Saturday , January 25 2020
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / ভাৰতীয় গ্ৰাহকক পুৰস্কাৰ প্ৰাপ্ত তথ্যগত মনোৰঞ্জন প্ৰদানৰ বাবে কিশোৰ এয়াৰটেলৰ সহযোগিতা স্থাপন

ভাৰতীয় গ্ৰাহকক পুৰস্কাৰ প্ৰাপ্ত তথ্যগত মনোৰঞ্জন প্ৰদানৰ বাবে কিশোৰ এয়াৰটেলৰ সহযোগিতা স্থাপন

 

ষ্টাফৰিপৰ্টাৰ, ২২ নৱেম্বৰ : ভাৰতী এয়াৰটেলে
ভাৰতীয় গ্ৰাহকক মনোৰঞ্জন প্ৰদানৰ বাবে বুধবাৰে
পুৰস্কাৰ প্ৰাপ্ত বিশ্বজনীন মিডিয়া উদ্যোগ কিউৰ’ছিটী ষ্ট্ৰীমৰ সৈতে সহযোগিতা স্থাপন কৰাৰ কথা ঘোষণা কৰে। ডিস্ক’ভাৰী চেনেলৰ প্ৰতিষ্ঠাতা জ’ন হেনড্ৰিকছৰ দ্বাৰা মুকলি হোৱা কিউৰ’ছিটী ষ্ট্ৰীমে মহাকাশ, কলা, আগ্নেয়গিৰি, ইতিহাস, ভ্ৰমণ, গাড়ী, স্থাপত্য, ডাইন’ছৰ আদিকে ধৰি বহু বিষয়ৰ তথ্যচিত্ৰৰে দৰ্শক সকলক নিজৰ বীক্ষণ প্ৰসাৰিত কৰিবলৈ সুবিধা প্ৰদান কৰে। এয়াৰটেল থেংক্সছ গোল্ড আৰু প্লেটিনাম গ্ৰাহক সকলে কিউৰ’ছিটী ষ্ট্ৰীমৰ কনটেণ্ট সমূহ এয়াৰটেল এপ আৰু airtelxstream.com ত উপভোগ কৰিব পাৰে। তদুপৰি এই কণ্টেন্ট সমূহ এয়াৰটেল এক্সষ্ট্ৰীম হাইব্ৰীড বক্স আৰু এযাৰটেল এক্সষ্ট্ৰীম স্মাৰ্ট ষ্টিকতো পোৱা যাব বুলি ভাৰতী এয়াৰটেলৰ মুখ্য সামগ্রী বিষয়া আদৰ্শ নায়াৰ, ভাৰতী এয়াৰটেলৰ ডি টি এইচৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সঞ্চালক সূনীল তালদাৰ আৰু কিউৰ’ছিটী ষ্ট্ৰীমৰ অধ্যক্ষ তথা মুখ কাৰ্যবাহী বিষয়া ক্লীণ্ট ষ্টীংককম্বে এক বিবৃতি যোগে জনায়। উল্লেখযোগ্য ভাৰতী এয়াৰটেল লিমিটেড বিশ্বৰ অগ্ৰণী টেলিকম উদ্যোগ সমূহৰ অন্যতম তথা এছিয়া আৰু আফ্ৰিকাকে ধৰি ১৮ খন দেশত ই সেৱা আগবঢ়াই আহিছে।

About Staff Reporter

চাব পাৰে

গুৱাহাটীত অডি ৬ বন্তি প্ৰজ্জলনেৰে মুকলি কৰা মুহূৰ্তত ফুটবল তাৰকা বাইচুং ভূতিয়া

Leave a Reply

Your email address will not be published. Required fields are marked *