হিচাপে পৰিগণিত হোৱা গোকুল পাঠক হ’ল একেধাৰে গীতিকাৰ, সুৰকাৰ, লোক-গীতৰ শিৰোমণি, অভিনেতা, নাট্যকাৰ, সাংবাদিক । সত্ৰ নগৰীৰ এইজনা আদৰ্শ পুৰুষৰ ৯৪ সংখ্যক ওপজা দিনত বৰপেটাবাসীয়ে জনাইছে হৃদয়ৰ নিভৃত কোণৰ হাৰ্দিক অভিনন্দন । একেই আপাহতে গোকুল পাঠক জন্ম জয়ন্তী উদযাপন সমিতিয়ে ১৪ অক্টোবৰৰ আবেলি চাৰি বজাত বৰপেটা সাহিত্য সভা ভৱনত ‘জন্মদিন জন্মদিন শুভ জন্মদিন’ শীৰ্ষক এক বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰিছে ।অনুষ্ঠানত বৰপেটাৰ অন্যতম সামাজিক-সাংস্কৃতিক সংগঠন ‘নৱ উন্মেষ গোষ্ঠী’য়ে প্ৰকাশ কৰি উলিওৱা এখনি কাব্যপুথি উন্মোচন কৰা হ’ব।সম্পূৰ্ণ অগতানুগতিক কবিতা পুথিখনত সন্নিবিষ্ট হৈছে মাত্ৰ এটি কবিতা।প্ৰাক্তন ছাত্ৰনেতা তথা প্ৰবন্ধকাৰ গোবিন্দ গায়নে লিখা সু-দীঘল কবিতাটিৰ নাম “সাতচল্লিছৰ পোন্ধৰ আগষ্টত ক’লা পতাকা উৰুৱাই মই গোকুল পাঠকে কৈছো”।এই অনুষ্ঠানত ৰাইজৰ উপস্থিতি কামনা কৰিছে গোষ্ঠীৰ সভাপতি আৰু সম্পাদক ক্ৰমে প্ৰদীপ দাস আৰু হেমন্ত ডেউৰীয়ে ।উল্লেখ্য যে এই অনুষ্ঠানতে জন্ম জয়ন্তী উদযাপন সমিতিয়ে এইবৰ্ষৰ “লোকসংগীত শিৰোমণি শ্ৰীগোকুল পাঠক বঁটা” প্ৰদান কৰিব প্ৰথিতযশা শিল্পী আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ স্বৃকীতিপ্ৰাপ্ত গীতিকাৰ-সুৰকাৰ সুধীৰ দাসক।উদযাপন সমিতিৰ সম্পাদক নাৰায়ণ পাঠকে অনুষ্ঠানৰ সকলো কাৰ্যসূচীতে ৰাইজৰ সহযোগিতা কামনা কৰিছে । ইফালে বৰপেটা সত্ৰৰ ইতিহাস প্ৰণেতা, মথুৰাদাস বুঢ়াঅাতা বঁটা তথা বৰপেটা বঁটা প্ৰাপক শ্ৰদ্ধেয় গোকুল পাঠকৰ জন্মদিনৰ পবিত্ৰ দিনটোত ‘খিলঞ্জীয়া সুৰক্ষা বাহিনী,অসম’ৰ আহ্বায়ক তথা বৰপেটা জিলা সমিতিৰ অধ্যক্ষ অনিল কুমাৰ দাসে পাঠক দেৱক শ্ৰীমন্ত শংকৰদেৱ বঁটাৰে সন্মানিত কৰিবলৈ অসম চৰকাৰৰ ওচৰত দাবী জনাইছে।

About Staff Reporter

চাব পাৰে

সৰ্ব হিন্দুস্তানী মহিলা পৰিষদ গঠন

  ষ্টাফৰিপৰ্টাৰ ২০ নৱেম্বৰ : সৰ্ব হিন্দুস্তানী যুৱ পৰিষদ অসমৰ এখন সভা দেওবাৰে বৰপেটা ৰোডৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *