Tuesday , October 15 2019
শেহতীয়া খবৰ
Home / মহানগৰ / ভিডিঅ’ গীত ‘হৈ – চৈ’ উন্মোচন

ভিডিঅ’ গীত ‘হৈ – চৈ’ উন্মোচন

 

ষ্টাফ ৰিপোৰ্টাৰ,,২১ মে।।। গুৱাহাটী প্ৰেছ ক্লাৱত মঙলবাৰে শিল্পী মণিকাঞ্চন আহোমৰ কণ্ঠ আৰু সুৰত ‘হৈ- চৈ’ শীৰ্ষক এটি গীতৰ ভিডিঅ’ উন্মোচন কৰা হয়। এন কে প্ৰডাকচনৰ বেনাৰত নিৰ্মিত দৃশ্য- শ্ৰৱ্য গীতটি উন্মোচন কৰে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁয়ে। উন্মোচনী ভাষণত তেওঁ কয়-” গীতটি সুন্দৰ হৈছে।নামটো সুন্দৰ হৈছে। বৰ্তমান চাৰিওফালে ‘হৈ চৈ’ পৰিবেশৰ সৃষ্টি হৈছে। এনে সময়ত এনেকুৱা গীতৰ খুবেই প্ৰয়োজন। বৰ্তমান গীতসমূহ পৰা এইটো গীত অলপ পৃথক। গীতটি সকলোৱে আদৰি লব বুলি আশা কৰিলো আৰু শিল্পী গৰাকীলৈ শুভেচ্ছা জনালোঁ।” উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা, প্ৰযোজক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি।

About Staff Reporter

চাব পাৰে

শ্ৰী শংকৰদেৱ নেত্ৰালয়ত বিশ্ব দৃষ্টি দিৱস পালন

  ষ্টাফৰিপৰ্টাৰ, ১০ অক্টোবৰ : প্ৰতি বছৰৰ অক্টোবৰ মাহৰ দ্বিতীয়টো বৃহস্পতিবাৰে সমগ্ৰ বিশ্বজুৰি “বিশ্ব দৃষ্টি …

Leave a Reply

Your email address will not be published. Required fields are marked *