Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / ভাৰতৰ শিক্ষা সংস্কাৰত বিদ্যা ভাৰতীয়ে এক বিশেষ ভূমিকা পালন কৰি আহিছে – ৰামকৃষ্ণ ৰাও

ভাৰতৰ শিক্ষা সংস্কাৰত বিদ্যা ভাৰতীয়ে এক বিশেষ ভূমিকা পালন কৰি আহিছে – ৰামকৃষ্ণ ৰাও

ভাৰতৰ শিক্ষা সংস্কাৰত বিদ্যা ভাৰতীয়ে এক বিশেষ ভূমিকা পালন কৰি আহিছে – ৰামকৃষ্ণ ৰাও

পঙ্কজ নাথ, চাংসাৰি, ২৬ ফ্ৰেব্ৰুৱাৰী :

মুক্তধাৰা সভাগাৰ, আগৰতলাত প্ৰয়াত কৃষ্ণ চন্দ্ৰ গান্ধী সোঁৱৰণী বঁটা কালি ২৫ ফেব্ৰুৱাৰীত প্ৰদান কৰা হয়।
বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ৰামকৃষ্ণ ৰাওঁ, স্বামী চিত্ৰৰঞ্জন মহাৰাজ, ত্ৰিপুৰাৰ উপমূখ্যমন্ত্ৰী জিশ্ৰু দেৱ শৰ্মাই দীপ প্ৰজ্জলন কৰি কাৰ্যক্ৰমৰ আৰম্ভণি কৰিছিল ।সমাৰোহৰ মঞ্চত বিদ্যা ভাৰতীৰ শিশু শিক্ষা সমিতিৰ ত্ৰিপুৰাৰ অধ্যক্ষ ডা০ শংকৰ ৰায়, ৰাষ্ট্ৰীয় মন্ত্ৰী ব্ৰহ্মাজী ৰাওঁ, বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ অধ্যক্ষ ডা০ জয়কান্ত শৰ্মা, পূৰ্বোত্তৰ জনজাতীয় শিক্ষা সমিতিৰ মাৰ্গদৰ্শক লৌগকী ফ্ৰাংচু , প্ৰমূখ্যে শিশু শিক্ষা সমিতিৰ অধ্যক্ষ সদা দত্ত দেৱ উপস্থিত আছিল । স্বৰ্গীয় কৃষ্ণ চন্দ্ৰ গান্ধী এজন মহান সমাজ সেৱক হোৱাৰ লগতে পূৰ্বোত্তৰ ক্ষেত্ৰৰ গোটেই দেশৰ জনজাতীয় বন্ধু সকলৰ মাজত শিক্ষাৰ পোহৰ বিলাবলৈ গোটেই জীৱন সমৰ্পন কৰিছিল । সুদীৰ্ঘ ২৫ বছৰ কাল পূৰ্বোত্তৰ ক্ষেত্ৰৰ অৰুণাচল, নাগালেণ্ড, ত্ৰিপুৰা, মেঘালয়, মণিপুৰ, অসমৰ পিছ পৰা ঠাইসমূহ ভ্ৰমণ কৰি জনমানসক শিক্ষা দিবলৈ প্ৰেৰণা দিছিল । যাৰ বাবে তেখেতৰ দৰে মহান ব্যক্তিৰ ব্যাপক বিচাৰ বুদ্ধি, তথা কষ্ট আৰু কঠোৰ পৰিশ্ৰমৰ ফলস্বৰূপে বিদ্যা ভাৰতীৰ প্ৰথমখন বিদ্যালয় স্থাপন হৈছিল । এইজনা স্বনমধন্য
ব্যক্তিৰ নাম অলংকৃত কৰিবৰ বাবে তেখেতৰ নামতে সমাজৰ শ্ৰেষ্ঠ সামাজিক ব্যক্তিক বছৰি পুৰস্কাৰ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয় । সেই উদ্দেশ্য আগত ৰাখি যোৱা কালি ২৫ তাৰিখে পূৰ্বোত্তৰ জনজাতি শিক্ষা, সমিতিৰ সৌজন্যত ত্ৰিপুৰাৰ আগৰতলাত “কৃষ্ণ চন্দ্ৰ গান্ধী সোঁৱৰণী বঁটা” ২০২০ স্বামী চিত্ৰৰঞ্জন দেৱবৰ্মাক প্ৰদান কৰা হয় । বিশিষ্ট শিক্ষাবিদ, আধ্যাত্মিক