Wednesday , July 17 2019
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / ভাৰতৰ অফলাইন বজাৰত মুকলি হ’ল ৰীয়েলমী চি২

ভাৰতৰ অফলাইন বজাৰত মুকলি হ’ল ৰীয়েলমী চি২

 

ষ্টাফ ৰিপোৰ্টাৰ ।।। ১১ জুন,,,, ভাৰতৰ শীৰ্ষস্থানৰ মানদণ্ডযুক্ত স্মাৰ্টফোন ব্ৰেণ্ড ৰিয়েলমীয়ে মঙলবাৰে গুৱাহাটীত এখন সংবাদমেলৰ জৰিয়তে ৰিয়েলমী চি২( দেশ কা ৰিয়েল চইচ”)ৰ বিষয়ে ঘোষণা কৰে। ১৫ জুনৰ পৰা দেশৰ ৮০০০ বিপণীত এই অফলাইন স্মাৰ্টফোনৰ বিক্ৰী প্ৰক্ৰিয়া আৰম্ভ হ’ব। এই স্মাৰ্টফোন তিনিটা সংস্কৃৰণ ক্ৰমে ২ জি বি ৰেম +১৬ জি বি ৰ’ম, ২ জি বি ৰেম+৩২ জি বি ৰ’ম আৰু ৩ জি বি ৰ’ম+৩২ জি বি ৰ’মত পোৱা যাব। যাৰ মূল্য ৫,৯৯৯ টকাৰ পৰা উপলব্ধ হ’ব। এই এই সম্পৰ্কে ৰিয়েলমী ইণ্ডিয়াৰ উৎপাদন প্ৰবন্ধক নিধি ভটিয়াই সংবাদমেলযোগে কয়”-উৎপাদনৰ বিষয়ে গ্ৰাহকক অধিক অনুভৱ আৰু সংস্পৰ্শ প্ৰদানৰ বাবে আমি অফলাইন কাৰ্যক্ৰম বৃদ্ধি কৰিছোঁ। বৰ্তমান ৰিয়েলমীৰ সমগ্র ভাৰতত ২৩৮ টা সেৱাকেন্দ্ৰ আছে, ইয়াৰ ১৫ টা অসমত অৱস্থিত। এই ফোনত চার্জিং নকৰাকৈ এদিন ব্যৱহাৰৰ বাবে আছে ৪০০০ এম এ এইচৰ বেটাৰী। আনহাতে, ৰিয়েলমী চি২ হ’ল এই দামত ৮০ এফ পি এছ/৪৮০ পি শ্ল’ ম’শ্যনত ভিডিঅ’ ৰেকৰ্ডিং কৰিব পৰা প্রথম স্মাৰ্টফোন। উল্লেখযোগ্য যে,সমগ্র অসমৰ ২২২ খন বিপণীত উপলব্ধ হ’বলগীয়া ৬.১ ইঞ্চিৰ এইচ ডি + ডিউড্ৰপ ফুল স্ক্ৰীন যুক্ত চি২ স্মাৰ্টফোন বিধ ডাইমণ্ড ব্লেক আৰু ডাইমণ্ড ব্লু ৰঙত উপলব্ধ হ’ব।”

About Staff Reporter

চাব পাৰে

চাওমিয়ে গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম পূৰ্ণতা অপাৰেচন মুকলি কৰে

  ষ্টাফ ৰিপোৰ্টাৰ,,,,১৮ জুন।।। ভাৰতৰ এক নম্বৰ স্মাৰ্টফোন আৰু টি. ভি ব্ৰাণ্ড চাওমিয়ে মঙলবাৰে মুকলি …

Leave a Reply

Your email address will not be published. Required fields are marked *