Sunday , January 19 2020
শেহতীয়া খবৰ
Home / Business / ভাড়াঘৰৰ নামত ৰাজ্যত চলিছে ক’লা ব্যৱসায়ঃ প্ৰতিবেদন-১

ভাড়াঘৰৰ নামত ৰাজ্যত চলিছে ক’লা ব্যৱসায়ঃ প্ৰতিবেদন-১

উচ্চ নিৰিখৰ ভাড়াৰে ভাড়াতীয়াক শোষণ এচাম মালিকৰঃ অধিকাংশ ভাড়াঘৰৰ মালিকে ফাঁকি দিয়ে আয়কৰ

 

বিশেষ প্ৰতিবেদন, ফাৰ্ষ্ট নিউজ ৰিপ’ৰ্টঃ ৰাজধানী মহানগৰী গুৱাহাটীৰ লগতে ৰাজ্যৰ প্ৰায়কেইখন চহৰ-নগৰত এতিয়া ভাড়াঘৰৰ ব্যৱসায় ৰমৰমীয়াকৈ চলি আছে। জনসংখ্যাৰ দ্ৰুত বৃদ্ধি তথা গ্ৰামাঞ্চলৰ ৰাইজৰ শিক্ষা, কৰ্মসংস্থাপন আদি বিভিন্ন কাৰণত চহৰলৈ ঘটা প্ৰব্ৰজনৰ বাবেই বৰ্তমান এই ব্যৱসায়ী লাভজনক হৈ উঠিছে। কিন্তু দুখৰ কথাটো হ’ল যে ভাড়াঘৰৰ ব্যৱসায়টো অধিক পৰিমাণে এক ক’লা ব্যৱসায়ত পৰিণত হৈছে। কিয়নো অধিকাংশ ভাড়াঘৰৰ মালিকে তেঁওৰ কিমানটা ঘৰ ভাড়াৰ বিনিময়ত ব্যৱহাৰ কৰিছে, তাৰ বাবদ কিমান ভাড়া লৈছে এইবোৰ চৰকাৰৰ ওচৰত হিচাপ দাখিল নকৰে। বহু ঘৰৰ মালিকে ভাড়া ব্যৱসায়ৰ বাবেই কেবামহলীয়া অট্টালিকা নিৰ্মাণ কৰি ভাড়াঘৰৰ ৰমৰমীয়া ব্যৱসায় চলি আছে যদিও এইক্ষেত্ৰত চৰকাৰক ৰাজহ প্ৰদান কৰা নাই। আমাৰ চকুৰ আগতে অধিকাংশ মালিকে কেতিয়াও বেংক একাউন্ট অথৱা চেকযোগে ভাড়া ল’বলৈ মান্তি নহয় আয়কৰৰ ভয়ত। ৰাজহ ফাঁকি দি ৰাজ্যত কোনো ব্যৱসায় কৰিলে সেয়া ক’লা ব্যৱসায় হ’লে ৰাজহবিহীন ভাড়াঘৰৰ ব্যৱসায় কেনেদৰে আইনসংগত হ’ব পাৰে সেয়া সচেতন মহলৰ মাজত এটা ৰহস্যজনক প্ৰশ্ন হৈ পৰিছে। আনহাতে ভাড়াৰ নিৰিখৰ ক্ষেত্ৰতো অধিকাংশ মালিকে চৰকাৰৰ কোনো নীতি নিময় অনুসৰণ নকৰি নিজৰ মতেই ভাড়া বঢ়াই গৃহহীম তথা ভাড়াতীয়া লোকসকলৰ হাৰাশাস্তি কৰি আহিছে। কৰ্মৰত ব্যক্তিৰ লগতে আনকি ছাত্ৰ-ছাত্ৰীকো এনেদৰে উচ্চ নিৰিখৰ বেআইনী ভাড়াৰে ব্যতিব্যস্ত কৰি আহিছে এনেধৰণৰ মালিকচামে। দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা সোণোৱাল চৰকাৰৰ চকুৰ সন্মুখতে চলি অহা এই অনিয়মক কিয় গুৰুত্ব প্ৰদান কৰা নাই সেয়াও এক ৰহস্যৰ বিষয়। এইক্ষেত্ৰত প্ৰশাসনে শীঘ্ৰেই পদক্ষেপ গ্ৰহণ কৰি ভাড়াতীয়া আইনৰ উচিত প্ৰয়োগ কৰিব বুলি আশাবাদী ভুক্তভোগী ভাড়াতীয়া সকল। আনহাতে ভাড়াঘৰৰ নামত চলি অহা অধিক অনিয়মৰ বিষয়ে সবিস্তাৰে প্ৰকাশ কৰা হ’ব পৰৱৰ্তী প্ৰতিবেদনত।

About Staff Reporter

চাব পাৰে

শিৱসাগৰ জিলা উপায়ুক্তৰ যোগাত্মক পদক্ষেপত সন্তুষ্ট শিৱসাগৰ সাংবাদিক মহল

শিৱসাগৰ জিলা উপায়ুক্তৰ যোগাত্মক পদক্ষেপত সন্তুষ্ট শিৱসাগৰ সাংবাদিক মহল ফাৰ্ষ্ট নিউজ , শিৱসাগৰ , ১৮ …

Leave a Reply

Your email address will not be published. Required fields are marked *