গুৰু দেৱবৰ্মাই বিগত কেইবা দশক জুৰি দুখীয়া পিতৃ মাতৃহীন শিশুক সংস্কাৰ আৰু শিক্ষা প্ৰদান কৰি সমাজৰ প্ৰতি অতুলনীয় অৱদান আগবঢ়াইছে । বঁটা প্ৰদান কৰা অনুষ্ঠানটিত ভাষণ প্ৰদান কৰি বিদ্যা ভাৰতীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ৰামকৃষ্ণ ৰাওঁৱে কয় বিদ্যা ভাৰতীয়ে ভাৰতৰ শিক্ষা ব্যৱস্থাত বিশেষ ভূমিকা পালন কৰিছে। বিশেষকৈ শিক্ষা সংস্কাৰত ।
কৃষ্ণ চন্দ্ৰ গান্ধীয়ে ভাৰতৰ পূৰ্বোত্তৰ জনজাতীয় সমাজ তথা বনবাসী অঞ্চলত শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰ যাতে তীব্ৰ গতিৰে চলে তাৰ বাবে বিভিন্ন আঁচনি প্ৰস্তুত কৰিছিল । বিদ্যাভাৰতীৰ সৰস্বতী শিশু মন্দিৰৰ প্ৰতিষ্ঠাতা আৰু কখিল ভাৰতীয় বনবাসী শিক্ষা প্ৰমুখ কৃষ্ণ চন্দ্ৰ গান্ধীয়ছ উত্তৰ পূৰ্বাঞ্চলৰ বনবাসী অঞ্চলৰ শিক্ষাৰ প্ৰসাৰৰ বাবে বিশেষ ভাৱে অৰিহণা যোগাইছিল ।
পুৰস্কাৰ প্ৰদানৰ বাবে লক্ষীমপুকৰ জিলাৰ বিশিষ্ট ব্যৱসায়ী ৰাজেশ মালপানী দ্বাৰা ১,০০,০০০ লাখ টকা আৰ্থিক সাহাৰ্য্য হিচাপে প্ৰদান কৰে ।সমাৰোহত মহাৰাজা বীৰ বিক্ৰম বৰ্মা, বিশ্ববিদ্যালয়ৰ কুলপতি প্ৰফেছৰ সত্যদেৱ পোদ্দাৰ, ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কুলপতি প্ৰফেছৰ এম কে সিংহ, ত্ৰিপুৰাৰ উচ্চ শিক্ষা আয়োগৰ অধ্যক্ষ অৰুণোদয় সাহী, ভাৰতীয় সুচনা প্ৰদ্যোগিকী সংস্থান আগৰতলাৰ ডাইৰেক্টৰ প্ৰ: পি এছ অৱধানী প্ৰদূষণ নিয়ন্ত্ৰণা বোৰ্ডৰ চেয়াৰমেন প্ৰ: বি কে আগৰৱাল, ত্ৰিপুৰাৰ বিশিষ্ট শিক্ষাবিদ প্ৰ: জগদীশ গণ চৌধুৰী বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সহ সংগঠন মন্ত্ৰী ডা০ পৱণ তিৱাৰীবিদ্যা ভাৰতী শিশু শিক্ষা সমিতিৰ মন্ত্ৰী মনোজ নাথ, সয়োজক নীলমণী চক্ৰৱৰ্তী কাৰ্বী আংলং স্বায়ত্ব শাসী পৰিষদৰ সদস্য সৌগ সিংহ ৰংপী সপৰিয়ালে উপস্থিত থাকে ।সমাৰোহত ৫০০ ৰো অধিক গণ্যমাণ্য ব্যক্তি উপস্হিত থাকে । শেষত বন্দে মাতৰম্ গীতেৰে সমাৰোহ সম্পন্ন কৰে । আজি গুৱাহাটীত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ কাৰ্যলয় মন্ত্ৰী বিকাশ শৰ্মাই সাংবাদিক এক প্ৰছ বাৰ্তা যোগে উক্ত সন্দৰ্ভত জানিবলৈ দিয়ে ।

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *