Monday , February 17 2020
শেহতীয়া খবৰ
Home / মহানগৰ / ভগৱান শ্ৰী কৃষ্ণই কৃষি আৰু গোপালন কৰি সংস্কৃতি আৰু গোপীসকলৰ মাধ্যমৰ দ্বাৰা মহিলা সশক্তি কৰণৰ কাম কৰিছিল,–হেমভাই

ভগৱান শ্ৰী কৃষ্ণই কৃষি আৰু গোপালন কৰি সংস্কৃতি আৰু গোপীসকলৰ মাধ্যমৰ দ্বাৰা মহিলা সশক্তি কৰণৰ কাম কৰিছিল,–হেমভাই

 

শান্তি সাধনা আশ্ৰমত অখণ্ড ভাগৱত পাঠৰ ষষ্ঠ দিনা ভক্তৰ ভিৰ

ষ্টাফৰিপোৰ্টাৰ, ১৩ ফেব্ৰুৱাৰী : শান্তি সাধনা আশ্ৰম, শান্তিৱন , বশিষ্ঠৰ তত্বাৱধানত অখণ্ড ভাগৱত পাঠ আৰু হৰিনাম মহাযজ্ঞৰ ষষ্ঠদিনা অসমৰ বিভিন্ন অঞ্চলৰ পৰা অহা ভক্ত সকলক সম্বোধিত কৰি ৰাষ্ট্ৰীয় সন্ত হেমভাই কয় “ভগৱান শ্ৰী কৃষ্ণই কৃষি আৰু গোপালন কৰি সংস্কৃতি আৰু গোপীসকলৰ মাধ্যমৰ দ্বাৰা মহিলা সবলীকৰণৰ কাম কৰিছিল। যেতিয়া শ্রী কৃষ্ণই গধূলি ঘৰলৈ উভতি আহে তেতিয়া গৰু খোজত যি ধূলি উৰি কৃষ্ণৰ চুলি আৰু কপালত ওলোৱা ঘাম যুক্ত মুখ মণ্ডল দেখি গোপী সকল বহুত প্ৰসন্ন হৈ পৰিছিল। শ্ৰী কৃষ্ণৰ এই চেহেৰা দৰ্শন কৰিবলৈ গোপীসকল পদূলি মুখত ৰৈ আছিল। যাৰ হৃদয়খন নিৰ্মল আৰু পৱিত্ৰ তেওঁক ভগৱানে কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে।”
ন-গাওঁ, মঙ্গলদৈ, ইন্দিৰা নগৰ , বিজয় নগৰ, নলবাৰী, বৰপেটা আদি অঞ্চলৰ পৰা অহা ভক্ত সকলে দিহানাম, থিয় নাম, নাগৰা নাম পৰিবেশন কৰি আশ্ৰম পৰিসৰ হাৰিনামৰ ধ্বনিৰে মুখৰিত কৰি বৈকুণ্ঠ পুৰিত পৰিণত কৰে।
ৰবীন্দ্ৰ শৰ্মা মহন্তৰ সভাপতিত্বত এক সুন্দৰ বিশ্লেষণো কৰা হয়। দময়ন্তী দেৱীয়ে গোপালনৰ বিষয়ে বিস্তৃত ব্যাখ্যা দাঙি ধৰে। স্বামী হৃদয়ানন্দই সকলোকে ধন্যবাদ জ্ঞাপন কৰে। জে পি বৰাই কাৰ্যসুচী পৰিচালনা কৰে।

About Staff Reporter

চাব পাৰে

সদৌ অসম লেখিকা সমাৰোহ সমিতি, গুৱাহাটী শাখাৰ দ্বি- বাৰ্ষিক সভা

  ষ্টাফৰিপোৰ্টাৰ, ১৫ ফেব্ৰুৱাৰী : সদৌ অসম লেখিকা সমাৰোহ সমিতি, গুৱাহাটী শাখাৰ দ্বি- বাৰ্ষিক সভাখন …

Leave a Reply

Your email address will not be published. Required fields are marked *