Sunday , February 23 2020
Home / আঞ্চলিক / ভাৰতৰত্ন ভূপেন হাজৰিকাক দিয়াৰ বাবে ভাৰত চৰকাৰক ধন্যবাদ ৰাজ্যপাল জগদীশ মুখীৰ

ভাৰতৰত্ন ভূপেন হাজৰিকাক দিয়াৰ বাবে ভাৰত চৰকাৰক ধন্যবাদ ৰাজ্যপাল জগদীশ মুখীৰ

 

ষ্টাফৰিপৰ্টাৰ, ২৮ জানুৱাৰী, ভাৰতৰত্ন ভূপেন হাজৰিকাক দিয়াৰ বাবে ভাৰত চৰকাৰক ধন্যবাদ ৰাজ্যপাল জগদীশ মুখীৰ। ৰাজ্যপালৰ ভাষণৰ মাজতে বিৰোধীৰ প্ৰতিবাদ আৰম্ভ হয়। ৰাজ্যপালৰ ভাষণৰ ডেৰ মিনিটতে বিৰোধীয়ে আৰম্ভ কৰিলে বিধানসভাত প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে হাতে হাতে প্লে’ কাৰ্ড লৈ বিৰোধী দলৰ সদস্যই কান্ধত গোমোচাই লৈ প্ৰতিবাদ সাব্যস্ত কৰে। ‘জয় আই অসম ধ্বনি’ৰে বিধানসভা উত্তাল কৰি তোলে বিৰোধীয়ে। অধ্যক্ষৰ কাষলৈ গৈ প্ৰতিবাদী কার্যসূচী গ্ৰহন কৰে। হুলস্থুলীয়া পৰিৱেশৰ বাবে ৰাজ্যপাল জগদীশ মুখীয়ে আধাতে সামৰিলে ভাষণ। আধা ঘণ্টাৰ বাবে স্থগিত ৰখা হ’ল সদন। সদনৰ বাহিৰতো অগপ, কংগ্ৰেছ আৰু এ আই ইউ ডি এফ ৰ প্ৰতিবাদ। মন্ত্ৰিত্ব এৰাৰ পিছত বিৰোধী নেতাৰ ৰূপত অতুল বৰা। কেশৱ মহন্তকো দেখা গ’ল বিৰোধী নেতাৰ ৰূপত।

About Staff Reporter

চাব পাৰে

চৰকাৰে বন্ধ কৰিবই সংস্কৃত টোল

  ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষা প্ৰদান বন্ধ কৰাৰ উদ্দেশ্যে ৰাজ্যত মাদ্ৰাছা আৰু …

Leave a Reply

Your email address will not be published. Required fields are marked *