Wednesday , January 29 2020
Home / ৰাজনীতি / ভাৰতবৰ্ষৰ গণতন্ত্ৰ আজি বিপদাপন্ন— তৰুণ গগৈ

ভাৰতবৰ্ষৰ গণতন্ত্ৰ আজি বিপদাপন্ন— তৰুণ গগৈ

 

ষ্টাফৰিপৰ্টাৰ, ৫ জানুৱাৰী, ‘ভাৰতবৰ্ষৰ গণতন্ত্ৰ আজি বিপদাপন্ন। সমগ্ৰ উত্তৰ–পূবত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন হৈছে। তৎসত্ত্বেও কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব দিয়া নাই। এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। মোদীয়ে চি বি আইক কেনেদৰে ব্যৱহাৰ কৰে বংগ কাণ্ডত প্ৰমাণ হ’ল বুলিও মন্তব্য গগৈৰ। আনহাতে, আছুৰ লগত আমাৰ সম্বন্ধ আজিৰ নহয় বুলিও মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ। সংবাদ মাধ্যমৰ আগত গগৈয়ে কয় – “অসম চুক্তি কোনে কৰিছিল? ইন্দিৰা গান্ধীয়ে আহি আছুৰ লগত কথা পাতিছিল। ৰঞ্জিত দাসৰ কি গুৰুত্ব আছে? আমাৰ লগত ৰঞ্জিত দাসে কি সম্বন্ধ ৰাখিছিল ক’ম নেকি?” কাইলৈ আমাৰ চৰকাৰ হ’লে পুনৰ আমাৰ লগত বুজাবুজি কৰিব বুলিও মন্তব্য গগৈৰ। আছুৱে ৰাহুল গান্ধীক জাতীয় স্বাৰ্থতহে সাক্ষাৎ কৰিছে বুলিও মন্তব্য গগৈৰ।

About Staff Reporter

চাব পাৰে

লোকসভাত উত্থাপন কৰা হ’ব কেব

  ষ্টাফৰিপৰ্টাৰ,৮ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল উত্তপ্ত হৈ থকাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *